Rupaliparda.com
পাপনৰ কণ্ঠত "ফিৰ ৱহি ৰাত হে" 1

পাপনৰ কণ্ঠত “ফিৰ ৱহি ৰাত হে”

সমগ্ৰ দেশতে খ্যাতি অৰ্জন কৰা অসম সন্তান পাপনক লৈ গৰ্বিত অসমবাসী। কণ্ঠৰ মায়াৰে মোহিত কৰা এইজনা শিল্পীয়ে কেৱল মাত্ৰ জলীউডতে নহয় বলীউডতো নিজৰ লগতে দেশৰ নাম উজ্বলাই আহিছে।

পাপনৰ কণ্ঠত "ফিৰ ৱহি ৰাত হে" 2


অলপতে নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত “মিউজিক টিচ্ছাৰ” নামে চিনেমাখনত পাপনে কণ্ঠদান কৰে দুটা গীতত। সাৰ্থক দাসগুপ্তাৰ কাহিনী তথা পৰিচালনাৰে ছবিখনত অভিনয় কৰিছে অমৃতা বাগছি, দিব্যা দত্ত লগতে নীনা গুপ্তাই। চিনেমাখনত সংগীত সম্পাদনা ৰোচাক কহলিৰ।
“ফিৰ ৱহি ৰাত হে” আৰু “ৰিমঝিম গিৰে চাৱন” গীত দুটিত নিজ কণ্ঠ নিগৰাই পাপনে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। উক্ত গীত দুটিৰ পূৰ্বতে সম্পাদনা কৰিছিল আৰ.ডি বৰ্মনে আৰু ইয়াত কণ্ঠদান কৰিছিল বিখ্যাত অভিনেতা তথা গায়ক লগতে সংগীত পৰিচালক কিশোৰ কুমাৰে।

Image Source: Netflix

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.