Rupaliparda.com
|| আমিৰ খানৰ এক অধ্যায় ||- উৎপল মেনা 1

|| আমিৰ খানৰ এক অধ্যায় ||- উৎপল মেনা

লাল সিং চড্‌ঢা ” ( Lal Singh Chadha )কেন্দ্ৰীক চৰ্চাৰ শেষ নাই ! ৩১ অক্তোবৰত , ২০১৯ ত চিনেমা খন ফ্ল’ৰলৈ আহিছিল । আৰু সেই দিনটোৰে পৰা দেশৰ ১০০ ৰো বেছি স্থানত চিত্ৰগ্ৰহন হৈছিল । শেষ হৈছিল । সম্পুৰ্ণ হৈছে । চৰ্চা হৈছে আমেৰিকান ‘হাস্য-নাট্য ‘চিনেমা ‘ ফৰেষ্ট গাম্প ‘ (১৯৯৪) ৰ বুনিয়াদত চিত্ৰনাট্য ৰচনা কৰিছে এই হিন্দী চিনেমা খনৰ । চিত্রনাট্য অতুল কুলকৰ্নিৰ । ( অতুল কুলকার্নি নাট্যকৰ্মী , অভিনেতা । হিন্দি, মাৰাঠি, কন্নড়, মালায়ালাম, তামিল আৰু তেলেগু ভাষাৰ চিনেমাৰ অভিনেতা । ‘ হে ৰাম ‘ আৰূ ‘ চাঁদনী বাৰ ‘ত কৰা অভিনয়ৰে সহ অভিনেতাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । ) পৰিচালনা কৰিছে অদ্বৈত চন্দনে । — এই যে চিনেমা খন চৰ্চাৰ বিষয় হৈছে , চৰ্চাৰ কাৰণ আমিৰ খান , কেৱল আমিৰ । কেন্দ্ৰীয় চৰিত্ৰটোত অভিনয় কৰিছে আমিৰ খানে ( আমিৰৰ বিপৰীতে কৰিনা কাপুৰ ) । পত্নী কিৰণ ৰাৱৰ সৈতে আমিৰ খানে চিনেমা খন প্ৰযোজনাও কৰিছে । এই খিনিতে আমিৰ খানে প্ৰযোজনা কৰা চিনেমা কেইখন মনত পেলাইছো : ২০০১ত ‘ লাগান ‘ (পৰিচালক : আশুতোষ গোয়াৰিকৰ ) । ২০০৭ ত ‘ তাৰে জমিন পৰ ‘ ( পৰিচালনা : আমিৰ খান ) । ২০০৮ত ‘ জানে তু ইয়া জানে না ‘ ( পৰিচিলক : আব্বাছ টায়াৰৱালা ) ।
২০১০ ত ‘ পিপলি লাইভ’ ( পৰিচিলক : আনুশা ৰিজভি ) । ২০১১ ত ‘ ধোবি ঘাট ‘ ( পৰিচিলক : কিৰণ ৰাও ) । ২০১১ত ‘ দিল্লি বেলি ‘ ( পৰিচালক : অভিনয় দেও ) । ২০১২ ত ‘তালাশ ‘ ( পৰিচালক : ৰীমা কাকতি ) । ২০১৬ত ‘ দংগল ‘ ( পৰিচালক : নিতেশ তিৱাৰী ) , ২০১৭ ত ‘ ছিক্রেট ছুপাৰস্টাৰ ( পৰিচিলক : অদ্বৈত চন্দনে ) । — আমিৰ খানে নিৰ্মাণ কৰা এই চিনেমা কেইখন বিশ্লেষণ কৰিলে স্পষ্ট হয় — পৰিচালনা শৈলী , গল্প কোৱাৰ কৌশল , বিষয়বস্তু ব্যতিক্ৰম । ন – ন চিনেচিন্তা স্পষ্ট । ‘লগান ‘ আৰু ‘ দংগল ‘ ত অভিনয় ক্ষমতাৰে আমিৰে ‘ চিনেমাৰ অভিনয় ‘ক বিশেষ পৰ্যায়ত প্ৰতিস্থা কৰিছে । গতিকে আমিৰে অভিনয় কৰা , আমিৰে নিৰ্মাণ কৰা চিনেমা চৰ্চালৈ অহা আৰু চিত্ৰৰসিকে আশাৰে অপেক্ষা কৰা অস্বাভিক খবৰ নহয় ।


— মন কৰক আমিৰে অভিনয় কৰা চিনেমাৰ তালিকালৈ : ১৯৭৩ ত ‘ ইয়াদোঁ কি বাৰাত ‘ ( কিশোৰ অভিনেতা ) । ১৯৭৪ ত ‘ মদহোছ ‘ ( কিশোৰ অভিনেতা ) । ১৯৮৪ ত ‘ হোলি ‘ ( চৰিত্ৰ : মদন শর্মা ) । ১৯৮৮ ত ‘ কেয়ামাত সে কেয়ামাত তক ‘ ( চৰিত্ৰ : ৰাজ ) । ১৯৮৯ত ‘ ৰাখ ‘ ( চৰিত্ৰ : আমিৰ হুসেন ) , ‘ লাভ লাভ লাভ ‘ ( চৰিত্ৰ : অমিত ) ১৯৯০ ত ‘ আৱাল নাম্বাৰ ‘ ( চৰিত্ৰ : ছানি ) , ‘ তুম মেৰে হো ‘ ( চৰিত্ৰ : শিৱ ) , ‘ দিল ‘ (চৰিত্ৰ : ৰাজা ) , ‘ দিৱানা মুঝছা নেহি ‘ (চৰিত্ৰ : অজয় শর্মা ) , ‘ জোৱানি জিন্দাবাদ ‘ ( চৰিত্ৰ : শশি ) ।


১৯৯১ ত ‘ আফছানা প্যাৰ কা ‘ ( চৰিত্ৰ : ৰাজ ) ,
‘ দিল হ্যায় কে মানতা নেহি ‘ ( চৰিত্ৰ : ৰঘু ) ,
‘ ইছিকি কা নাম জিন্দেগি ‘ ( চৰিত্ৰ : ছোটু ) ,
‘ দৌলত কি জং ‘ ( চৰিত্ৰ : ৰাজেশ চৌধুৰী ) ।
১৯৯২ত ‘ জো জিতা ৱহি ছিকন্দৰ ‘ ( চৰিত্ৰ : সঞ্জয়লাল শর্মা ) । ১৯৯৩ ত ‘ পৰম্পৰা ‘ ( চৰিত্ৰ : ৰণবীৰ পৃথ্বী সিংহ ) , ‘ হাম হ্যায় ৰাহি প্যাৰ কে ‘ ( চৰিত্ৰ : ৰাহুল মালহোত্রা ) ।
১৯৯৪ ত ‘ আন্দাজ আপনা আপনা ‘ ( চৰিত্ৰ : অমৰ ) । ১৯৯৫ ত ‘ বাজি ‘ ( চৰিত্ৰ : ইন্সপেক্টৰ অমৰ দামজি ) , ‘ আতঙ্ক হি আতঙ্ক ‘ (চৰিত্ৰ : ৰহন ) , ‘ ৰংগীলা ‘ ( চৰিত্ৰ : মুন্না ) , ‘ আকেলে হম আকেলে তুম ‘ (চৰিত্ৰ : ৰহিত ) । ১৯৯৬ ত ‘ ৰাজা হিন্দুস্তানি ‘ ( চৰিত্ৰ : ৰাজা ) । ১৯৯৭ ত ‘ ইস্ক ‘ ( চৰিত্ৰ : ৰাজা ) । ১৯৯৮ ত ‘ গোলাম ‘ ( চৰিত্ৰ : সিদ্ধার্থ মাৰাঠে ) । ১৯৯৯ ত ‘ ছৰফৰোশ ‘ ( চৰিত্ৰ : অজয় সিং ৰাঠোৰ ), ‘ মন ‘ ( চৰিত্ৰ : কৰণ দেব সিং ) , ‘আর্থ ‘ ( চৰিত্ৰ : দিল নাভেজ ) ।
২০০০ত ‘ মেলা ‘ ( চৰিত্ৰ : কিশান পেয়াৰে ) ।
২০০১ ত ‘ লগান ‘ ( চৰিত্ৰ : ভুৱন ) , ‘ দিল চাহ্‌তা হ্যাঁয় ‘ ( চৰিত্ৰ : আকাশ মালহোত্রা ) ।
২০০৫ ত ‘ মঙ্গল পাণ্ডে: দ্য ৰাইজিং ‘ ( চৰিত্ৰ : মঙ্গল পাণ্ডে ) । ২০০৬ ত ‘ ৰং দে বাসন্তি ‘ ( চৰিত্ৰ : দালজিৎ সিং ওৰফে ডিজে ) , ‘ ফানা ‘ (চৰিত্ৰ : ৰেহান কাদৰি ) । ২০০৭ত ‘ তাৰে জমিন পৰ ‘ ( চৰিত্ৰ : ৰাম শঙ্কৰ ) । ২০০৮ ত ‘ গজনী ‘ ( চৰিত্ৰ : সঞ্জয় সিঙ্ঘানিয়া ) । ২০০৯ত ‘ থ্রি ইডিয়টছ ‘ ( চৰিত্ৰ : ৰেঞ্চো ) । ২০১০ ত ‘ ধোবি ঘাট ‘ ( চৰিত্ৰ : অৰুণ ) । ২০১২ ত ‘ তালাশ ‘ ( চৰিত্ৰ : শেখাৱত )
২০১৩ত ‘ ধুম – ৩ ‘ ( চৰিত্ৰ : ছাহিৰ খান/সমৰ খান )।
২০১৪ ত ‘ পিকে ‘ ( চৰিত্ৰ : পিকে / ভিনগ্রহবাসী ) ।
২০১৫ ত ‘ দিল ধ্বকনে দো ‘ । ২০১৬ ত ‘ ডংগল ‘ ( চৰিত্ৰ : মহাবীৰ ফোঘট )। ২০১৭ ত ‘ ছিক্রেট ছুপাৰস্টাৰ ‘ ( চৰিত্ৰ : শক্তি কুমাৰ )
২০১৮ ত ‘ ঠগছ অব হিন্দুস্তান ‘ ( চৰিত্ৰ : ফিৰাংগী মাল্লা ) । — কব পাৰি ‘ গোলাম ‘ লৈকে ‘ অভিনেতা আমিৰ ‘ নিৰ্মাণত ব্যস্ত আছিল আমিৰ খান । এই নিৰ্মাণ যাত্ৰাত ‘ কায়ামাত সে কায়ামাত তক ‘ ৰ গল্প আৰু ‘ হাম হ্যায় ৰাহি প্যাৰ কে ‘ৰ চিত্রনাট্য লিখিছিল । এই চিনেমা দুখনেৰে লৈছিল ‘ চকলেট হিৰো ইমেজ ‘। কিন্তু এই কথা ঠিক কোনো ‘ ইমেজ ‘ত বন্দী হোৱাৰ হোৱাৰ বিপৰীতে ভিন্ন চৰিত্ৰৰ অভিনয়তহে গুৰুত্ব দিছিল । ‘ অর্থ ‘ (১৯৮২) , ‘ সাৰংশ ‘ (১৯৮৪ ) খ্যাত পৰিচালক মহেশ ভাটে কৈছিল — ” ১৯৯০ চনত ‘ চাৰ ” আৰু তাৰ পিছত ‘ গুমৰাহ ‘ , ‘ ক্ৰিমিনেল ‘ সফল হৈছিল । ভাল ব্যৱসায় কৰিছিল । ‘চাৰ ‘ৰ পিছতে মোৰ মনটোৱে মোক কৈছিল আমিৰ খানক লৈ ‘ অৰ্থ ‘ দৰে চিনেমা এখন কৰা উচিৎ ! কথা পাতিছিলো । আমিৰে মোক হলিউডৰ কেইখন মান ৰোমাণ্টিক চিনেমাৰ কথা কৈছিল । কলেজৰ ল’ৰা – ছোৱালীৰ পছন্দৰ ৰোমাণ্টিক উপন্যাসৰ কাহিনী শুনাইছিল । শেষত মই ঠিক কৰিছিলো হলিউডৰ ‘ হ্যাপেনড ৱান নাইটে ‘ ৰ ‘ ৰিমেক ‘ কৰিম । নাম ৰাখিলো ‘ দিল হ্যায় কে মনতা নাহি ‘ । ” — সেই সময়ত বলিউডৰ একাংশ চিনেপণ্ডিতে আমিৰ কেন্দ্ৰীক চৰ্চাত কৈছিল , ” আমিৰে ভাল চিনেমাৰ ভাল চৰিত্ৰতকৈ ভিন্ন চৰিত্ৰত অভিনয় কৰাত গুৰুত্ব দিছে । ‘ অৰ্থ ‘ দৰে চিনেমাৰ প্ৰতি আগ্ৰহ নকৰাটো আমিৰৰ ঘাতক সিদ্ধান্ত । ” কিন্তু আজি স্পষ্ট আমিৰৰ ঘাতক নহয় , সুপৰিকল্পিত সিদ্ধান্ত । স্পষ্ট হৈছিল ‘ ছৰফৰোশ ‘ , ‘ লগান ‘ আৰু ‘ দিল চাহ্‌তা হ্যাঁয় ‘ ত । আৰু অধিক স্পষ্ট হৈছিল ‘ ছিক্রেট ছুপাৰস্টাৰ ‘ ত । অদ্বৈত চন্দনৰ পৰিচালনা । আমিৰে সংগীত পৰিচালক শক্তি কুমাৰ চৰিত্রত অভিনয় কৰিছে ।আমাৰ ধাৰণা হয় এই ‘ইমেজ ‘টোৰেই যেন শক্তিশালি প্ৰকাশ লাল সিং চড্‌ঢা ! চৰিত্ৰ ভিন্ন , ‘ ইমেজ ‘ৰ কথাহে কৈছো । ( ” official remake of the 1994 American film Forrest Gump, Laal Singh Chaddha shows events in India`s history unfold through the perspective of a man with a low IQ. ” ) –আমিৰক লৈ অদ্বৈতৰ এয়া দ্বিতীয় পৰিচালনা ।
২০০৭ত চিত্ৰগৃহলৈ অহা ‘ হানিমুন ট্রাভেলস প্রাঃ লিমিটেড ‘ৰ উৎপাদন সহকাৰিৰ দায়িত্বৰে বলিউডৰ বাটত অদ্বৈতৰ প্ৰথম খোজ । পৰৱৰ্তি সময়ত আমিৰ অভিনিত ‘ তাৰে জমিন পৰ ‘ আৰু ‘ ধোবি ঘাট ‘ত সহকাৰী পৰিচিলক আৰু পোস্ট প্রোডাকশন সুপাৰভাইজাৰৰ দায়িত্ব পালন কৰে । ” এই সময় ছোৱাতে মই আমিৰ ছাৰক জনাৰ সুযোগ পাও আৰু নিশ্চয় আমিৰ ছাৰেও মোক বুজে ! আৰু মোৰ প্ৰথম স্বাধীন পৰিচালনা
‘ ছিক্রেট সুপাৰস্টাৰ ‘ ত অভিনয় কৰে । প্ৰযোজনাৰ দায়িত্ব লৈ উৎসাহিত কৰে । আৰু আমিৰ ছাৰৰ প্ৰেৰনাতে শেষ কৰিলো ‘ লাল সিং চড্‌ঢা ‘ । ” — পৰিচালক অদ্বৈতই ক’লে । ( ‘ লাল সিং চড্‌ঢা ‘ চিত্ৰগৃহলৈ অহাৰ তাৰিখ আছিল ডিচেম্বৰ ,২০২০ । ক’ৰ’ণা সমস্যাই আহিব নিদিলে । আহিব ২৪ ডিচেম্বৰ ২০২১ত । চিনেমা খনৰ সংগীত প্ৰীতমৰ । চিত্ৰগ্ৰহণ সেতু ( সত্যজিৎ পাণ্ডেৰ )ৰ । সম্পাদনা মানিকৰ । )

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform