আমাৰ সংগীত ক্ষেত্ৰখনত এনে একাংশ কণ্ঠশিল্পী আছে যিসকল প্ৰায়ে সংবাদ মাধ্যমত চৰ্চিত নহ’লেও তেওঁলোকে নিজৰ সাধনা অব্যাহত ৰাখে এই দিশটোত। এনে বহু কণ্ঠশিল্পীৰ উদাহৰণেই আমি আপোনালোকক দিব পাৰোঁ; কিন্তু আপোনালোকক আজি দিবলৈ ওলাইছো মাত্ৰ এগৰাকীৰহে উদাহৰণ; তেওঁ হৈছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী। ইউটিউবত তেওঁৰ প্ৰতিভাৰ স্পষ্ট নিদৰ্শন আপোনালোকে উপভোগ কৰিবলৈ সক্ষম হ’ব। তেওঁৰ এই সৃষ্টিসমূহৰ মাজৰ এটা হৈছে বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “খিৰিকী” গীতটি। য’ত তেওঁৰ সৈতে যুঁটীয়াভাৱে কণ্ঠদান কৰিছে শংকুৰাজ কোঁৱৰে; গীতটিৰ কণ্ঠৰ লগতে ইয়াৰ সুৰ, সংগীত তথা কথাইও বহুল হাৰত লাভ কৰিছে সঁহাৰি। শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা হোৱা কথা-বতৰা যোগে আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “সংগীত ক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে ক’বলৈ গ’লে একাষাৰে কৈ দিবলৈ অকণমান অসুবিধা হয়। ঘৰতেই সাংস্কৃতিক পৰিৱেশ এটা লাভ কৰিছিলো; মোৰ মাৰ নাম ৰেণু দেৱী চক্ৰৱৰ্তী। তেওঁ গান গাইছিলে। গতিকে, সৰুৰ পৰাই কণ্ঠদান কৰিবলৈ মাই শিকাইছিল; তেনেকৈয়ে ঘৰত গঢ় লোৱা সাংগীতিক পৰিৱেশটোৰ মাজত স্বাভাৱিক ভাৱেই সংগীতৰ প্ৰতি আগ্ৰহী হৈছিলো আৰু এই দিশটোত আগ্ৰহী হৈ গৈ থাকিলোঁ। দেৰগাঁওত স্কুল, যোৰহাটত কলেজত আৰু পৰৱৰ্তী সময়ত গুৱাহাটী আৰু মুম্বাইলৈ গৈ সংগীত ক্ষেত্ৰখনত সাঙুৰ খাই পৰিছিলো; পৰিসৰটোও আচলতে তেনেকৈ ক্ৰমান্বয়ে বহল হৈ গৈ থাকিল। তেওঁ সংগীতৰ কোনটো উপাদানক অধিক গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰাত শৰ্মিষ্ঠাই কয় যে, “এটা সংগীত আচলতে যেনেধৰণৰেই নহওঁক কিয়! ৰোমাণ্টিক, আধুনিক অথবা অইন কিবা; এই গীতবোৰৰ বিষয়বস্তুটো অনুভৱ কৰি যেতিয়া কণ্ঠদান কৰা হয় তেতিয়াহে অৱশ্যে এই গীত সমূহে শ্ৰোতাক সংযোগ কৰিব পাৰে।”
তেওঁ আগলৈ কয় যে, “মোৰ মতে, এই অনুভৱ অথবা আৱেগটো কণ্ঠদান কৰাৰ সময়ত কণ্ঠশিল্পী এগৰাকীৰ বাবে খুবেই দৰকাৰী। কেতিয়াবা এনেকুৱা হয় যে কণ্ঠদানৰ সময়ত বিৰাট শুদ্ধকৈ সুৰ-সংগীতবোৰ প্ৰয়োগ কৰিলোঁ; কিন্তু সেই আৱেগটো যেতিয়া নাথাকে তেতিয়া গীতটিৱে আহি বুকুত নুচুৱে। অইনৰ নাজানো, কিন্তু মই শুনি ভাল লগাটোহে বিচাৰোঁ; গীত এটাত সেই সততাটো, সেই নিষ্ঠাটো থাকিব লাগে।” শৰ্মিষ্ঠাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি বুলি জানিবলৈ বিচৰাত তেওঁ কয় যে, “এতিয়া আচলতে এই “শিল্পী” বোলা শব্দটো য’তে- ত’তে,যেতিয়াই-তেতিয়াই আৰু জধে-মধে খুব বহুলভাৱে ব্যৱহাৰ কৰা হয়; যিটো অনুচিত। গান এটা, নাচিলেই অথবা বিশেষকৈ সাংস্কৃতিক দিশৰ কোনো এটা মাধ্যমেই নহওঁক কিয়! ইয়াত অন্তৰ্ভূক্ত কোনোবা এগৰাকী “শিল্পী” ৰূপে পৰিচিত হ’ব নোৱাৰে। আমি দেখিছো, এগৰাকী প্ৰকৃত “শিল্পী” হ’বলৈ কেনে পৰ্যায়ত কষ্ট আৰু সাধনা কৰিবলগীয়া হয় অথবা কিমান ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। গতিকে, ইমান সহজ আৰু সৰল শব্দ অৱশ্যে নহয়, “শিল্পী” বোলা বস্তুটো। কোনোবাই টকাৰ বিনিময়ত, জনপ্ৰিয়তাৰ স্বাৰ্থতেই হওঁক বা যি কাৰণতেই নহওঁক! প্ৰতিজন “শিল্পী” নহয়; এগৰাকী “শিল্পী” ৰ সমাজৰ প্ৰতি দায়বদ্ধতা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে, আমাৰ আহিবলগীয়া প্ৰজন্মই মনত ৰাখিব পৰাকৈ যিগৰাকী প্ৰতিভাই সৃষ্টি কৰি গৈছে, সেইগৰাকীয়ে “শিল্পী”।” তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে কেইটামান গীত মুক্তি পাবলগীয়া হৈ আছে; শেষ পৰ্যায়ত উপনীত হৈছে গীতকেইটা। অহা ১০ দিনৰ মানৰ ভিতৰত হয়টো এটা গীত ভিডিঅ’সহ মুকলি কৰি দিব পৰা যাব।”
তেওঁ আগলৈ কয় যে, “শেহতীয়াকৈ জনপ্ৰিয় অভিনেতা আৰু পৰিচালক কেনী বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত এখন ৱেব চিৰিজত অভিনয় কৰিলোঁ। Eros Now ৰ কাৰণে কৰা হৈছিল চিৰিজখন; সেইখন মুক্তি পাবলৈ সাজু হৈছে। ইয়াৰ উপৰিও, বহু কিবা কিবি ভাবি থকা হৈছে। সময়-সাপেক্ষে আপোনালোকক জনাই গৈ থাকিম।”
Add comment