Rupaliparda.com
শাওন মহীয়া পথাৰত ভূঁই ৰুই থকা কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ নতুন ৰূপঃ 1

শাওন মহীয়া পথাৰত ভূঁই ৰুই থকা কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ নতুন ৰূপঃ

শাওন মহীয়া পথাৰত ভূঁই ৰুই থকা কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ নতুন ৰূপ। প্ৰতিটো মূহুৰ্ততে সাধাৰণ হৈ থাকিবলৈ বিচৰা মণ্টুমণিয়ে ভূঁই ৰুই থকা অৱস্থাৰ কেইবাখনো ফটো আপলোড কৰি অনুৰাগীৰ আকৰ্ষণ টানিছে।প্ৰায় প্ৰত্যেকটো গীতেই জনপ্ৰিয় হোৱা এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যাও অধিক। বিগত বহু দিনৰ অন্তত শেহতীয়াকৈ “মৰম সাঁচিছো তোমাৰে নামতে মই” শীৰ্ষক এটি গীতে মুক্তি লাভৰ পিছতেই লাভ কৰিছিল জনপ্ৰিয়তা। গীতটিত কথা দিছে মণ্টুমণি শইকীয়া আৰু ৰিতুমণিয়ে। সংগীত ধ্ৰুৱ ঠাকুৰীয়াৰ লগতে গীতটিত সুৰ কৰিছে ৰিতুমণি বৰদলৈয়ে। সহযোগী গীতিকাৰ হৈছে ৰাহুল গৌতম শৰ্মা; শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গীতটিক সঁহাৰি জনাই বিভিন্ন জনে ইতিবাচক কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষত বৰ্নাত্যক সহায় আগবঢ়োৱা ক্ষেত্ৰতো আগবাঢ়ি আহিছিল কন্ঠশিল্পী গৰাকী; কেইগৰাকী মান সতীৰ্থ কন্ঠশিল্পীৰ সৈতে লগ হৈ তেওঁ বৰ্নাত্যলৈ আগবঢ়াইছিল সহায়।যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে “পাহি” এলবামটিৰ সৈতে ৰাইজৰ সমুখলৈ আহি পিছলৈ “জাপে দিম দিচাং ত” শীৰ্ষক গীতটিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰিছিল।


“চেল্ফী লে লে ৰে”, “ৰৈ ৰৈ চাওঁ তোক”, “বগী বগী ছোৱালী” ইত্যাদি তেওঁৰ গীত সমূহ বৰ্তমানেও জনপ্ৰিয় হৈ আছে সকলোৰে মাজত।সকলোকে সন্ত্ৰাসগ্ৰস্ত কৰি তোলা এই ক’ভিড মহামাৰীৰ মাজতেই সংগীতশিল্পী একোগৰাকীয়ে নিজৰ সৃষ্টিসমূহক এনেদৰে জনসাধাৰণৰ মাজলৈ উলিয়াই অনা কথাটোৱে এতিয়া উৎসাহিত কৰিছে সংগীতপ্ৰেমী শ্ৰোতাক। অকণমান মনোৰঞ্জন প্ৰদানৰ স্বাৰ্থত তেওঁলোক বিভিন্ন সময়ত সক্ৰিয় হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.