Rupaliparda.com
সৈনিক শিল্পী কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি; অনুভূতি কাকতি গোস্বামী সহিতে ১১ গৰাকী শিল্পীৰ কণ্ঠৰে "বিশ্বৰে ছন্দে ছন্দে"- 1

সৈনিক শিল্পী কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি; অনুভূতি কাকতি গোস্বামী সহিতে ১১ গৰাকী শিল্পীৰ কণ্ঠৰে “বিশ্বৰে ছন্দে ছন্দে”-

আজি পবিত্ৰ ৰাভা দিৱস; মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰত্যেকটো প্ৰজন্মৰ লোকৰ বাবেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হৈছে আদৰ্শ। যি আদৰ্শক বুকুত বান্ধি তেওঁলোকে এই ক্ষেত্ৰখনত মনোনিৱেশৰ প্ৰয়াস কৰে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা ব্যক্তি গৰাকীয়ে আছিল বিষ্ণুপ্ৰসাদ ৰাভা।ৰাজনীতিবিদ, বিপ্লৱী সত্তাৰে ভৰপূৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল মনোৰঞ্জনৰ দিশৰ পৰাও অনন্য। তেওঁৰ ৰচিত সংগীতৰ দ্বাৰাই জাতিৰ সত্তা ঘূৰাই অনাৰ চেষ্টা কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাই নিজে বাণীবদ্ধ কৰা মুঠ ৩০ টা গীতৰ সম্ভেদ পোৱা গৈছে। তাৰে ২০ টা গীত পোনপ্ৰথমে গীতিকাৰৰ কণ্ঠৰ ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, বাদ্য, নৃত্যৰ বাবে শিক্ষক হিচাপেব নিয়োগ কৰা হৈছিল ক্ৰমে বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালচাঁদ আৰু গহৰজানবিবিক।গতিকে শেষলৈ বিষ্ণুপ্ৰসাদ এজন “এণ্টাৰটেইনাৰ” ৰূপেও গঢ় লৈ উঠিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ, অভিনেতা আছিল বাবেই তেওঁক “কলাগুৰু” আখ্যা দিয়া হয়। তেওঁ নিজ সৃষ্টিৰাজিৰ জৰিয়তে মানৱীয় প্ৰমূল্যৱোধৰ ছবি ডাঙি ধৰিবলৈ বিচাৰিছিল। ১৯৩৩ চনৰ জ্যোতিপ্ৰসাদৰ “জয়মতী”ৰ কামত সহায় কৰাৰ উপৰিও বাণ ৰংগমঞ্চত “কাৰেঙৰ লিগিৰী” নাটক খন মঞ্চস্থ কৰে বিষ্ণু প্ৰসাদ ৰাভাই। সংগীত পৰিচালনাৰ লগতে সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰে ৰাভাই। ইয়াৰ উপৰিও ১৯৩৬ চনত শোণিতকুঁৱৰী আৰু জয়মতী আদি ছবিসমূহৰ ৰেকৰ্ডিঙৰ সমস্ত দায়িত্ব বহন কৰাৰ লগতে অসমীয়া সত্ৰীয়া নৃত্য-গীত পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত প্ৰচাৰৰ চেষ্টা কৰে বিষ্ণুপ্ৰসাদে ৰাভাই। জাতিক নিকা কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছিল বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ সকলো দিশৰ পৰাই অসমীয়া জাতিটোক চহকী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়া হ’ল বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ত আপোনালোকক দিয়া এক থুলমুল আভাষ; আজিও এই ৰাভাই নৱপ্ৰজন্মক উৎসাহিত কৰি ৰাখে।


সৈনিক শিল্পী কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰৰ মুঠ ১১ গৰাকী শিল্পীয়ে লগ হৈ প্ৰস্তুত কৰি উলিয়াইছে বিষ্ণুপ্ৰসাদ ৰাভাৰ “বিশ্বৰে ছন্দে ছন্দে” শীৰ্ষক গীতটিৰ কভাৰ সংস্কৰণ। ক’ভিড প্ৰটকল সমূহৰ ফলত উক্ত প্ৰত্যেকগৰাকী শিল্পীয়ে নিজ নিজ বাসগৃহতেই থাকি অনলাইন যোগে প্ৰস্তুত কৰি উলিয়াইছে গীতটি; অৱশ্যে ভিডিঅ’টোৱে এই কথাটো স্পষ্ট কৰিছে। গীতটিৰ পৰিকল্পনা তথা সম্পাদনা হৈছে অনুভূতি কাকতি গোস্বামীৰ; আনহাতে গীতটিত কণ্ঠদান কৰা শিল্পী কেইজন হৈছে ক্ৰমে অনুভূতি কাকতি গোস্বামী, মঞ্জুশ্ৰী বৰুৱা, অনুষ্মা শৰ্মা, সম্প্ৰীতি গোস্বামী, মনমিত মহন্ত, মনদ্বীপ মহন্ত, কৌশিক দাস আৰু ঋষভ বৰুৱাই। ৰি-প্ৰডাকচনৰ দায়িত্বত আছে ইমন সেউজ গোস্বামী; আনহাতে, এই গীতটিৰ ভিডিঅ’টোত নৃত্য প্ৰদৰ্শন কৰিছে ত্ৰিদিশা শৰ্মা আৰু ইমন শৰ্মাই; চিত্ৰগ্ৰহণ কৰিছে ক্ৰমে ইমন, অনুভূতি, অভিনৱ কলিতা, মানৱজ্যোতি শৰ্মা, কবীৰ কাশ্যপ, অনুভৱ শৰ্মা, কৌশিক, ঋষভৰ লগতে মনদ্বীপ আৰু মনমিতে। উল্লেখ্য যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমটো লং প্লেয়িং ৰেকৰ্ড খনক নামাকৰণ কৰা হৈছিল “বিশ্বৰে ছন্দে ছন্দে” নামেৰে। লং প্লেয়িং ৰেকৰ্ডখনৰ এই গীতটিত শিল্পী লোকনাথ গোস্বামীয়ে কণ্ঠদান কৰাৰ লগতে সমস্ত কামখিনিত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। এই ৰেকৰ্ডখন সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ দ্বাৰা প্ৰযোজিত হৈছিল। লোকনাথ গোস্বামীদেৱৰ তত্বাৱধানতে এই গীতটি পুনৰবাৰ বাণীবদ্ধ কৰা হ’ল।

সৈনিক শিল্পী কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি; অনুভূতি কাকতি গোস্বামী সহিতে ১১ গৰাকী শিল্পীৰ কণ্ঠৰে "বিশ্বৰে ছন্দে ছন্দে"- 2

গীতটিৰ নতুন সংস্কৰণটোৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform