Rupaliparda.com
সক্ৰিয় অসমীয়া জনপ্ৰিয় অভিনেতাঃ “বিষ্ণু খাৰঘৰীয়া” 1

সক্ৰিয় অসমীয়া জনপ্ৰিয় অভিনেতাঃ “বিষ্ণু খাৰঘৰীয়া”

৬০-৭০ দশকৰ পৰা বৰ্তমান সময়লৈ সক্ৰিয় অভিনেতা বিষ্ণু খাৰঘৰীয়া অভিনয় ক্ষেত্ৰখনৰ এক উল্লেখনীয় নাম। ডিব্ৰুগড়ৰ আমোলাপট্টীত জন্মগ্ৰহণ কৰা বিষ্ণু খাৰঘৰীয়াই প্ৰথম অভিনয় আৰম্ভ কৰিছিল পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত। ডিব্ৰুগড়ৰ বিখ্যাত জয়শ্ৰী সংঘৰ দ্বাৰা প্ৰযোজিত “লাচিত বৰফুকন” নাটকত প্ৰথম অভিনয় কৰিছিল এই অভিনেতা গৰাকীয়ে। তাৰ পিছতেই তেওঁ “কাশ্মীৰ কুমাৰী” নামে নাটখনত অভিনয় কৰে। সত্তৰ দশকৰ সময়ছোৱাত এগৰাকী মঞ্চশিল্পী ৰূপে ব্যস্ত হৈ পৰা বিষ্ণু খাৰঘৰীয়াই আৰ্থাৰ মিলাৰৰ “ভিউ ফ্ৰম দি বীজ”, উৎপল দত্তৰ “লেনিনৰ আহ্বান”, দেউতি বৰুৱাৰ “কেপ্তেইন হুৰৰা” আদি নাটকত তেওঁ অভিনয় কৰে। ১৯৪৬ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ১৯৮০ চনত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰত খোজ দিয়ে “আৰাধনা থিয়েটাৰ” ৰ যোগেৰে আৰু ইয়াৰ পিছত তেওঁ ১৯৯৬- ৯৮ চনলৈ তেওঁ ক্ৰমে হেঙুল আৰু বিষ্ণুজ্যোতি থিয়টাৰৰ সৈতে জড়িত থাকে।

সক্ৰিয় অসমীয়া জনপ্ৰিয় অভিনেতাঃ "বিষ্ণু খাৰঘৰীয়া" 2
সক্ৰিয় অসমীয়া জনপ্ৰিয় অভিনেতাঃ "বিষ্ণু খাৰঘৰীয়া" 3


ডিব্ৰুগড় অনাঁতাৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত কেইবাখনো নাটকত অভিনয় কৰা এই অভিনেতা গৰাকীৰ অভিনীত কেইখন মান উল্লেখনীয় নাট হৈছে “ছাংলট ফেনলা”, “বলিয়া গোঁসাই” আৰু “কাল শংখ”। ডিব্ৰুগড় অনাঁতাৰ কেন্দ্ৰত থকা অৱস্থাত বিষ্ণু খাৰঘৰীয়াই “মানুহ” নামে এখন টেলিনাটৰ ৰচনা তথা পৰিচালনা কৰে। এই গৰাকী অভিনেতাই ছবি জগতত খোজ পেলাই ১৯৭০ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত “অৰণ্য” নামৰ ছবিখনৰ দ্বাৰা। ইয়াৰ পিছত এই অভিনেতা গৰাকীয়ে প্ৰায় ৩৬ খনতকৈ অধিক অসমীয়া ছবিত অভিনয় কৰে। তেওঁৰ ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য এখন ছবি “সাগৰলৈ বহু দূৰ (১৯৯৫)” ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচিত্ৰ প্ৰতিযোগিতাত জুৰীৰ বিশেষ উল্লেখ লাভ কৰাৰ লগতে ১৯৯৬ চনত ছিংগাপুৰৰ আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰে।

সক্ৰিয় অসমীয়া জনপ্ৰিয় অভিনেতাঃ "বিষ্ণু খাৰঘৰীয়া" 4


ৰঞ্জিত দাসৰ “সংস্কাৰ” ৰ বাবে বিষ্ণু খাৰঘৰীয়াই ৰাজ্যিক চলচিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ উপৰিও “জীৱন-তৃষ্ণা” ছবিখনৰ বাবে এন ই টিভিয়ে তেওঁক শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান প্ৰদান কৰে। “সোণমা” ছবিখনৰ বাংলা সংস্কৰণ “মণিমা” ত বিষ্ণু খাৰঘৰীয়াই অভিনয় কৰাৰ উপৰিও ছবিখন পৰিচালনা কৰে। তেওঁৰ সৈতে এই ছবিখন পৰিচালনা কৰে জনপ্ৰিয় পৰিচালক নিপ বৰুৱাই। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত হিন্দী ছবি “তিতলি উড়ী” আছিল বিষ্ণু খাৰঘৰীয়া অভিনীত প্ৰথমখন হিন্দী ছবি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform