Rupaliparda.com
স্কুলৰ পৰা কিয় উলিয়াই দিয়া হৈছিল ভূমি পেডনেকাৰক? লৈছিল ১৩ লাখ টকাৰ লোণঃ 1

স্কুলৰ পৰা কিয় উলিয়াই দিয়া হৈছিল ভূমি পেডনেকাৰক? লৈছিল ১৩ লাখ টকাৰ লোণঃ

অভিনেত্ৰী ভূমি পেডনেকাৰ বৰ্তমান সময়ৰ বি-টাউনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁৰ সফলতাৰ আঁৰত উচ্চ-নীচ বহুখিনি কথা সংলগ্ন হৈ আছে বুলি বিভিন্ন সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰিছে। তেওঁক এবাৰ অভিনয়ৰ স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল আৰু, এই স্কুলত ভৰ্তি হোৱাৰ বাবে অভিনেত্ৰী গৰাকীয়ে শিক্ষাৰ লোণ লৈছিল ১৩ লাখ টকাৰ। এই টকা ধাৰ হোৱাৰ বাবেই অভিনেত্ৰীগৰাকীয়ে অভিনেত্ৰী বৃত্তি আকোঁৱালি লোৱাৰ আগেয়ে য়শৰাজ ফিল্ম ইণ্ডাষ্ট্ৰীত কাষ্টিংগ এচিষ্টেন্ট হিচাপে চাকৰি কৰিবলৈ লয়। এক সাক্ষাৎকাৰ যোগে ভূমি পেডনেকাৰে জনাইছিল যে, “প্ৰথমতে মই মোৰ পৰিয়ালৰ মা-দেউতাক মোৰ ভৱিষ্যতৰ কথাক লৈ অৱগত কৰোৱাব লাগিছিল। তেওঁলোকে খং কৰিছিল; আচলতে মোৰ সুৰক্ষাক লৈ চিন্তাতো পৰিছিল আৰু অৱশেষত তেওঁলোক যেতিয়া মান্তি হৈছিল তেতিয়া মই অভিনয়ৰ স্কুললৈ গৈ পঢ়াৰ কথা ঠিৰাং কৰিছিলো। মাছুল বহু বেছি হোৱাৰ বাবেয়ে ঋণ লৈছিলো। মই স্কুলত ফেইল হৈছিলো; ফেইল হোৱাৰ এইটো কাৰণ নাছিল যে মই এগৰাকী বেয়া অভিনেত্ৰী। মই এইটো কাৰণে ফেইল হৈছিলো কিয়নো মোৰ অনুপস্থিতি কম আছিল।” ভূমিয়ে আগলৈ কয় যে, “মই ধাৰ লোৱা টকা উভতোৱাৰ স্বাৰ্থত মই কাষ্টিংগ এচিচষ্টেন্ট ৰূপে চাকৰিত সোমালো।” উল্লেখ্য যে, বহু অডিশ্বনত বহি থকা ভূমিয়ে পিছলৈ তেওঁৰ প্ৰথম খন ছবি “ডম লাগা কে হেইছা” ত যেতিয়া তেওঁ নিজে অডিশ্বন দিয়ে তেতিয়া তেওঁ ছবিখনত কাম কৰিবলৈ সুবিধা লাভ কৰে।

ভূমিয়ে বৰ্তমানলৈ ১২ খনতকৈ অধিক সফল ছবিত অভিনয় কৰিছে; আয়ূসমান খুৰানা, অক্ষয় কুমাৰৰ সৈতে অভিনয়ৰ সুবিধা লাভ কৰা ভূমি পেডনেকাৰৰ আহিবলগীয়া সময়তো অনুৰাগীৰ মাজলৈ আহি আছে কেইবাটাও উল্লেখনীয় প্ৰকল্প। “দূৰ্গাৱতী” ত ভূমি পেডনেকাৰক দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.