Rupaliparda.com
১৬ জুলাইলৈ অনন্ত তাছা প্ৰডাকচনৰ বেনাৰত আহি আছে বহু প্ৰত্যাশিত "সুৰ বাহিনী"- 1

১৬ জুলাইলৈ অনন্ত তাছা প্ৰডাকচনৰ বেনাৰত আহি আছে বহু প্ৰত্যাশিত “সুৰ বাহিনী”-

বহু প্ৰত্যাশিত চুটি ছবি “সুৰ বাহিনী” ৰ ফাৰ্ষ্ট অফিচিয়েল পোষ্টাৰ মুকলিৰ লগতে চুটি ছবিখনৰ মুক্তিৰ তাৰিখো ইতিমধ্যে ৰাইজৰ মাজত উলিয়াই দিয়া হৈছে। আমি আপোনালোকক বাৰম্বাৰ এই চুটি ছবিখনৰ বিষয়ে জনাই থকাৰ আঁৰত আছে এক কাৰণো; আৰু সেই কাৰণটোৱে হৈছে অসমীয়া ৰকষ্টাৰ তথা জনপ্ৰিয় সংগীতশিল্পী জয়ন্ত হাজৰিকা। “সুৰ বাহিনী” বুলি ক’লেই বাৰু আপোনালোকৰ তেওঁ আৰম্ভ কৰা সেই উল্লেখনীয় পদক্ষেপটোৰ কথা মনলৈ নাহেনে? অৱশ্যে তেওঁ এতিয়াও আমাৰ যুৱপ্ৰজন্মৰ বাবে সাহস তথা উৎসাহৰ কাৰণ। অৱশ্যে, উক্ত চুটি ছবিখন জয়ন্ত হাজৰিকাৰ সম্পূৰ্ণ জীৱনৰ ওপৰত আধাৰিত বুলি একাষাৰেই কৈ দিব পৰা নাযায় কিন্তু এই চুটি ছবিখনৰ মুক্তিৰ পিছত যে অসমৰ চুকে-কোণে উঠি অহা প্ৰজন্মই “জয়ন হাজৰিকা কোন নো?” বুলি প্ৰশ্ন নকৰে সেয়া আচলতে সঁচাকৈ নিশ্চিত। চুটি ছবিখনত ঠিক তেনে এক কাহিনীকো সন্নিৱিষ্ট কৰা হৈছে য’ত আপোনালোকে বৰ্তমান প্ৰজন্মৰ চকুত জয়ন্ত হাজৰিকাৰ উপলদ্ধি কৰিবলৈ সক্ষম হ’ব। তাছা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ প্ৰযোজনা অনন্ত তাছাৰ; তেওঁ তাছা প্ৰডাকচনটো জন্ম দিয়াৰ লগতে সদৰী কৰিছিল যে অনাগত দিনত অসমীয়া ৰাইজে বহুল হাৰত নতুন তথা ব্যতিক্ৰমী প্ৰকল্প উপভোগ কৰিবলৈ সক্ষম হ’ব।

১৬ জুলাইলৈ অনন্ত তাছা প্ৰডাকচনৰ বেনাৰত আহি আছে বহু প্ৰত্যাশিত "সুৰ বাহিনী"- 2


নিজৰ উক্ত কথাষাৰক সফল পৰিগণিত কৰিবলৈয়ে তেওঁ এই প্ৰচেষ্টা অব্যাহত ৰাখিছে। চুটি ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্ব আছে নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰাঞ্জল গৈয়াৰী। মনোৰঞ্জন ক্ষেত্ৰখনত নতুনকৈ সংযোজিত হোৱা নৱপ্ৰজন্মৰ এই পৰিচালক গৰাকীৰ পৰিচালনাৰে ইতিমধ্যে আপোনালোকে কেইবাখনো চুটি ছবি উপভোগ কৰিছে আৰু তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “দ্যা শ্লেম বুক” বৰ্তমানেও মুক্তিৰ পথত। চিত্ৰনাট্য আৰু সহযোগী পৰিচালকৰ দায়িত্ব সম্পাদন কৰিছে ৰাজ দত্তই; সংলাপ নীল বৰ্মণৰ। সহকাৰী পৰিচালক ৰোহিত শৰ্মা লগতে সমৰ বৰুৱা। চুটি ছবিখনত অভিনয়ো কৰিছে বৰ্তমান সময়ৰ প্ৰত্যাশিত কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে; সেইকেইজন হৈছে ক্ৰমে কমল লোচন, অচিন্ত ৰাজ কাশ্যপ, নিৰূপম শইকীয়া, প্ৰয়াস শৰ্মা তামুলী, লুচিয়ানা দাস আৰু অসীম কৃষ্ণ বৰুৱাই। দৃশ্যগ্ৰহণ কৰিছে আশুতোষ কাশ্যপে; সহঃদৃশ্যগ্ৰহণকাৰী হৈছে উজ্জ্বল ডেকা আৰু ৰামজ্যোতি কৃষ্ণ চৰণ। লোকেশ্বন চাউণ্ড আৰু চাউণ্ড ডিজাইন সুলাগ্না সন্দিকৈৰ; আনহাতে, বিজিএম জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ। ৰূপসজ্জা বিশ্বৰ আৰু প্ৰডাকচন মেনেজাৰ মিলন জ্যোতি নেওঁগৰ; কলা নিৰ্দেশক হিৰণ্য নেওঁগ আৰু সম্পাদনা কৰিছে উদ্দীপ্তই। ডি.আই আজানুৰ ৰহমানৰ লগতে জি.এফ.এক্স ৰামজ্যোতি কৃষ্ণচৰণৰ।


চুটি ছবিখনৰ বাবে অপেক্ষাৰত এতিয়া মনোৰঞ্জনপ্ৰেমী প্ৰতিজন দৰ্শক। “সুৰ বাহিনী” ৰ মুক্তিৰ বাবে তথা ইয়াৰ সৈতে জড়িত কলা-কুশলীক ৰূপালীপৰ্দাৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform