Rupaliparda.com
"তেজৰ টুকুৰা" ৰ চৰ্চা; লুপ্তপ্ৰায় প্ৰথাক সাঙুৰি দিয়া হৈছে টুইষ্টঃ 1

“তেজৰ টুকুৰা” ৰ চৰ্চা; লুপ্তপ্ৰায় প্ৰথাক সাঙুৰি দিয়া হৈছে টুইষ্টঃ

চুটি ছবি জগতখনত বিগত দিন ধৰি চৰ্চিত হৈ থকা এখন চুটি ছবি “তেজৰ টুকুৰা” ক লৈ শেহতীয়াকৈ উৎসাহৰ সৃষ্টি হৈছে কেউদিশে। ফাৰ্ষ্ট লুক পোষ্টাৰ তথা চুটি ছবিখনৰ সদ্যমুক্তিপ্ৰাপ্ত টিজাৰে চুটি ছবিখনৰ প্ৰতি জনসাধাৰণক আৰু অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক পোনপ্ৰথমেই ছবিখনৰ কাহিনীভাগৰ এক চমু আভাস দিবলৈ বিচাৰিছোঁ; আমাৰ সমাজত পুতলা নাচক প্ৰাধান্য দিয়াৰ কথা আমি শুনি আহিছোঁ। আচলতে, বৰ্তমানেও চুকে-কোণে পুতলা নচোৱা শিল্পীসকলে এই সংস্কৃতিটোক অব্যাহত ৰাখিছে। এই লুপ্তপ্ৰায় সংস্কৃতিটোকেই আধাৰ হিচাবে লৈ পৰিচালক চিন্ময় বাৰ্মাই নিজাববীয়াকৈ টুইষ্ট সানি উক্ত চুটি ছবি “তেজৰ টুকুৰা” ক নিৰ্মাণ কৰি উলিয়াইছে। অৱশ্যে, ট্ৰেইলাৰটো উপভোগ কৰাৰ পিছতেই আপুনি সেই শিহৰণটো অনুভৱ কৰিবলৈ সক্ষম হ’ব বুলি আমি নিশ্চিত। চুটি ছবিসমূহৰ প্ৰসংগবোৰ বৰ্তমানলৈ সক্ৰিয় হৈ আছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। ক’ৰোণা ভাইৰাছৰ সময়ছোৱাত চুটি ছবিসমূহৰ এক সুন্দৰ পৰিক্ৰমা আৰম্ভ হোৱা আমি সকলোৱে দেখিবলৈ পাইছিলো। সেই সময়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটোত বৰ্তমানলৈ আমি বহুকেইখন উল্লেখনীয় চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ অসমখন অইন প্ৰতিটো দিশত চহকী হোৱাৰ সমান্তৰালকৈ ইয়াত নিৰ্মিত একাংশ চুটি ছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানৰ কথা আমি শুনিছো অথবা সংবাদপত্ৰ যোগে পঢ়িছো।


Eastside Productions ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনে জনসাধাৰণৰ মাজত আকৌ এবাৰ “পুতলা নাচ” ৰ এই প্ৰথাটোক হয়টো পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে, এই প্ৰডাকচন হাউচটোৰ দায়িত্বত আছে ক্ৰমে ৰিকি শৰ্মা, প্ৰয়াস শৰ্মা তামুলী আৰু উপমান্যু দাস। এইখন চুটি ছবিখনৰ বাবে পুতলা সমূহক ব্যক্তিগত বাসগৃহতেই সাঁজি উলিওৱা হৈছে লগতে এই পুতলা সমূহ নচুৱাবলৈ চুটি ছবিখনত পুতলা নচুৱাব পৰা শিল্পী গ্ৰহণ কৰা হোৱা নাই। জানিব পৰা মতে, চুটি ছবিখনৰ ইতিমধ্যে শ্বুটিং সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ সম্পাদনাৰ কাম চলি থকা হৈছে। ৰিকি শৰ্মাৰ প্ৰযোজনাৰে চুটি ছবিখনৰ চিত্ৰনাট্য পৰী দাস আৰু চিন্ময় বাৰ্মাৰ; চিত্ৰনাট্য তথা সংলাপ পৰী দাসৰ। ইয়াত বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীক্ষিতা ৰাজবংশীয়ে। দৃশ্যগ্ৰহণৰ লগতে চুটি ছবিখনৰ সম্পাদনা, ৰঙৰ দায়িত্বত আছে উপম দাসৰ। বিজিএম আৰু আৱহ সংগীত নাজনিন উল্লাহৰ আৰু বেকগ্ৰাউণ্ড স্কৰ মনদ্বীপ তাৰো’ৰ। চিন্ময় বাৰ্মাৰ প্ৰকল্পসমূহে বিগত দিনৰ পৰাই সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈ আহিছে। ব্যতিক্ৰমী পৰিকল্পনা সমূহৰ বাবেই আচলতে দৰ্শকে তেওঁৰ প্ৰকল্পসমূহক লৈ অপেক্ষাৰত হৈ থাকে।

"তেজৰ টুকুৰা" ৰ চৰ্চা; লুপ্তপ্ৰায় প্ৰথাক সাঙুৰি দিয়া হৈছে টুইষ্টঃ 2


চুটি ছবিখনৰ মুক্তি আৰু ইয়াৰ সফলতাৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আশা কৰিছোঁ। আনহাতে, ইয়াৰ সৈতে জড়িত প্ৰত্যেককে জনাইছোঁ অশেষ শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform