Rupaliparda.com
নিজ পত্নীৰ সৈতে ৰোমাঞ্চ কৰাৰ ইচ্ছা নাই ৰাজ কুন্দ্ৰাৰঃ 1

নিজ পত্নীৰ সৈতে ৰোমাঞ্চ কৰাৰ ইচ্ছা নাই ৰাজ কুন্দ্ৰাৰঃ

বিগত কেইবাদিনৰ পৰাই চচিয়েল মিডিয়াত চৰ্চা হৈ থকা বিষয়টো হৈছে ৰাজ কুন্দ্ৰাৰ। বি-টাউনৰ এগৰাকী জনপ্ৰিয় আৰু অনুৰাগীৰে পৰিপূৰ্ণ হৈ থকা শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ নাম শেহতীয়াকৈ জড়িত হৈ পৰিছে বি-গ্ৰেড ছবি সমূহৰ সৈতে। মংগলবাৰৰ দিনটোত তেওঁক আদালতলৈ লৈ যোৱা হৈছিল আৰু ২৩ তাৰিখে তেওঁক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান তেওঁক মুম্বাইস্থিত ভাইখলা জেলত ৰখা হৈছে। জানিব পৰা মতে, ৰাজ কুন্দ্ৰা ৯ টা কোম্পানীৰ পৰিচালক। তেওঁক আৰক্ষী জিম্মালৈ লৈ অনা কথাটোৰ পিছতেই চচিয়েল মিডিয়াত বহুল হাৰত ভাইৰেল হৈছে মিম সমূহৰ। প্ৰত্যেকেই চৰ্চা কৰিছে তেওঁক লৈ আৰু ইয়াৰ সমান্তৰালকৈ তেওঁৰ সৈতে জড়িত ভিন্ন কথাৰ প্ৰসংগক বাহিৰ উলিয়াই অনা হৈছে। কিছুদিন পূৰ্বে ৰাজ কুন্দ্ৰা সহিতে তেওঁৰ পত্নী শিল্পা ছেট্টী আৰু শমিতা ছেট্টী কপিল শৰ্মা শ্ব’লৈ আহিছিল। তেতিয়া তেওঁক কপিল শৰ্মাই প্ৰশ্ন কৰিছিল যে, যদি কেতিয়াবা ৰাজ কুন্দ্ৰাই ৰূপালী পৰ্দাত ৰোমাঞ্চ কৰাৰ সুবিধা লাভ কৰে তেতিয়া তেওঁ কোন গৰাকী অভিনেত্ৰীৰ সৈতে কৰিব?” এই প্ৰশ্নৰ উত্তৰত ৰাজকুন্দ্ৰাই নিজ পত্নী শিল্পাৰ নাম লোৱা নাছিল।

নিজ পত্নীৰ সৈতে ৰোমাঞ্চ কৰাৰ ইচ্ছা নাই ৰাজ কুন্দ্ৰাৰঃ 2


সেই সময়ত তেওঁ নাম লৈছিল দীপিকা পাডুকনৰহে। শেহতীয়াকৈ এনে বহু কথা বাহিৰ ওলাই অহা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, চলিত বৰ্ষতেই ৰাজকুন্দ্ৰাৰ বাসগৃহত অশ্লীল ছবিৰ শ্বুটিং চলি থকাৰ তথ্য লাভ কৰিছিল মুম্বাই আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিতেই বিগত ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.