Rupaliparda.com
ৰহস্য, চাচপেন্স, থ্ৰীলাৰ আদি ভিন্ন স্বাদযুক্ত ধ্ৰুৱজ্যোতি কাশ্যপৰ ধাৰাবাহিক "চক্ৰবেহু"- 1

ৰহস্য, চাচপেন্স, থ্ৰীলাৰ আদি ভিন্ন স্বাদযুক্ত ধ্ৰুৱজ্যোতি কাশ্যপৰ ধাৰাবাহিক “চক্ৰবেহু”-

পৰিচালক এজনে যেতিয়া নিজকে এটা নিৰ্দ্দিষ্ট পৰিসীমাৰ মাজত বান্ধি ল’বলৈ টান পায় তেতিয়া আচলতে নতুনৰ সূচনা হয়। সময়ে সময়ে শ্ৰোতা-দৰ্শকৰ সলনি হোৱা ৰুচিবোধৰ পৰিপ্ৰেক্ষিতত যেতিয়া একোটা নতুন প্ৰকল্পই মুক্তি লাভ কৰে তেতিয়া তাক লৈ জনসাধাৰণ উৎসাহী হোৱাও পৰিলক্ষিত হয়। য’ত দৰ্শকৰ ইচ্ছা থাকে তাত নিজৰ ১০০ শতাংশই দিবলৈ বিচৰা পৰিচালক ধ্ৰুৱজ্যোতি কাশ্যপৰ পৰিচালনাৰে সম্প্ৰচাৰ লাভ কৰিছে আন এখন নতুন ধাৰাবাহিক “চক্ৰবেহু”। বিগত ১৪ জুন তাৰিখৰ পৰা ধাৰাবাহিকখনে সম্প্ৰচাৰ লাভ কৰিলেও ই দৰ্শকক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে; আচলতে, ধাৰাবাহিকখনৰ ট্ৰেইলাৰটোৱে মুক্তিৰ পূৰ্বৰে পৰা উৎকণ্ঠিত কৰিছিল দৰ্শক সমাজক। ৰং চেনেল যোগে সম্প্ৰচাৰিত এই ধাৰাবাহিক খন আপোনালোকে উপভোগ কৰিবলৈ পাব সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত। অসমীয়া ছবি, চুটি ছবি সমূহৰ সমান্তৰালকৈ অসমীয়া কেইবাখনো ধাৰাবাহিকে ইতিমধ্যে দৰ্শকক আমোদ প্ৰদানত সক্ষম হৈছে। ধাৰাবাহিক সমূহৰ কাহিনীৰ জনপ্ৰিয়তা অথবা ইয়াত অন্তৰ্ভূক্ত অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয়ে এই ধাৰাবাহিক সমূহক আৰু অধিক গ্ৰহণ যোগ্য কৰি তোলাত সক্ষম হৈছে। কেৱল মাত্ৰ ইমানে নহয়; মলয়া গোস্বামীকে আৰম্ভ কৰি ৮০- ৯০ দশকৰ পৰা বৰ্তমানলৈ অভিনয় ক্ষেত্ৰখনত ৰাজত্ব কৰা আন কেইবাগৰাকীও অভিনেত্ৰীও এই ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ দ্বাৰা ইয়াক চৰ্চিত কৰি তুলিছে সচেতন মহলত। শেহতীয়াকৈ সম্প্ৰচাৰিত এই ধাৰাবাহিক খন চৰ্চিত হোৱাৰ আঁৰত আছে অইন এক কাৰণ; ইয়াক মুক্তিৰ পূৰ্বেই নামাকৰণ কৰা হৈছে “অগতানুগতিক” ৰ দৰে এক শব্দৰে।


ৰহস্য, চাচপেন্স, থ্ৰীলাৰেৰে পৰিপূৰ্ণ “চক্ৰবেহু” ত ৰাইজে এটা কাহিনীৰ জৰিয়তে যে ভিন্ন স্বাদ পাব সেই কথা নিশ্চিত কৰিছে পৰিচালক ধ্ৰুৱজ্যোতি কাশ্যপে। ৰহস্য, থ্ৰীলাৰ থাকিলেও “চক্ৰবেহু” ত আছে পাৰিবাৰিক এক কাহিনীও। কৃষ্ণ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ধাৰাবাহিকখনৰ প্ৰযোজনা দিব্য জ্যোতি ডেকা আৰু স্মৃতিৰেখা শইকীয়াে। উক্ত ধাৰবাহিকখনৰ কাহিনীভাগো হৈছে প্ৰযোজনাৰ দায়িত্বত থকা দিব্যৰ। চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে নয়ন সাউদ আৰু ৰিণ্টু বৰা। ধাৰাবাহিকখনত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে ছিমি দাস, সিদ্ধান্ত কলিতা, ভগৱত প্ৰীতম, ঈশান হাজৰিকা, জয়শ্ৰী গোস্বামী, দেৱযানী নাথ, গুণাকৰ দেৱ গোস্বামী, দিগন্ত মজুমদাৰ, দিব্যজ্যোতি ডেকা, পল্লৱ বৰা, নিশা কাশ্যপ, ৰাখী শইকীয়া, ৰাগিনী শৰ্মা, বিশ্বজিৎ ওজা, পুলকেশ ভট্টাচাৰ্য্য, বিশাল গগৈ, চুইটী সৰকাৰ, পিংকী শৰ্মা, স্মৃতি ৰেখা শইকীয়া, পাৰ্থ প্ৰতীম হালৈ, প্ৰাণজিৎ কলিতা, পৰমেশ্বৰ বৰ্মন, পংখী হাজৰিকা, ভাগ্যশ্ৰী, অনামিকা স্বৰ্গীয়াৰী, ভাৰ্গৱ, আকাশ, সুৰেশ পোদাৰ, নগেন ডেকাকে আদি কৰি বহু ন-পূৰণি শিল্পীয়ে। শিশু শিল্পী ৰূপে আছে মণিষ ভূঞা, হিনা কাশ্যপ আৰু মিষ্টিয়ে। আনহাতে, সহঃ পৰিচালকৰ দায়িত্বত আছে পাৰ্থ প্ৰতিম হালৈ লগতে মূখ্য সহঃপৰিচালকৰ দায়িত্বত আছে চিমি দাস।

ৰহস্য, চাচপেন্স, থ্ৰীলাৰ আদি ভিন্ন স্বাদযুক্ত ধ্ৰুৱজ্যোতি কাশ্যপৰ ধাৰাবাহিক "চক্ৰবেহু"- 2
ৰহস্য, চাচপেন্স, থ্ৰীলাৰ আদি ভিন্ন স্বাদযুক্ত ধ্ৰুৱজ্যোতি কাশ্যপৰ ধাৰাবাহিক "চক্ৰবেহু"- 3

“চক্ৰবেহু” ধাৰাবাহিকখনৰ শীৰ্ষগীতৰ কথা দেৱশীষ নাথৰ; গীতটিত কণ্ঠদান কৰিছে পল মহন্তই। সুৰ আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে ক্ৰমে কৃষাণু বৰুৱা আৰু পল মহন্ত। আৱহ গীত পৰাগ প্ৰিয়ম নাথৰ লগতে দৃশ্যগ্ৰহণ কৰিছে বিপুল দাস আৰু কিংকুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform