Rupaliparda.com
Dilip Kumar

নক্ষত্ৰ পতন : দিলীপ কুমাৰ – উৎপল মেনা

An Era Ends With Dilip Kumar’s Death At 98 — জোকাৰি যোৱা খবৰ । বলিউডেৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ কায়িক ভাবে আতৰি গ’ল উভতি নহা বাটেৰে । বুধবাৰে পুৱা ৭ . ৩০ বজাত ।যোৱা ৩০ জুনৰ পৰা মুম্বাইৰ হিন্দুজা হাসপাতালত চিকিৎসা চলি আছিল আৰু আজি চিকিৎসা বিজ্ঞানে হাৰ মানে ! অন্তিম শ্বাস লোৱাৰ সময়ত বলিউডৰ প্ৰথম ছুপাৰষ্টাৰ গৰাকীৰ ওচৰত আছিল পত্নী সায়ৰা বানু ।

দিলীপ কুমাৰ জন্ম পাকিস্তানৰ খাইবাৰত , ১১ ডিসেম্বৰ ১৯২২ ত , এটি মুছলিম সম্ভ্রান্ত পৰিয়ালত । পিতৃ লালা গোলাম ছাৰৱাৰ আছিল ফলৰ ব্যবসায়ী । মাতৃ আয়েশা বেগম আছিল সংগীত প্ৰেমী । পিতৃৰ ব্যৱসায় এদিন বন্ধপ্ৰায় হৈছিল আৰু মাত্ৰ ১২.৫০ টকা বেতনত বোম্বাইৰ ( মুম্বাই ) চিনেমা উদ্যোগত কাম আৰম্ভ কৰিছিল । আৰু এদিন বলিউডৰ সাধাৰণ কৰ্মিৰ পৰা গৈ নায়কৰ ট্ৰেকত খোজ দিয়াৰ সুযোগ পাইছিল আৰু অভিনয় শক্তিৰে মহাতাৰকালৈ ৰূপান্তৰ হৈছিল ।
****
সর্বশেষ রচনাশৈলী একজন গুণী অভিনেতা দিলীপ কুমাৰ । ” — সত্যজিৎ ৰায় ” Dilip Kumar as the greatest actor of all time. ” — অমিতাভ বচ্চন বলিউডী নাম — দিলীপ কুমাৰ । জন্মৰ পিছতে নাম ৰাখিছিল মোহম্মদ ইউছুফ খান । বলিউডৰ বাটত খোজ পেলোৱাৰ সযয়তে কোৱা হৈছিল — ইউছুফ খান ! নোৱাৰিবা , এই নামেৰে বলিউডৰ নায়কৰ ট্ৰেকত দৌৰিব নোৱাৰিবা ! নাম সলাব লাগিব ! — আপত্তি কৰাৰ কাৰণ বিছাৰি নাপালে । আৰম্ভ কৰিলে বলিউড যাত্ৰা ।১৯৪৪ চনত চিত্ৰগৃহলৈ আহিল প্ৰথম খন চিনেমা । ‘ বোম্বে টকিজে ‘ৰ প্ৰযোজনা ‘জোৱাৰ ভাটা ‘ । আৰু তাৰ পিছত ? — অভিনয় কৰি গ’ল১৯৪৯ চনত ‘ আন্দাজ ‘ , ১৯৫২ চনত ‘ চালবাজ ‘ , ১৯৫৫ চনত ‘ দেবদাস ‘, ১৯৫৫ চনত ‘ আজাদ ‘, ১৯৬০ত ‘ মুগল-ঈ -আজম ‘, ১৯৬১ ‘ গঙ্গা যমুনা ‘ আদি । সকলো ঠিকেই চলি আছিল ; কিন্তু ১৯৭৬ চনত সন্যস ল’লে দিলীপ কুমাৰে । অৱশ্যে চাৰি – পাঁচ বছৰ ! আৰু বিৰতিৰ পিছত নতুন ৰূপ ! চিত্ৰগৃহলৈ আহে — ‘ শক্তি ‘ (১৯৮২), ‘ কর্ম ‘ (১৯৮৬) আৰু ‘ সৌদাগৰ ‘ (১৯৯১)। অভিনেতা গৰিকীৰ সর্বশেষ অভিনীত চিনেমা ‘ কিলা ‘ (১৯৯৮)। ### দিলীপ কুমাৰে কোন গৰাকী নায়িকাৰ বিপৰীতে আভিনয় কৰিছে ? — অভিনেত্রী বৈজয়ন্তীমালাৰ সৈতে । সাত খন চিনেমাত । কোৱা হয় — বলিউডৰ সফল , চিৰসেউজ যুটী ।

### দিলীপ কুমাৰে ভাৰতীয় অভিনেতা হিচাবে সর্বোচ্চসংখ্যক বঁটা প্ৰাপ্তিৰে গিনিজ বিশ্ব ৰেকর্ড বুকত স্থান লাভ কৰে । অভিনেতা গৰাকীয়ে ৮ বাৰ ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা বঁটা সহ ১৯ বাৰ ফিল্মফেয়াৰ মনোনয়ন পাইছিল । অভিনেতা গৰাকীয়ে ১৯৯৩ চনত ফিল্মফেয়াৰ আজীবন বঁটাৰে সম্মানিত হয় । আৰু ২৬ জানুৱাৰি ২০১৫ ত ভাৰত সৰকাৰে অভিনেতা গৰাকীক পদ্মবিভূষণেৰে সন্মানিত কৰে ।

বছৰচিনেমাভূমিকাবঁটা
১৯৪৪জোৱাৰ ভাটাজগদীশ০০০
১৯৪৫প্রতীমা০০০০০০
১৯৪৬মিলনৰমেশ০০০
১৯৪৭জুগনুসুৰজ০০০
১৯৪৮ছহীদৰাম০০
১৯৪৮নাদিয়া কে পাৰচটে কুমাৰ০০০
১৯৪৮মেলামোহন০০০
১৯৪৮ঘৰ কি ইজ্জতচন্দ্ৰ০০০
১৯৪৮আনোখা প্যাৰঅশোক০০০
১৯৪৯শ্ববনমমনোজ০০০
১৯৪৯আন্দাজদিলীপ০০০
১৯৫০জোগানবিজয়০০০
১৯৫০বাবুলঅশোক০০০
১৯৫০আৰজুবাদল০০০
১৯৫১তাৰানামতিলাল০০০
১৯৫১হালচালকিশোৰ০০০
১৯৫১দিদাৰশ্যামু০০০
১৯৫২ছাঙ্গদিলশঙ্কৰ০০০
১৯৫২দাগশংকৰবিজয়ী: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫২আনজয় তিলক০০০
১৯৫৩শিকাস্টড. ৰাম সিং০০০
১৯৫৩ফুটপাথনশু০০০
১৯৫৪অমৰঅমৰনাথ০০০
১৯৫৫উদান খাতোলাকাশী০০০
১৯৫৫ইনছানিয়াতমঙ্গল০০০
১৯৫৫দেবদাসদেবদাসবিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫৫আজাদআজাদবিজয়ী ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫৭নয়া দৌৰশঙ্কৰবিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বটা
১৯৫৭মুছাফিৰৰাজা০০০
১৯৫৮ইহুদীপ্ৰিন্স মার্কাছ০০০
১৯৫৮মধুমতিআনান্দ আৰু দিবেনমনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫৯পাইগামৰতন লালমনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬০কোহিনুৰযুবৰাজ ৰানা দেবেন্দ্র বাহাদুৰবিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬০মুগল-ঈ -আজমযুবৰাজ ছেলিম০০০
১৯৬১গঙ্গা যমুনাগংগুৰাম,গঙ্গামনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৪লিডাৰবিজয় খান্নাবিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৬দিল দিয়া দর্দ লিয়াশঙ্কৰ ,ৰাজা ছাহেবমনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৭ৰাম অউৰ শ্যামৰাম আৰু শ্যাম (দ্বৈত ভূমিকা)বিজয়ী : ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৮সংঘর্ষকুন্দা প্ৰসাদমনোনীত: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৮আদমীৰাজেশমনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৭০ছাজিনা মাহাতো ( বাংলা চিনেমা )ছাজিনা০০০
১৯৭০গোপিগোপিমনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৭২দাস্তানঅনিল/সুনীল(দ্বৈত ভূমিকা)০০০
১৯৭২আনোখা মিলন( অতিথি অভিনেতা )০০০
১৯৭২কৌশিশ( অ . অ . )০০০
১৯৭৪ছাগিনাছাগিনামনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৭৪ফির কাব মিলোগীতেজা সিং০০০
১৯৭৬বৈৰাগকৈলাশ – ভোলানাথ – সঞ্জয় (ট্রিপল ভূমিকা)মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৮১ক্রান্তিচানগা – ক্রান্তি০০০
১৯৮২বিধাতাশচছেৰ সিং০০০
১৯৮২শক্তিঅশ্চিনী কুমাৰমনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা
১৯৮৩মাজদোৰদিনানাথ ছাক্সিনা০০০
১৯৮৪দুনিয়ামোহন কুমাৰ০০০
১৯৮৪মশালবিনোদ কুমাৰমনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা
১৯৮৬ধৰম অধিকাৰীধৰ্মা০০০
১৯৮৬কর্মাবিশ্বনাথ প্রতাপ সিং, – ইলিয়াস ৰানা – দাদা ঠাকুৰ০০০
১৯৮৯কানুন আপনা আপনাকালেক্টার জগৎ প্রতাপ সিং০০০
১৯৯০ইজ্জতদাৰব্রহ্মা দত্ত০০০
১৯৯১সৌদাগৰঠাকুৰ বীৰ সিংমনোনীত: ফিল্মফেয়াৰ / শ্রেষ্ঠ অভিনেতা
১৯৯৮কিলাজগন্নাথ – অমৰনাথ সিং (দ্বৈত ভূমিকা)০০০

— এই চিনেমাত কৰা সেউজ অভিনয়ৰ বাবে ” বলিউড অভিনয় বাদশ্বাহ ” সদায় সেউজ হে থাকিব !

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform