Rupaliparda.com
জেৰিফা ৱাহিদৰ "মৰ্ণিং ফিটনেছ"- 1

জেৰিফা ৱাহিদৰ “মৰ্ণিং ফিটনেছ”-

যোগাসন তথা ব্যায়ামৰ দ্বাৰা অভিনেত্ৰী সকলে নিজ অনুৰাগীক আপ্লুত কৰা দেখিবলৈ পোৱা যায়। নিজ ফিটনেছক লৈ সক্ৰিয় জেৰিফা ৱাহিদৰ ৰাতিপুৱা সময়ছোৱাত কৰা যোগ তথা ব্যায়ামে শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। অসমীয়া অভিনেত্ৰী সমূহৰ ভিতৰত জনপ্ৰিয় আৰু এগৰাকী সুদক্ষ অভিনেত্ৰী জেৰিফা ৱাহিদে নিজ ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ ফিট ব’ডিৰ ফটোসমূহ প্ৰায়ে শ্বেয়াৰ কৰে আৰু যিসমূহে তেওঁৰ অনুৰাগীক আৰু দুগুণে আকৰ্ষিত কৰে। ১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।

যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল। সমাজৰ বিভিন্ন কাৰ্য-কলাপতো বৰ্তমান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এই গৰাকী অভিনেত্ৰী জেৰিফা ৱাহিদক।

Add comment

Leave a Reply