Rupaliparda.com
অহা ৩ জুলাইত মুক্তি বহু প্ৰত্যাশিত চুটি ছবি "Love Birds"- 1

অহা ৩ জুলাইত মুক্তি বহু প্ৰত্যাশিত চুটি ছবি “Love Birds”-

অহা ৩ জুলাইত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত চুটি ছবি “Love Birds”। KC Digital Films ৰ বেনাৰত আহিবলগীয়া চুটি ছবিখনৰ বাবে শেহতীয়াকৈ অপেক্ষাৰত বহু জনসাধাৰণ। এটি নতুন যুঁটি আৰু এটা নতুন কাহিনীৰ সৈতে আহিবলৈ সাজু হৈছে “Love Birds”। চুটি ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খনেই ইমান অধিক খলকনিৰ সৃষ্টি কৰিছিল যে বৰ্তমান মুক্তিৰ তাৰিখ জনাৰ পিছত প্ৰতিজন উৎসাহিত হৈ পৰিছে। “Arranged”, “মায়া বাইদেউ” ৰ মুক্তিৰ পিছত এইখন হৈছে উক্ত প্ৰডাকচন হাউটোৰ পৰৱৰ্তী প্ৰচেষ্টা। এই চুটি ছবিখনৰ পৰিচালনা সমুজ্জল কাশ্যপৰ; এই পৰিচালক গৰাকী জড়িত প্ৰতিটো প্ৰকল্পই উচ্চ মানদণ্ডৰ বুলি প্ৰশংসা কৰাৰ লগতে তেওঁৰ উপস্থাপন শৈলীত ব্যতিক্ৰমী চিন্তা আছে বুলিও একাংশ দৰ্শকে মন্তব্য কৰি আহিছে। “Love Birds” ত দৰ্শকবৃন্দই এটি নতুন যুঁটিকো দেখিবলৈ পাব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে চিনাকী লাভ কৰা অভিনেত্ৰী আলিস্মিতা গোস্বামীৰ লগতে ইয়াত আন এটি মূখ্য চৰিত্ৰত অভিনয় কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ খোজ পেলাই অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি লোৱা অভিনেতা অচিন্ত ৰাজ কাশ্যপে। আনহাতে, “Arranged” নামে চুটি ছবিখনত এটি বিশেষ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেতা তথা নৱপ্ৰজন্মৰ প্ৰতিভা হৰ্ষ সিদ্ধান্তৰ অভিনয় এইবাৰো এইখন চুটি ছবিৰ জৰিয়তে উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে, ইয়াত অভিনয় কৰিছে হিৰণ্য অধিকাৰীয়ে।

অহা ৩ জুলাইত মুক্তি বহু প্ৰত্যাশিত চুটি ছবি "Love Birds"- 2
অহা ৩ জুলাইত মুক্তি বহু প্ৰত্যাশিত চুটি ছবি "Love Birds"- 3

২০ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ।মহানগৰীত কৰ্মব্যস্ততাৰ সৈতে জীৱন যাত্ৰা আগুৱাই লৈ গৈ থকা একাংশ নৱপ্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় দৃশ্যগ্ৰহণকাৰী নগেন বৈশ্যই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform