Rupaliparda.com
"Jibon Unplugged" ৰ নতুন সংযোজন "আবেলিৰ ৰ'দালি"; খণ্ডটিত অংকুৰিত জনপ্ৰিয়তাঃ 1

“Jibon Unplugged” ৰ নতুন সংযোজন “আবেলিৰ ৰ’দালি”; খণ্ডটিত অংকুৰিত জনপ্ৰিয়তাঃ

চাৰিওকাষ জনপূৰ্ণ হৈ থাকিলেও কেতিয়াবা আমি নিজক মনত পেলাওঁ; নিজলৈ মনত পেলাই পূৰণি স্মৃতি সমূহক ৰোমন্থন কৰোঁ। আমি প্ৰায়ে পূৰণিক নিজৰ হাতত ৰাখিবলৈ চেষ্টা কৰোঁ যদিও নোৱাৰোঁ; এটা সময়লৈ গৈ থকা অৱস্থাত ই ক’ৰবাত হেৰাই থাকেগৈ। Youthzkorner ৰ বেনাৰত নিৰ্মিত এখন অসমীয়া ৱেব চিৰিজৰ নাম হৈছে “Jibon Unplugged”। ইতিমধ্যে চিৰিজখনৰ মুক্তিপ্ৰাপ্ত প্ৰতিটো খণ্ডই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিজন দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। বাস্তৱমুখী হোৱা বাবেই হয়টো উক্ত ৱেব চিৰিজখনৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰে দৰ্শকে। খুব কম সময়ৰ ভিতৰতে দৰ্শকে সংযোগ কৰিব পৰা বিধৰ একোটা বিষয়বস্তু উপস্থাপনত চিৰিজখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী যে সফল হৈছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। আপোনালোকে খণ্ডকেইটা উপভোগ কৰিলেই বুজিবলৈ সক্ষম হ’ব যে ইয়াৰ কাহিনীয়ে আপোনাকো ক’ৰবাত নহয় ক’ৰবাত সংযোগ কৰিবলৈ সক্ষম হৈছে। কাৰণ জীৱনৰ একেবাৰেই সাধাৰণ কিছুমান মূহুৰ্তক লৈ এই খণ্ডসমূহক ৰাইজৰ মাজলৈ উলিয়াই অনা হৈছে। শেহতীয়াকৈ মুক্তি লাভ কৰা খণ্ডটোৰ নাম হৈছে “আবেলিৰ ৰ’দালি”; পাহৰিব খুজিও পাহৰিব নোৱাৰা সময়ৰ কাহিনীক লৈ এই চিৰিজখনৰ কাহিনীভাগ ৰাইজৰ মাজলৈ উলিয়াই অনা হৈছে। পৰিচালক ৰূপে অনুপ্ৰাস দাস যে আকৌ এবাৰ সফল হৈছে সেই কথা আকৌ এবাৰ এই খণ্ডটোৱে প্ৰকাশ কৰিছে।


সদ্যমুক্তি খণ্ডটোত অভিনয় কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ দুগৰাকীকৈ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। তেওঁলোক হৈছে ক্ৰমে জয় কাশ্যপ আৰু সুনীতা কৌশিক। দুয়োগৰাকীৰেই অভিনয়ৰ দক্ষতাত বৰ্তমান মুগ্ধ হৈছে প্ৰতিজন দৰ্শক। খণ্ডটোৰ কাহিনীভাগ লিখিছে পাৰ্থ গোস্বামীয়ে। ৬ মিনিট দৈৰ্ঘ্যৰ “আবেলিৰ ৰ’দালি” শীৰ্ষক এই খণ্ডটোৰ দৃশ্যগ্ৰহণ কৰিছে অনুপ্ৰাস দাস আৰু জগদীশ দাসে। সহঃ পৰিচালনাৰ দায়িত্বত আছে নিলাক্ষী ডেকা; ৰূপসজ্জা কৰিছে ডেইজী তেৰাংগপীয়ে। এনিমেশ্বন সৌৰভ হাজৰিকাৰ আৰু গ্ৰাফিক্স কৰিছে সাগৰিকা বি ৰিকুৱে। খণ্ডটোৰ যোগেৰেই এটা কথাক বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে যে আমি কেৱল মাত্ৰ প্ৰাপ্তিৰ বাবে কোনো লোকৰ সৈতে প্ৰেম অথবা আন্তৰিকাৰ জন্ম নিদিওঁ। আমি প্ৰিয় জনৰ সৈতে থাকিবলৈ বিচাৰিলেও আচলতে কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া য’ত আমি ইজনে আনজনৰ পৰা আঁতৰি থাকিবলগীয়া হওঁ। যদিও, আমি জীৱনৰ দুটা ভিন্ন পথলৈ গতি কৰোঁ তথাপিও কোনোবাখিনি সময়ত তেওঁ দিয়া সাহসকণ, উৎসাহখিনি আমি পাহৰিব নোৱাৰোঁ। সময় আৰু পৰিস্থিতিৰ বশৱৰ্তী হৈ এহাল প্ৰেমিকদ্বয়ে সন্মুখীন হোৱা দূৰত্বৰ কাহিনীৰে সম্পূৰ্ণ হৈ উঠিছে “আবেলিৰ ৰ’দালি”।তৎক্ষণাত আৰম্ভ হৈ আকস্মিকভাৱে শেষ হৈ যোৱা উক্ত খণ্ডটোত ইউটিউবতো বহুল অংকত সন্নিৱিষ্ট হৈছে ভিউৱাৰচৰ। খণ্ডটোৰ সৈতে সংযোজিত মিউজিকটোৱেও আচলতে টানিছে দৰ্শকক; যাৰ দায়িত্বত আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা আৰু ৰাকেশ বাড়ো।

"Jibon Unplugged" ৰ নতুন সংযোজন "আবেলিৰ ৰ'দালি"; খণ্ডটিত অংকুৰিত জনপ্ৰিয়তাঃ 2


পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ লগতে প্ৰকল্পটোৰ সৈতে জড়িত আন একাংশ কলা-কুশলীৰ সুন্দৰ সহযোগিতাৰে সাফল্যমণ্ডিত হোৱা “আবেলিৰ ৰ’দালি” ৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform