Rupaliparda.com
অত্যাধিক নিচাই কিমান ক্ষতি কৰিব! ৰাইজৰ মাজলৈ "মগজু"- 1

অত্যাধিক নিচাই কিমান ক্ষতি কৰিব! ৰাইজৰ মাজলৈ “মগজু”-

চুটি ছবি আৰু আমি; প্ৰথমতেই আপোনালোকক কয় থওঁ যে, আমি শেহতীয়াকৈ যি সমূহ চুটি ছবি উপভোগ কৰিছো সেয়া প্ৰতিখন চুটি ছবিয়ে আমাক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ উপস্থাপন শৈলীও আছিল মন কৰিবলগীয়া। একোখন চুটি ছবিৰ নতুন কাহিনী আৰু নিৰ্মাতা গোষ্ঠীৰ মন কৰিবলগীয়া উপস্থাপন শৈলীয়ে চুটি ছবিসমূহক জনসাধাৰণৰ সমুখত আৰু অধিক উপভোগ্য কৰি তোলে। আনহাতে, আপোনালোকে অকণমান ভালদৰে মন কৰিলে দেখিব যে এই আটাইবোৰ উপভোগ্য চুটি ছবিসমূহৰ সৈতে জড়িত হৈ আছে একোজন নৱপ্ৰজন্ম; তেওঁলোকৰ সমগ্ৰ টীমটোৱে জনসাধাৰণৰ সমুখত নিজ নিজ প্ৰতিভাক সুন্দৰ ৰূপত দাঙি ধৰাৰ প্ৰচেষ্টাত বৰ্তি থাকে।স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো। নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো। শেহতীয়াকৈ আন এটি নৱপ্ৰজন্মৰ দলৰ দ্বাৰা মুক্তি লাভ কৰিছে চুটি ছবি “মগজু”। Dip Shayan Creation ৰ বেনাৰত নিৰ্মাণ কৰি উলিওৱা এই চুটি ছবিখনৰ কাহিনীভাগো হৈছে সম্প্ৰতি পৰিস্থিতিৰ সৈতে খাপ খোৱা।


বিগত দিনত নতুন চৰকাৰৰ আদেশনুসৰি ভিন্ন নিচাজাতীয় দ্ৰব্যৰ ঘাঁটি উৎখাত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। নৱপ্ৰজন্মই বহুত ভাল কাম কৰি আছে; আচলতে সম্প্ৰতি প্ৰত্যেকখন ক্ষেত্ৰতে নৱপ্ৰজন্মৰ প্ৰতিভা নুই কৰিব নোৱাৰি। কিন্তু এয়াও সত্য যে, একাংশ নৱপ্ৰজন্ম গুটখা জাতীয় বস্তুৰ সেৱন কৰি ইমানেই অধিক ধ্বংসৰ গৰাললৈ নামিছে যে তাৰ পৰা তেওঁলোকক উলিয়াই অনাটোও একপ্ৰকাৰ প্ৰশ্ন হৈ পৰিছে। আমি প্ৰায়ে সংবাদ মাধ্যমত দেখো অথবা সংবাদ পত্ৰযোগে পঢ়ো যে অনাগত দিনত অতিশীঘ্ৰেই দোকান সমূহৰ পৰা গুটখা, পান অথবা ভিন্ন নিচা জাতীয় পণ্যৰ বিক্ৰী বন্ধ হ’ব। কিন্তু পিছলৈ গৈ এই আটাইবোৰ হয় পৰে ফুটুকাৰ ফেন। নৱপ্ৰজন্মৰ এনে এক বিষয়ক লৈয়ে “মগজু” শীৰ্ষক এক উল্লেখনীয় চুটি ছবিৰ পৰিকল্পনা কৰা হৈছে। একোজন নৱপ্ৰজন্মৰ “নিচা”ৰ অভ্যাসে প্ৰতিটো মিনিটত তেওঁক ধ্বংস কৰাৰ লগতে তেওঁৰ পৰিয়াল তথা তেওঁৰ আহিবলগীয়া সময়কো ধবংসৰ কুঁৱালৈ ঠেলি পঠিয়ায়। অত্যাধিক নিচাই কেতিয়াবা বিচাৰ-বুদ্ধিৰ ক্ষমতাও নাশ কৰি পেলায়; “মগজু” শীৰ্ষক এই চুটি ছবিখনৰ পৰিচালনা সৌনাক শয়ন আৰু লেনিন বৰাৰ। চুটি ছবিখনৰ বিষয়বস্তু নেকিব আহমেদৰ; চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে ৰেখাশ্ৰী। কাহিনী ৰেখাশ্ৰী হাজৰিকা আৰু নেকিবৰ। আনহাতে, ইয়াত অভিনয় কৰিছে নেকিব আহমেদ আৰু জোনাকী মন।

অত্যাধিক নিচাই কিমান ক্ষতি কৰিব! ৰাইজৰ মাজলৈ "মগজু"- 2

চুটি ছবিখনৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform