Rupaliparda.com
বৰষা ৰাভা

।। ” পানচুনা – ডালায় “ৰ গায়িকালৈ সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা – ২০২১।। –উৎপল মেনা

জীয়াই থাকোতে ” শিল্পীক সন্মান জনোৱা উচিৎ ” — এই উদ্দেশ্যেৰে লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত ” সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা ” দিয়াৰ কথা চিন্তা কৰিছিলো । এই প্ৰসঙ্গত দৈনিক জনমভূমিত মোৰ ” ৰাফকাট ” শিতানত লিখিছিলো । লেখাটো পঢ়ি কেইবাগৰাকীয়ো লোক আগবাঢ়ি আহিছিল । এগৰাকী চিনেমা প্ৰযোজকে বঁটাটো ” গ্লেমাৰ আৰ্টিষ্ট “ক দিলে লাখ টকা খৰচ কৰিবলৈ সাজু হৈছিল ! আমাৰ চিন্তাৰ সৈতে আগবাৰি অহা এজনৰো উদ্দেশ্য নিমিলিল । শেষত আমাৰ অনুৰোধত আগবাঢ়ি আহিছিল গ্ৰন্থ প্ৰকাশক (” চিত্ৰাচলৰ ” ) মৃণাল শৰ্মা । আমাৰ যি উদ্দেশ্য , সেই উদ্দেশ্য মনত ৰাখি ২০১৮ চনৰ পৰা ” সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান কৰি আহিছে । ” উদযাপন সমিতি “য়ে সিদ্ধান্ত লৈছে শিল্পী গৰাকীৰ কায়িক অবৰ্তমানতো এই বঁটা প্ৰদান কৰিব । ২০২১ বৰ্ষৰ এই বঁটাৰ বাবে বিশেষ জুৰী মণ্ডলীয়ে নিৰ্বাচন কৰিছে ৰাভা লোক সংগীতৰ উদিয়মান গায়িকা বৰষা ৰাভাক । তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী– নাছিকায় , ৰাংখোপ , পানচুনা – ডালায় , ছাকছাং ছাকছাং , ছিঙি খুৰাং , অ আঙি নাছিকায় , অ ৰিমা আদি শ্ৰাব্য সংগীতৰ গায়িকা বৰষা ৰাভাৰ সংগীত যাত্ৰাত এই বঁটাই নিশ্চয় উৎসাহ দিব !

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform