Rupaliparda.com
বাবন বৰ্ণিল আৰু দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে "তোমাকে ৰাখো বুকুতে"- 1

বাবন বৰ্ণিল আৰু দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে “তোমাকে ৰাখো বুকুতে”-

“বুকুতে ঘৰ সাজি ল’লা সোণ তুমি নজনাকে, নোৱাৰিমেই থাকিব মই তুমি নোহোৱাকে”; আপোনজনক লৈ আমাৰ হেঁপাহ আৰু ইচ্ছা বোৰ সদায় বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকৰ অৱৰ্তমানত আমি এক মিনিট সময় থকাটোও যেন অস্বত্বিদায়ক হৈ পৰে। কিন্তু, প্ৰেম জানো সদায় প্ৰাপ্তিৰ বাবেই হয়? নিশ্চয় নহয়; আমি বৰ্তমানলৈ পঢ়ি অহা প্ৰতিটো প্ৰেম কাহিনী আধৰুৱা আৰু আধৰুৱা প্ৰেম কাহিনীবোৰৰেই এক সুকীয়া মাদকতা আছে। আমি মাত্ৰ এই প্ৰেম আৰু আপোনজনৰ মাজত নিজ স্বাৰ্থপৰতাবোৰ ত্যাগ কৰিব লাগিব। নাই, আজি আমি আপোনালোকক প্ৰেম বিষয়ত কোনো ধৰণৰ কথা ক’বলৈ বিচৰা নাই। এটা গীতক লৈহে এই প্ৰসংগসমূহ টানি অনা হৈছে। বাবন বৰ্ণিল আৰু জনপ্ৰিয দীপলিনা ডেকাৰ কণ্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰা গীত “তোমাকে ৰাখো বুকুতে” লাভ কৰিছে বহুল হাৰত শ্ৰোতা-দৰ্শকৰ সমাদৰ। অসমীয়া সংগীক্ষেত্ৰখনৰ দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিক লৈ উৎসাহিত হৈছে তেওঁলোকৰ অনুৰাগীও। দীপলিনাৰ কণ্ঠ বুলিলেই সাম্প্ৰতিক সময়ছোৱাত যুৱপ্ৰজন্মৰ বুকুৰ ঢপঢপনি বাঢ়িবলৈ ধৰে। এই ঢপঢপনিয়ে কণ্ঠশিল্পী গৰাকী প্ৰত্যেকটা গীতক জনপ্ৰিয়তাৰ দুৱাৰডলিলৈ লৈ যায়। উক্ত গীতটিত জনপ্ৰিয়তাৰ সমান্তৰালকৈ দীপলিনাৰ অনুৰাগীৰ প্লে-লিষ্টত তেওঁৰ কণ্ঠৰ আন এটা সন্নিৱিষ্ট হৈ পৰিল বুলি ক’লেও ভুল কোৱা নহ’ব।


আনহাতে, গীতটিত কণ্ঠদান কৰাৰ লগতে সংগীত কৰিছে আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বাবন বৰ্ণিলে। কণ্ঠদান কৰাৰ উপৰিও সুৰ-সংগীতেৰে গীতসমূহক শ্ৰোতা-দৰ্শকৰ মাজত সুন্দৰকৈ তুলি ধৰাৰ ক্ষেত্ৰত বাবন বৰ্ণিলৰ চেষ্টা উল্লেখনীয়। ইয়াৰ লগতে, গীতটিত কথা দিছে নৱপ্ৰজন্মৰ আন এগৰাকী প্ৰতিভা প্ৰশান্ত দাসে। ২০১৭ চনৰ সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰশান্ত দাসৰ কথাৰে নিৰ্মিত একোটা গীতত ৰাইজৰ সঁহাৰি আমি নুই কৰিব নোৱাৰোঁ। আপোনাক আমি উদাহৰণ দিবলৈ হ’লে মুখৰ ওচৰতে থকা গীত “আছোঁ থাকিম তোমাৰ স’তে” ৰ উদাহৰণ দিব পাৰোঁ। গীতটি ক্ষন্তেকতে নৱপ্ৰজন্মৰ মাজত ভাইৰেল হৈ পৰিছিল। আনহাতে, গীতটিত সুৰ কৰিছে বিকি কলিতা। এগৰাকী কণ্ঠশিল্পী ৰূপে উক্ত গীতটিৰ পৰাই সংগীত ক্ষেত্ৰখনত ভাইৰেল হৈ পৰা বিকি কলিতাৰ চৰ্চা এতিয়া ঠাইয়ে ঠাইয়ে। তেওঁ কিছুদিন পূৰ্বে নিজ ব্যক্তিগত ইউটিউব চেনেলটোৰ বাবদ লাভ কৰিছিল ইউটিউব চিলভাৰ বুটাম। বাবন বৰ্ণিল তথা দীপলিনা ডেকাৰ সৈতে নৱপ্ৰজন্মৰ আন আন প্ৰতিভা সমূহ জড়িত হৈ থকাৰ বাবে “তোমাকে ৰাখিলোঁ বুকুতে” শীৰ্ষক গীতটি জনসাধাৰণৰ ওচৰত আৰু অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

বাবন বৰ্ণিল আৰু দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে "তোমাকে ৰাখো বুকুতে"- 2

সদ্যমুক্তিপ্ৰাপ্ত গীতটিত জনসাধাৰণৰ আৰু অধিক সঁহাৰিৰ আশা কৰিছে ৰূপালীপৰ্দাই। ইয়াত লগতে, গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীকে পেজটিৰ তৰফৰ পৰা মই ৰীমা দত্তই জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform