Rupaliparda.com
"ব্ৰীজ" অভিনেত্ৰী নৱাগত শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান 1

“ব্ৰীজ” অভিনেত্ৰী নৱাগত শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

ক’ৰোণাৰ সন্ত্ৰাসে অইন একাংশ ক্ষেত্ৰৰ দৰে ঋণাত্মক প্ৰভাৱ পেলাইছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনতো। বিগত বৰ্ষৰ পৰা স্তব্ধ হৈ থকা শ্বুটিং, ছবিগৃহ আদিত লগা তলাই প্ৰতিখন ছবিৰ মুক্তিত বাধা হৈ থিয় দিছে। এই পৰিস্থিতিৰ পিছত প্ৰযোজক সকলো কোনো এটা প্ৰকল্পক লৈ যে আগবাঢ়ি আহিব সেই বিষয়ে নিজ শংকা প্ৰকাশ কৰিছে একাংশ পৰিচালকে। কিন্তু যেনেদৰে ৰাতিৰ পিছত দিন; ঠিক তেনেদৰে বেয়াৰ পিছত ভাল হোৱাটোও একেবাৰেই স্বাভাৱিক। এখন অসমীয়া ছবিয়ে বিগত দিনৰ পৰাই বিভিন্ন খন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে বুটলিছে সন্মান। ছবিখনৰ নাম হৈছে “ব্ৰীজ”; শেহতীয়াকৈ ছবিখনত মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী নৱাগতা শিৱা ৰাণী কলিতাই লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান। চলিত মাহৰ ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ কানাডাত অনুষ্ঠি হোৱা ত চতূৰ্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড (OIFFA-2021) ত অভিনেত্ৰী গৰাকীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ; বিগত বৰ্ষত এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয় তথা প্ৰখ্যাত অভিনেত্ৰী সীমা বিশ্বাসে। কৃষ্টিপথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত “ব্ৰীজ” ছবিখন বৰ্তমানেও ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভ কৰা নাই যদিও ছবিখনৰ সৈতে জড়িত হৈ অহা এনেধৰণৰ সু-খবৰে ছবিখনক লৈ প্ৰত্যেককে উৎসাহিত কৰি তুলিছে।

"ব্ৰীজ" অভিনেত্ৰী নৱাগত শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান 2


লক্ষীমপুৰ জিলাৰ ঢকুৱাখানা চহৰৰ নৱাগতা শিৱা ৰাণী কলিতাৰ চৰিত্ৰটো ছবিখনত যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল য’ত তেওঁ পথাৰত হালবোৱাৰ পৰা আৰম্ভ কৰি কলৰ ভুৰ চলোৱাৰ দৰে একাংশ কাম কৰিবলগীয়া হৈছিল। ইয়াৰ পূৰ্বে কোনোধৰণৰ ছবি, ধাৰাবাহিক,নাটক অথবা কোনো ভিডিঅ’ৰ সৈতে জড়িত নোহোৱা এই নৱাগতা গৰাকীৰ পৰা পৰিচালক গৰাকীয়েও স্বাভাৱিক অভিনয়কে উলিয়াই আনিবলৈ চেষ্টা কৰিছিল। ৰমা কুমাৰ দাস আৰু সবিতা দেৱীৰ প্ৰযোজনাত নিৰ্মিত “ব্ৰীজ” ছবিখনে ইতিমধ্যে ২৮ খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ আমন্ত্ৰণ লাভ কৰাৰ লগতে চলচ্চিত্ৰ সমালোচক সকলৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা FIPRESCI ৰ ভাৰতৰ শাখাই প্ৰকাশ কৰা তালিকাত ২০২০ চনৰ নিৰ্বাচিত শ্ৰেষ্ঠ ১০খন ভাৰতীয় চিনেমাৰ মাজত অন্তৰ্ভুক্তি লাভ কৰিছে অসমীয়া ভাষাৰ চিনেমা “ব্ৰীজে”। উল্লেখ্য যে, FIPRESCI এটা অতি সন্মানীয় সংস্থা ,এই সংস্থাক বিশ্বৰ চলচ্চিত্ৰ জগত খনে বিশেষ মান্যতা দিয়ে। জানিব পৰা মতে, উক্ত ছবিখন ঘৰুৱা দৰ্শকৰ সমুখত চলিত বৰ্ষৰ অক্টোবৰৰ ১ তাৰিখে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে। পৰিচালক কৃপাল কলিতাই ছবিখনত সম্পূৰ্ণ নিজস্বতা ৰাখি নিৰ্মাণ কৰাৰ কথা প্ৰকাশ কৰে আৰু তেওঁৰ বিশ্বাস যে এই ছবিখনক ঘৰুৱা দৰ্শকেও আঁকোৱালি ল’ব।

"ব্ৰীজ" অভিনেত্ৰী নৱাগত শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান 3


এনেবোৰ সুখবৰৰ লগতেই ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform