যেতিয়া ছলমান খান, শ্বাহৰুখ, আমিৰ, অমিতাভ বচ্চন, মনোজ বাজেপয়ী অথবা যিগৰাকীয়ে নহওঁক কিয়! যেতিয়া এই অভিনেতা/ অভিনেত্ৰী সকলৰ মিমিক্ৰী কোনো এজনে আমাৰ মাজত কৰে তেতিয়া আমি সেই ব্যক্তিগৰাকীক লৈ উৎসাহিত হওঁ আৰু তেওঁক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰোঁ। বৰ্তমান সময়ত এটা সুঠাম দেহা অথবা ধুনীয়া মুখ এখনেহে যে অভিনেতা অথবা অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিবলৈ সক্ষম হ’ব তেনে নহয়; আজিৰ তাৰিখত এটা চৰিত্ৰক সুন্দৰ ৰূপত ৰূপায়ণ কৰিব পৰা জনেই অভিনেতা নাইবা অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। আপোনালোকে বলীউডত ইতিমধ্যে তেনে উদাহৰণ বহু পাইছে। নৱাজুদ্দিন চিড্ডিকী, পংকজ ত্ৰিপাঠী আদি হৈছে উৰ্দ্ধৃত কথাষাৰৰ সুন্দৰ নিৰ্দশন। ঠিক তেনে এক প্ৰক্ৰিয়া শেহতীয়াকৈ আৰম্ভ হৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনতো; বৰ্তমান সময়ত অধিকাংশ এনে প্ৰতিভা ওলাই আহিছে যিয়ে প্ৰতিটো সময়ত নতুনত্ব দিয়াৰ চেষ্টা কৰে। চৰিত্ৰসমূহৰ সুন্দৰ ৰূপায়ণৰ দ্বাৰা তেওঁলোকে বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰে। আমি আজি এনে এগৰাকী অভিনেতাৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো; সৰুৰ পৰাই যদিও মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তেওঁৰ ৰাপ নাছিল তথাপিও চিনেমা সমূহ উপভোগ কৰি এগৰাকী অভিনেতা ৰূপে নিজক চাবলৈ মন মেনিছিল। তেওঁৰ নাম আকাশ চম্লগাই; আজি ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত তেওঁৰ সৈতে পাতিম কিছু কথা। চাওঁচোন আহকঃ
প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?
আকাশ চম্লগাইঃ মনোৰঞ্জনৰ ক্ষেত্রখনৰ লগত মই কেতিয়া আৰু কেনেকৈ জড়িত হৈ পৰিলো সেয়া একেবাৰতেই ক’বলৈ অলপ টান হয় । কাৰণ, সৰুতে মোৰ বিশেষ ইমান ৰাপ নাছিল কলাসম্বন্ধিত কোনো বিষয়ৰ প্ৰতি, মই কেৱল কিতাপ পঢ়িহে ভাল পাইছিলো। মাৰ পৰা নৃত্য-গীত শিকিবলৈ অহা গাওঁৰ বা-দাদা সকলক আখৰা কৰা দেখোঁ যদিও মই ইমান আনন্দ পোৱা নাছিলোঁ। গান শুনি ভাল পাইছিলোঁ বাবেই মাৰ পৰা দুই এটা গান শিকি স্কুলীয়া প্ৰতিযোগিতাত গীত গাই প্ৰাইজ বুটলিবলৈ সক্ষম হৈছিলোঁ কিন্তু এই দিশটোৰ প্ৰতি মোৰ আকৰ্ষণ ইমান বেছি নাছিল। এটা কথা ক’ব লাগিব যে, চিনেমা বহুত চাইছিলো সৰুৰে পৰা আৰু সেইবাবেই চিনেমাৰ প্ৰতি প্ৰেমটো বাঢ়ি আহিল । হাইস্কুল পাওঁতে পাওঁতে ইমান বেছি চিনেমা চোৱা হৈছিলো যে মই ভাবিব লৈছিলো; এই গোটেই জগতখনেই চিনেমাত দেখুওৱাৰ দৰেই চলি আহিছে আৰু বাস্তৱ জীৱনতো চিনেমাৰ সংলাপ কোৱাৰ দৰেই কথাবোৰ ক’ব লৈছিলো আৰু তেতিয়া অনুভৱ কৰিছিলো যে মানুহৰ মোক লৈ আকৰ্ষণ বাঢ়িবলৈ লৈছে। বিশেষকৈ বলীউডৰ তাৰকাসকলৰ মিমিক্ৰী , নকল আদি কৰিব পৰা হ’লো আৰু বন্ধুবৰ্গ আৰু এচাম দৰ্শকৰ মাজত জনপ্ৰিয় হ’লো। আচলতে, তেতিয়ালৈ কোনোধৰণৰ নাটক বা মঞ্চাভিনয় কৰি পোৱা নাছিলোঁ; নাটক বুলিবলৈ কেৱল সপ্তম শ্ৰেণীত পঢ়োতে নিজে লিখা নাটকত মুখ্য চৰিত্র ৰূপায়ন কৰিছিলোঁ। কিন্তু, মিমিক্ৰী আৰু চিনেমাবোৰৰ সংলাপে মোৰ বাস্তৱ জীৱনত এই দিশটোৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত কৰিলে। তেতিয়া মোৰ চিনেমা চোৱাৰ লগৰী কেৱল একমাত্র আইতাই আছিল; সেয়ে প্ৰথমবাৰ মই আইতাক কৈছিলো যে ময়ো এদিন অভিনেতা হ’ম। পৰৱৰ্তী সময়ত এই চিনেমা, গীত , নৃত্য আদি দিশবোৰৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈছিল যদিও এইবোৰ প্ৰদৰ্শন কৰিবলৈ ক’তো প্লেটফৰ্ম পোৱা নাছিলো। লাহে লাহে ইউটিউবে সমাদৰ লাভ কৰাত ময়ো বন্ধুবৰ্গৰ লগত আলোচনা কৰি ভিডিঅ’ বনাবলৈ ধৰিলো আৰু মোৰ প্ৰথম চুটিছবিৰ পৰিচালক মৃগাংক পাৰ্তিক পৰাশৰৰ লগত সৰু সৰু ভিডিঅ’ত দুয়োৱে মিলি কাম আৰম্ভ কৰিলোঁ। পিছলৈ, আমি দুয়োৱে আমাৰ প্ৰথম ছুটিছবি ‘ৰম’ কৰিলোঁ আৰু চুটি ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰাত মোক এই দিশটোৱে নিজৰ সৈতে বিশেষভাৱে জড়িত কৰিলে।
প্ৰশ্নঃ এগৰাকী অভিনেতা ৰূপে তোমাক কেনে চৰিত্ৰই আকৰ্ষণ কৰে?
আকাশ চম্লগাইঃ অভিনেতা হিচাবে মোক প্ৰায় প্ৰতিটো চৰিত্রই আকৰ্ষণ কৰে; মই সকলো ধৰণৰ চৰিত্রকেই খুব উপভোগ কৰোঁ। কিন্তু, বিশেষভাৱে আকৰ্ষিত হওঁ চাইকোল’জিকেল চৰিত্রবোৰক লৈ; এই চৰিত্রবোৰক ভালপোৱাৰ কাৰণ এয়াই যে এই চৰিত্রবোৰে নিৰ্দিষ্ট ধৰণেৰে কোৱা সংলাপে দৰ্শকক এক দাৰ্শনিক অনুভৱ কৰোৱাব পাৰে। তদুপৰি , এনে চৰিত্রবোৰত পৰিচালকে অভিনেতাজনক মুক্ততা আৰু বৰ্হিমুখতা প্ৰদৰ্শন কৰিবলৈ সুযোগ দিয়ে। অভিনেতাসকলে অভিনয় কৰিব বিচাৰে আৱেগ আৰু জীৱনক অন্বেষণ কৰাৰ উপায় হিচাপে আৰু তেনেক্ষেত্ৰত এনেধৰণৰ চৰিত্রবোৰে এগৰাকী অভিনেতাক সেই সুযোগ দিয়ে । এনে চৰিত্রত অভিনয় কৰিবলৈ হ’লে আপুনি আপোনাৰ ভিতৰৰ ‘মই’ টোক ভালদৰে জানিব লাগিব আৰু তাক উলিয়াই আনি আপোনাৰ স্ক্ৰীপ্টৰ চৰিত্রৰ লগত সংযোজন ঘটাই তাক দৰ্শকৰ আগত উপস্থাপন কৰিব লাগিব; এই প্ৰক্ৰিয়াত আপুনি দেহেৰে নহয় মন-মগজুৰে অভিনয় কৰিব পাৰিব লাগিব। বাকী দেহৰ অংগী-ভংগীবোৰ স্বত্ব:স্ফূৰ্তভাৱেই চৰিত্রৰ সৈতে মিলি যাব , সেয়ে মই এনেধৰণ চৰিত্র ভাল পাওঁ য’ত এই মনস্তাত্ত্বিক বিন্দুবোৰে এটা চৰিত্ৰৰ পৃষ্ঠভূমি গঠন কৰে আৰু যুক্তিসঙ্গতভাৱে নিৰ্ধাৰণ কৰে যে তেওঁ চিনেমাখনৰ আৰম্ভণিতে, বিবাদৰ বৰ্ধিত কাৰ্যৰ সময়ত, আৰু চলচ্চিত্ৰখনৰ ক্লাইমেক্সত চূড়ান্ত কাৰ্যত কেনেদৰে অভিনয় কৰিব।
প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?
আকাশ চম্লগাইঃ মই ভাবো সকলো শিশুৰেই শিল্পীসুলভ মন এটি থাকে , কাৰণ তেওঁলোকৰ অন্তৰৰ গভীৰতম ভাগত থকা সৌন্দৰ্য্যবোধৰ কোমলতাৰ নিজাববীয়াকৈ জাগি উঠে। কিন্তু এয়া নিৰ্ভৰ কৰে সেই শিশুটি ক্ৰমান্বয়ে ডাঙৰ হৈ অহাত সেই শিল্পীত্ব কিমান বজাই ৰাখিব পাৰে; অৰ্থাৎ মানুহ জন্ম হোৱাৰ পাছত স্বভাৱজাতভাৱেই শিল্পী । কলাৰ জৰিয়তে নিজৰ আভ্যন্তৰীণ কণ্ঠস্বৰ স্পষ্ট কৰি নিজৰ ব্যক্তিগত অভিজ্ঞতা , পৃষ্ঠভূমি , স্মৃতি বা ধাৰণা আৰু বিশ্বাসৰ বিষয়ে এটা মূল কাহিনীক নিৰ্ভীকভাৱে দৰ্শকৰ আগত যিসকলে উপস্থাপন কৰিব পাৰে, সেইসকলকেই “শিল্পী” বুলি ক’ব পাৰি। দৰ্শক বা সাধাৰণ ৰাইজৰ মাজত ‘দুষ্কৃতি’ দেখিলে নিৰ্ভয়ে অপ্ৰিয় সত্যক ৰাজহুৱা ঘোষণা কৰিব পৰাসকলেই হৈছে সঁচা “শিল্পী”, তেওঁলোকৰ পৃথিৱীখন কেতেকী ফুলৰ পাপৰিৰ দৰে কোমল। কপৌফুলৰ বিছনাৰ দৰে আলফুলীয়া; য’ত বহুতৰ অজ্ঞাতে মনত টেঙাৰ কাঁইটো লুকাই থাকে। শ্ৰোতা বা দৰ্শকৰ সুখ-দুখৰ সৈতে নিজকে সংযোগ কৰোৱাই যেতিয়া কোনোবাই লক্ষ লক্ষ ৰাইজৰ পৰা অশেষ মৰম পায়, তেতিয়াই তেওঁ হৈ পৰে এগৰাকী প্ৰকৃত “শিল্পী” ।
প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
আকাশ চম্লগাইঃ কেইখনমান চুটিছবি আৰু এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ কাম চলি আছে যদিও এই ক’ৰোণা মহামাৰীৰ বাবে কামবোৰ স্থগিত ৰাখিব লগা হৈছে ।ছাইফুল ইছলামৰ দ্বাৰা পৰিচালিত এখন চাইকোলজিকেল থ্ৰীলাৰ ছবি “Sanki” অতি সোনকালেই OTT প্লেটফৰ্মত মুক্তি দিয়া হ’ব। লগতে, মোৰ প্ৰথম পৰিচালক মৃগাংক পাৰ্তিক পৰাশ দাৰ লগত “ৰতি-২” আৰু আন কেইখনমান চুটিছবিৰ কাম চলি আছে। মহামাৰীৰ বাবে কামবোৰ শেষ কৰাত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছো বৰ্তমান । আশা কৰোঁ, সোনকালেই এই মহামাৰী যাতে শেষ হয় আৰু আমি দৰ্শকৰ আগত ছবিবোৰ দি যাব পাৰোঁ।
ৰূপালীপৰ্দাঃ ধন্যবাদ আকাশ; তোমাৰ পৰিকল্পনা সমূূহে সাৰ্থক ৰূপ লওক। তাৰেই কামনা কৰিছোঁ।
আকাশ চম্লগাইঃ ধন্যবাদ।
Add comment