Rupaliparda.com
মিলিন্দ সুমনৰ ১ মিনিটত কিমান "pushups"? 1

মিলিন্দ সুমনৰ ১ মিনিটত কিমান “pushups”?

মডেল আৰু এগৰাকী অভিনেতা মিলিন্দ সুমনৰ বয়স ৫৫ হ’লেও তেওঁৰ ফিটনেছ উল্লেখনীয়; ফিটনেছৰ দিশটোক লৈ তেওঁ প্ৰায় প্ৰতিজন ব্যক্তিকে অনুপ্ৰেৰিত কৰি আহিছে। শেহতীয়াকৈ এই অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে পোষ্ট কৰিছে এক ভিডিঅ’; য’ত ভিডিঅ’টোত তেওঁ ১ মিনিটত ৪০ টা পুছ-আপ কৰে। তেওঁৰ এই ভিডিঅ’টোৱে চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ফেশ্বন জগত খনৰ এটা উল্লেখনীয় নাম হৈছে মিলিন্দ সুমন। মডেলিং তথা অভিনয়ৰ দ্বাৰাও এই গৰাকী শিল্পীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। ৯০ দশকৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হৈছিল মিলিন্দ সুমন। কিন্তু, সাংস্কৃতিক জগত খনৰ বাবে নহয়; চচিয়েল মিডিয়াত তেওঁ ট্ৰোল হৈছিল নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আছলতে, এজন চেলিব্ৰটীৰ পাৰ্ছনেল আৰু প্ৰফেচনেল লাইফৰ ওপৰত ভিত্তি কৰিয়েই বাতৰি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় আৰু এয়াই হৈছিল মিলিন্দৰ সৈতে। কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৫ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ৩০ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক।


শৰীৰচৰ্চা হৈছে বৰ্তমান সময়ৰ বাবে উপযোগী; গতিকে তেনেক্ষেত্ৰত মিলিন্দ সুমনৰ ফিটনেছকেন্দ্ৰিক একাংশ ভিডিঅ’ আৰু ফটোৱে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। বিগত দিনত মহাৰাষ্ট্ৰত ক’ৰোণা মহামাৰীৰ বৰ্ধিত হাৰৰ বাবে চিলেব্ৰেটীসকলো চিন্তাগ্ৰস্ত হৈছিল; আনকি মিলিন্দ সুমন নিজেও বিগত দিনত ক’ভিড পজিটিভ হৈ পৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.