Rupaliparda.com
অভিনেতা আৰু খেলুৱৈ “ৰাহুল বস”- 1

অভিনেতা আৰু খেলুৱৈ “ৰাহুল বস”-

এগৰাকী বলীউড তাৰকা। যিগৰাকী অভিনেতাৰ লগতে ছবি পৰিচালনা,চিত্ৰনাট্য লেখক, খেলুৱৈ তথা এগৰাকী সমাজ সেৱক। ২৭ জুলাই ১৯৬৭ চনত বাংগালোৰত জন্মগ্ৰহণ কৰা আৰু উক্ত সমগ্ৰ গুণৰ অধিকাৰী অভিনেতা গৰাকীৰ নাম হৈছে ৰাহুল বস।“ডা পাৰফেক্ট মাৰ্ডাৰ” ছবিখনৰ পৰা চলচিত্ৰ জগতত খোজ পেলোৱা এই অভিনেতাগৰাকীয়ে হৈছে প্ৰথম ভাৰতীয় যিয়ে “ৰগ্বী” খেলৰ দ্বাৰা কেইবাখনো আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ৰগ্বী খেলৰ বাহিৰেও তেওঁ চেইফ আলি খানৰ পিতৃ মন্সুৰ আলি খান পেটোদীৰ অন্তনিৰ্হিত টিমৰ সৈতে মিলি ক্ৰিকেট খেলিছে। তদুপৰি, ৰাহুল বসে বস্কিং খেলিও নিজৰ নামত এটা চিলভাৰ মেডেল অৰ্জন কৰিবলৈ সক্ষম হয়। অভিনেতাগৰাকীয়ে ক্ৰিকেট অথবা কাবাডী খেল চাবলৈ আহি খেলুৱৈৰ উৎসাহ বঢ়োৱা কিছুমান ফটো অথবা ভিডিঅ’ ফুটেজ ইতিমধ্যে চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

অভিনেতা আৰু খেলুৱৈ “ৰাহুল বস”- 2

ইয়াৰ পৰিৱৰ্তে, “পূৰ্ণাঃ ৰেজ হেজ ন’ লিমিট” নামে এখন ছবিৰ পৰিচালনা কৰাৰ লগতে অভিনেতাগৰাকীয়ে “প্যাৰ কে চাইড এফেক্ট”, “মান গয়ে মোগলে আজম”, “ঝংকাৰ বীটস”, “কুচ লৱ জেসা”, “চমেলী” আৰু “দিল ধৰকনে দ” আদি চিনেমাত অভিনয় কৰিছে। এখন প্ৰতিষ্ঠিত আলোচনী “টাইম মেগাজিন”-এ অভিনেতাগৰাকীক “ইংলিচ”, “আগষ্ট”, আৰু “মিষ্টাৰ এণ্ড মিচেচ আয়াৰ” আদি ছবিত কাম কৰাৰ বাবে “ডা চুপাৰষ্টাৰ ইণ্ডিয়ান আৰ্ট হাউচ চিনেমা” খিতাপ প্ৰদান কৰে।আজি জন্মদিনৰ দিনা তেওঁক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.