An Era Ends With Dilip Kumar’s Death At 98 — জোকাৰি যোৱা খবৰ । বলিউডেৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ কায়িক ভাবে আতৰি গ’ল উভতি নহা বাটেৰে । বুধবাৰে পুৱা ৭ . ৩০ বজাত ।যোৱা ৩০ জুনৰ পৰা মুম্বাইৰ হিন্দুজা হাসপাতালত চিকিৎসা চলি আছিল আৰু আজি চিকিৎসা বিজ্ঞানে হাৰ মানে ! অন্তিম শ্বাস লোৱাৰ সময়ত বলিউডৰ প্ৰথম ছুপাৰষ্টাৰ গৰাকীৰ ওচৰত আছিল পত্নী সায়ৰা বানু ।
দিলীপ কুমাৰ জন্ম পাকিস্তানৰ খাইবাৰত , ১১ ডিসেম্বৰ ১৯২২ ত , এটি মুছলিম সম্ভ্রান্ত পৰিয়ালত । পিতৃ লালা গোলাম ছাৰৱাৰ আছিল ফলৰ ব্যবসায়ী । মাতৃ আয়েশা বেগম আছিল সংগীত প্ৰেমী । পিতৃৰ ব্যৱসায় এদিন বন্ধপ্ৰায় হৈছিল আৰু মাত্ৰ ১২.৫০ টকা বেতনত বোম্বাইৰ ( মুম্বাই ) চিনেমা উদ্যোগত কাম আৰম্ভ কৰিছিল । আৰু এদিন বলিউডৰ সাধাৰণ কৰ্মিৰ পৰা গৈ নায়কৰ ট্ৰেকত খোজ দিয়াৰ সুযোগ পাইছিল আৰু অভিনয় শক্তিৰে মহাতাৰকালৈ ৰূপান্তৰ হৈছিল ।
****
সর্বশেষ রচনাশৈলী একজন গুণী অভিনেতা দিলীপ কুমাৰ । ” — সত্যজিৎ ৰায় ” Dilip Kumar as the greatest actor of all time. ” — অমিতাভ বচ্চন বলিউডী নাম — দিলীপ কুমাৰ । জন্মৰ পিছতে নাম ৰাখিছিল মোহম্মদ ইউছুফ খান । বলিউডৰ বাটত খোজ পেলোৱাৰ সযয়তে কোৱা হৈছিল — ইউছুফ খান ! নোৱাৰিবা , এই নামেৰে বলিউডৰ নায়কৰ ট্ৰেকত দৌৰিব নোৱাৰিবা ! নাম সলাব লাগিব ! — আপত্তি কৰাৰ কাৰণ বিছাৰি নাপালে । আৰম্ভ কৰিলে বলিউড যাত্ৰা ।১৯৪৪ চনত চিত্ৰগৃহলৈ আহিল প্ৰথম খন চিনেমা । ‘ বোম্বে টকিজে ‘ৰ প্ৰযোজনা ‘জোৱাৰ ভাটা ‘ । আৰু তাৰ পিছত ? — অভিনয় কৰি গ’ল১৯৪৯ চনত ‘ আন্দাজ ‘ , ১৯৫২ চনত ‘ চালবাজ ‘ , ১৯৫৫ চনত ‘ দেবদাস ‘, ১৯৫৫ চনত ‘ আজাদ ‘, ১৯৬০ত ‘ মুগল-ঈ -আজম ‘, ১৯৬১ ‘ গঙ্গা যমুনা ‘ আদি । সকলো ঠিকেই চলি আছিল ; কিন্তু ১৯৭৬ চনত সন্যস ল’লে দিলীপ কুমাৰে । অৱশ্যে চাৰি – পাঁচ বছৰ ! আৰু বিৰতিৰ পিছত নতুন ৰূপ ! চিত্ৰগৃহলৈ আহে — ‘ শক্তি ‘ (১৯৮২), ‘ কর্ম ‘ (১৯৮৬) আৰু ‘ সৌদাগৰ ‘ (১৯৯১)। অভিনেতা গৰিকীৰ সর্বশেষ অভিনীত চিনেমা ‘ কিলা ‘ (১৯৯৮)। ### দিলীপ কুমাৰে কোন গৰাকী নায়িকাৰ বিপৰীতে আভিনয় কৰিছে ? — অভিনেত্রী বৈজয়ন্তীমালাৰ সৈতে । সাত খন চিনেমাত । কোৱা হয় — বলিউডৰ সফল , চিৰসেউজ যুটী ।
### দিলীপ কুমাৰে ভাৰতীয় অভিনেতা হিচাবে সর্বোচ্চসংখ্যক বঁটা প্ৰাপ্তিৰে গিনিজ বিশ্ব ৰেকর্ড বুকত স্থান লাভ কৰে । অভিনেতা গৰাকীয়ে ৮ বাৰ ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা বঁটা সহ ১৯ বাৰ ফিল্মফেয়াৰ মনোনয়ন পাইছিল । অভিনেতা গৰাকীয়ে ১৯৯৩ চনত ফিল্মফেয়াৰ আজীবন বঁটাৰে সম্মানিত হয় । আৰু ২৬ জানুৱাৰি ২০১৫ ত ভাৰত সৰকাৰে অভিনেতা গৰাকীক পদ্মবিভূষণেৰে সন্মানিত কৰে ।
| বছৰ | চিনেমা | ভূমিকা | বঁটা |
| ১৯৪৪ | জোৱাৰ ভাটা | জগদীশ | ০০০ |
| ১৯৪৫ | প্রতীমা | ০০০ | ০০০ |
| ১৯৪৬ | মিলন | ৰমেশ | ০০০ |
| ১৯৪৭ | জুগনু | সুৰজ | ০০০ |
| ১৯৪৮ | ছহীদ | ৰাম | ০০ |
| ১৯৪৮ | নাদিয়া কে পাৰ | চটে কুমাৰ | ০০০ |
| ১৯৪৮ | মেলা | মোহন | ০০০ |
| ১৯৪৮ | ঘৰ কি ইজ্জত | চন্দ্ৰ | ০০০ |
| ১৯৪৮ | আনোখা প্যাৰ | অশোক | ০০০ |
| ১৯৪৯ | শ্ববনম | মনোজ | ০০০ |
| ১৯৪৯ | আন্দাজ | দিলীপ | ০০০ |
| ১৯৫০ | জোগান | বিজয় | ০০০ |
| ১৯৫০ | বাবুল | অশোক | ০০০ |
| ১৯৫০ | আৰজু | বাদল | ০০০ |
| ১৯৫১ | তাৰানা | মতিলাল | ০০০ |
| ১৯৫১ | হালচাল | কিশোৰ | ০০০ |
| ১৯৫১ | দিদাৰ | শ্যামু | ০০০ |
| ১৯৫২ | ছাঙ্গদিল | শঙ্কৰ | ০০০ |
| ১৯৫২ | দাগ | শংকৰ | বিজয়ী: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৫২ | আন | জয় তিলক | ০০০ |
| ১৯৫৩ | শিকাস্ট | ড. ৰাম সিং | ০০০ |
| ১৯৫৩ | ফুটপাথ | নশু | ০০০ |
| ১৯৫৪ | অমৰ | অমৰনাথ | ০০০ |
| ১৯৫৫ | উদান খাতোলা | কাশী | ০০০ |
| ১৯৫৫ | ইনছানিয়াত | মঙ্গল | ০০০ |
| ১৯৫৫ | দেবদাস | দেবদাস | বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৫৫ | আজাদ | আজাদ | বিজয়ী ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৫৭ | নয়া দৌৰ | শঙ্কৰ | বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বটা |
| ১৯৫৭ | মুছাফিৰ | ৰাজা | ০০০ |
| ১৯৫৮ | ইহুদী | প্ৰিন্স মার্কাছ | ০০০ |
| ১৯৫৮ | মধুমতি | আনান্দ আৰু দিবেন | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৫৯ | পাইগাম | ৰতন লাল | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৬০ | কোহিনুৰ | যুবৰাজ ৰানা দেবেন্দ্র বাহাদুৰ | বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৬০ | মুগল-ঈ -আজম | যুবৰাজ ছেলিম | ০০০ |
| ১৯৬১ | গঙ্গা যমুনা | গংগুৰাম,গঙ্গা | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৬৪ | লিডাৰ | বিজয় খান্না | বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৬৬ | দিল দিয়া দর্দ লিয়া | শঙ্কৰ ,ৰাজা ছাহেব | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৬৭ | ৰাম অউৰ শ্যাম | ৰাম আৰু শ্যাম (দ্বৈত ভূমিকা) | বিজয়ী : ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৬৮ | সংঘর্ষ | কুন্দা প্ৰসাদ | মনোনীত: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৬৮ | আদমী | ৰাজেশ | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৭০ | ছাজিনা মাহাতো ( বাংলা চিনেমা ) | ছাজিনা | ০০০ |
| ১৯৭০ | গোপি | গোপি | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৭২ | দাস্তান | অনিল/সুনীল(দ্বৈত ভূমিকা) | ০০০ |
| ১৯৭২ | আনোখা মিলন | ( অতিথি অভিনেতা ) | ০০০ |
| ১৯৭২ | কৌশিশ | ( অ . অ . ) | ০০০ |
| ১৯৭৪ | ছাগিনা | ছাগিনা | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৭৪ | ফির কাব মিলোগী | তেজা সিং | ০০০ |
| ১৯৭৬ | বৈৰাগ | কৈলাশ – ভোলানাথ – সঞ্জয় (ট্রিপল ভূমিকা) | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা |
| ১৯৮১ | ক্রান্তি | চানগা – ক্রান্তি | ০০০ |
| ১৯৮২ | বিধাতা | শচছেৰ সিং | ০০০ |
| ১৯৮২ | শক্তি | অশ্চিনী কুমাৰ | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা |
| ১৯৮৩ | মাজদোৰ | দিনানাথ ছাক্সিনা | ০০০ |
| ১৯৮৪ | দুনিয়া | মোহন কুমাৰ | ০০০ |
| ১৯৮৪ | মশাল | বিনোদ কুমাৰ | মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা |
| ১৯৮৬ | ধৰম অধিকাৰী | ধৰ্মা | ০০০ |
| ১৯৮৬ | কর্মা | বিশ্বনাথ প্রতাপ সিং, – ইলিয়াস ৰানা – দাদা ঠাকুৰ | ০০০ |
| ১৯৮৯ | কানুন আপনা আপনা | কালেক্টার জগৎ প্রতাপ সিং | ০০০ |
| ১৯৯০ | ইজ্জতদাৰ | ব্রহ্মা দত্ত | ০০০ |
| ১৯৯১ | সৌদাগৰ | ঠাকুৰ বীৰ সিং | মনোনীত: ফিল্মফেয়াৰ / শ্রেষ্ঠ অভিনেতা |
| ১৯৯৮ | কিলা | জগন্নাথ – অমৰনাথ সিং (দ্বৈত ভূমিকা) | ০০০ |
— এই চিনেমাত কৰা সেউজ অভিনয়ৰ বাবে ” বলিউড অভিনয় বাদশ্বাহ ” সদায় সেউজ হে থাকিব !







Add comment