Rupaliparda.com
সৌৰভ শইকীয়াৰ "প্ৰতিশ্ৰুতি" ৰে খলকনি চচিয়েল মিডিয়াতঃ 1

সৌৰভ শইকীয়াৰ “প্ৰতিশ্ৰুতি” ৰে খলকনি চচিয়েল মিডিয়াতঃ

এখন ছবিয়ে যেনেদৰে আমাক এখন অইন পৃথিৱীলৈ টানি লৈ যায়; ঠিক তেনেদৰে এখন উপন্যাসে আমাক ঠিক একেখিনি সোঁৱাদেই প্ৰদান কৰে। আমি কল্পনা ৰাজ্যত উপন্যাস অথবা গল্পৰ এটা চৰিত্ৰক লৈ ঘূৰি ফুৰো; আৰু সেইবাবেই হয়টো আজৰি সময়ত কিতাপ পঢ়াটো বহুতৰেই অভ্যাস সদৃশ। কিতাপখনক লৈ কেতিয়াবা একোজন পঢ়ূৱৈয়ে নিদ্ৰাদেৱীৰ কোলাতো আশ্ৰয় লৈ পৰে; আনহাতে, আমি একাংশ এনেও পঢ়ূৱৈ দেখিছো যিয়ে একোখন উপন্যাস মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই শেষ কৰি পেলায়। অৱশ্যে বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিৰ ফলত বহু সুবিধা হোৱাও পৰিলক্ষিত হৈছে; যেনেদৰে ডিজিটেল প্লেটফৰ্মত আমি একোখন ছবি নাইবা চুটি ছবি উপভোগ কৰিব পাৰো ঠিক তেনেদৰে খণ্ড খণ্ডকৈ আমি একোখন উপন্যাসো চচিয়েল মিডিয়াৰ জৰিয়তে পঢ়িব পাৰোঁ। বিগত “লক-ডাউন” ৰ সময়ছোৱাত আমি প্ৰত্যেকেই স্তব্ধ হৈ পৰিছিলো বহু দিনৰ বাবে; একাংশই আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল যদিও আন একাংশই বহু দিনৰ অন্তত নিজ পৰিয়ালটোৰ সৈতে সময় অতিবাহিত কৰিবলৈ পাইছিল। আনহাতে আকৌ, আন একাংশই নিজৰ পূৰণি অভ্যাসটোকেই হওঁক অথবা নিজৰ সুপ্ত প্ৰতিভাটোকেই হওঁক আকৌ এবাৰ জনসাধাৰণৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিছিল। শেহতীয়াকৈ, চচিয়েল মিডিয়াত “প্ৰতিশ্ৰুতি” শীৰ্ষক এটি কাহিনীৰ মুঠ তিনিটা খণ্ডয়ে খলকনিৰ সৃষ্টি কৰিছে পঢ়ূৱৈৰ মাজত। শ্বেয়াৰ লাভ কৰিছে কাহিনীটোৱে; এগৰাকী পৰিচালক ৰূপে চিনাকী সৌৰভ শইকীয়াই এই কাহিনীটো লিখি উলিয়াইছে।

সৌৰভ শইকীয়াৰ "প্ৰতিশ্ৰুতি" ৰে খলকনি চচিয়েল মিডিয়াতঃ 2


অৱশ্যে, বিগত “লক-ডাউন” সময়তে সৌৰভ শইকীয়াই “প্ৰতিশ্ৰুতি” ৰ প্ৰথমটো অধ্যায় লিখি সমাপ্ত কৰিছিল আৰু শেহতীয়াকৈ তেওঁ আৰম্ভ কৰিছে ইয়াৰ দ্বিতীয়টো অধ্যায়। ৰহস্যধৰ্মী এই ধাৰাবাহিক গল্পটোৱে সমাদৰো লাভ কৰা দেখা পোৱা গৈছে। প্ৰকৃত প্ৰেম পাহৰিব পৰা নাযায়; চকুৰ আঁতৰ হ’লেও সি মনৰ কোনোবা এটা চোকত ক্ৰিয়া কৰি থাকে। আচলতে, এই ক্ৰিয়াই কেতিয়াবা ঋণাত্মক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰে। অৱশ্যে, বৰ্তমান আমি ধনাত্মক-ঋণাত্মক পৰ্যালোচনালৈ নাযাওঁ; মাত্ৰ এটাই কথা ক’ম যে এই “প্ৰতিশ্ৰুতি” ধাৰাবাহিক গল্পটোত আপোনালোক আটাইয়ে সোঁৱাদ প্ৰকৃত প্ৰেমৰ আজৱ শক্তিৰ; যি কোনো মূহুৰ্ততেই দূৰত যাবলৈ নিবিচাৰে। গল্পটোৰ নায়ক সঞ্জয়ো এগৰাকী প্ৰেমিক; তেওঁৰ প্ৰেম বৰষা কেতিয়াবাই চকুৰ আঁতৰ হৈছিল যদিও যেন এতিয়াও সঞ্জয় বৰষাক লৈ ব্যস্ত। বৰষা সুখ-দুখ, হাঁহি- কান্দোন বৰ্তমানেও সঞ্জয়ৰ জীৱনৰ আটাইকৈ আপোন। কিন্তু বৰষাৰ এই কল্পনাই সঞ্জয়ৰ জীৱনত কি বিভীষিকাৰ সৃষ্টি কৰে; সেয়া জানিবলৈ আপোনালোকে পঢ়িব লাগিব “প্ৰতিশ্ৰতি”। বৰ্তমান এই দ্বিতীয় অধ্যায়টো “অৰ্ধ আকাশ” নামে পেজটোত উপলদ্ধ। উল্লেখ্য যে, সৌৰভ শইকীয়া সহিতে তেওঁৰ বন্ধুবৰ্গই এই ধাৰাবাহিক গল্পটোক লৈ এখন ৱেব চিৰিজ নিৰ্মাণৰ পৰিকল্পনা কৰিছে; ইতিমধ্যে তেওঁলোকে এই বিষয়ত কথা বতৰা আৰম্ভ কৰিছে। চতূৰ্থ শ্ৰেণীত পঢ়ি থকা দিনৰে পৰা নাটকৰ সৈতে জড়িত হোৱা সৌৰভ লেখক ৰূপে আত্মপ্ৰকাশ কৰাত তেওঁৰ অনুৰাগী উৎসাহিত হৈ পৰিছে।

সৌৰভ শইকীয়াৰ "প্ৰতিশ্ৰুতি" ৰে খলকনি চচিয়েল মিডিয়াতঃ 3

সৌৰভ শইকীয়াৰ চুটি ছবিসমূহত লাভ কৰা নতুনত্ব সমূহৰ দৰে এই গল্পটিটো পঢ়ূৱৈয়ে লাভ কৰিছে ব্যতিক্ৰমী স্বাদ। এই দ্বিতীয় অধ্যায়ত এটা অগতানুগতিক কাহিনীৰে খণ্ড সমূহ আগবঢ়াই নিছে সৌৰভে। বাকী, আন তিনিটা খণ্ডৰ বাবে শেহতীয়াকৈ অপেক্ষাৰত প্ৰতিজন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform