Rupaliparda.com
মজদুৰৰ একাউণ্টত ছলমান খানৰ ১৫০০ টকাৰ অনুদানঃ 1

মজদুৰৰ একাউণ্টত ছলমান খানৰ ১৫০০ টকাৰ অনুদানঃ

আকৌ এবাৰ ফুটি উঠিল ষ্টাৰ ছলমান খানৰ মহানুভৱতা। ছলমান খানে বিগত বৰ্ষৰ দৰে এইবাৰো চিনে ৱৰ্কাচক সহায় আগবঢ়াইছে। তেওঁ প্ৰত্যেকগৰাকী চিনে ৱৰ্কাৰৰ একাউণ্টত ১৫০০ টকাকৈ অনুদান দিয়ে। Fedaration Of Western India Cine Employees (FWICE) ৰ অধ্যক্ষ বীএন তিৱাৰীয়ে এই বিষয়ত কয় যে, “ছলমান খান বলীউডৰ ডাঙৰ হৃদয়ৰ অভিনেতাৰ মাজৰ এগৰাকী। যেতিয়া আমাক কোনো সময়ত সহায়ৰ প্ৰয়োজন হয়, তেতিয়াই তেওঁ আগবাঢ়ি আহে। তেওঁ ইয়াৰ পূৰ্বেও “লক-ডাউন” হোৱাত আমাৰ কৰ্মচাৰী সমূহক সহায় কৰিছিল। আমি তেওঁৰ ওচৰত কৃতজ্ঞ; আৰু ভৱিষ্যতেও যেতিয়া আমাৰ কৰ্মচাৰীক সহায় লাগে তেতিয়া তেওঁ সহায় কৰিম বুলি মন্তব্য কৰে।”ক’ৰোণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে পুনৰ বাৰ ৰাইজক ব্যতিব্যস্ত কৰি তোলাত সক্ষম হৈছে। আকৌ এবাৰ, মজদুৰ শ্ৰেণীৰ লোকসকলৰ জীৱনলৈ এক প্ৰত্যাহ্বান নামি আহিছে; মজদুৰ শ্ৰেণীৰ একাংশই শেহতীয়াকৈ নিজ নিজ বাসগৃহলৈ উভতি অহাৰ সমান্তৰালকৈ একাংশ চিন্তাগ্ৰস্ত হৈছে। কিন্তু, এই আটাইবোৰ বিভীষিকাৰ মাজত সকাহ হৈ থিয় দিছে একাংশ তাৰকা-শিল্পী; বিগত বৰ্ষত ক’ৰোণাৰ প্ৰথমটো ঢৌৰ সময়ত বহু মজদুৰক আৰ্থিক দিশটোৰ পৰা আৰম্ভ তেওঁলোকৰ থকা-খোৱাৰ ক্ষেত্ৰতো সহায় আগবঢ়াইছিল অভিনেতা ছলমান খানে।

ঠিক তেনেদৰে কিছুদিন পূৰ্বে, মজদুৰ শ্ৰেণীলৈ আহাৰৰো ব্যৱস্থা কৰিছিল অভিনেতা গৰাকীয়ে; চচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল য’ত অভিনেতা ছলমান খানে মজদুৰ শ্ৰেণীক খাদ্যৰ যোগান ধৰি থকা অৱস্থাত তাত উপস্থিত থাকি যোগান ধৰা খাদ্যসমূহৰ প্ৰথমে সোঁৱাদ লয় আৰু তাৰপিছতহে মজদুৰ সকললৈ প্ৰেৰণ কৰে। মহানুভৱতাৰ নিদৰ্শন দাঙি ছলমান খানে কৰা এই কামৰ প্ৰশংসা কৰিছে এতিয়া তেওঁৰ প্ৰতিজন অনুৰাগীৰ লগতে দৰ্শকে। উল্লেখ্য যে, ছলমান খানৰ চলিত বৰ্ষৰ ঈদত মুক্তিপ্ৰাপ্ত ছবি “ৰাধে” যদিও প্ৰত্যাশিত আছিল তথাপিও ই মুক্তিৰ পিছত জনসাধাৰণৰ ঋণাত্মক সমালোচনাৰ সন্মুখীন হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform