Rupaliparda.com
কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ নতুন গীত "মনকোঁৱৰ" 1

কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ নতুন গীত “মনকোঁৱৰ”

আকৌ এটি নতুন গীতৰ সৈতে সাজু হৈছে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। “মনকোঁৱৰ” শীৰ্ষক আন এটি গীতৰ জৰিয়তে ৰাইজৰ কাষ চাপিব কণ্ঠশিল্পী গৰাকী; ইতিমধ্যে ইনষ্টাগ্ৰামৰ জৰিয়তে গীতটিৰ কেইশাৰীমান জনসাধাৰণৰ মাজলৈ উলিয়াই দিছে কণ্ঠশিল্পী গৰাকীয়ে। শেহতীয়াকৈ, বহুল হাৰত চৰ্চা লাভ কৰিছিল প্ৰিয়ংকা ভৰালীয়ে। বহাগ বিহুৰ সময়ছোৱাত কন্ঠশিল্পী তথা সংগীত শিল্পী সমূহে ক’ভিড প্ৰটক’ল গম পোৱাৰ পিছতো ফাংচন সমূহ কৰা আৰু বিগত দিনত মনোৰঞ্জন ক্ষেত্ৰলৈ অহা অতিকৈ বেয়া খবৰ ভিতালী দাসৰ মৃত্যুৰ দিনাও প্ৰিয়ংকা ভৰালী আৰু বিপিন চাউদাঙে কৰা অনুষ্ঠানক কেন্দ্ৰ কৰি উক্ত ব্যক্তিগত সংবাদ মাধ্যমে ঋণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ বাবেই নিজ স্পষ্টীকৰণ ৰাইজৰ সমুখত দাঙি ধৰাৰ স্বাৰ্থত এটা ব্যক্তিগত সংবাদ মাধ্যমৰ টক-শ্ব’ ত উপস্থিত হৈছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী।পিছলৈ, টক-শ্ব চলি থকা সময়ত ঘোষক গৰাকীক প্ৰিয়ংকা ভৰালীয়ে নিজ যুক্তিৰে থকা-সৰকাও কৰাও দেখিবলৈ পোৱা যায়। সেই সময়ত, চচিয়েল মিডিয়াত কেৱল মাত্ৰ অনুৰাগী বুলিয়ে নহয়, তেওঁৰ সমৰ্থনত নামি পৰিছিল অসমীয়া শিল্পী সমাজো।

https://www.instagram.com/reel/CQRjfjZHCHY/?utm_source=ig_web_copy_link
কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ নতুন গীত "মনকোঁৱৰ" 2


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। বিগত বৰ্ষত তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “এধানি কলিজা” শীৰ্ষক গীতটিয়ে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ লগতে ক্ষন্তেকতে ই চচিয়েল মিডিয়াত লাভ কৰিছিল বহুল চৰ্চা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform