Rupaliparda.com
"মোৰ সৃষ্টি সমূহে যাতে জনসাধাৰণক উপকৃত কৰিব পাৰে মই তেনে কাম কৰিব বিচাৰোঁ"- তুলিকা মহন্ত 1

“মোৰ সৃষ্টি সমূহে যাতে জনসাধাৰণক উপকৃত কৰিব পাৰে মই তেনে কাম কৰিব বিচাৰোঁ”- তুলিকা মহন্ত

সৰুৰে পৰা যেতিয়া এটা বস্তু দেখি থকা হয় তেতিয়া সেই বস্তুটোৰ প্ৰতি আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে। আমি কেতিয়া সেই বস্তুটোৰ প্ৰতি ইমান আকৰ্ষিত হওঁ ধৰিবই নোৱাৰো; ঠিক তেনেদৰে, আমি যেতিয়াই কোনো সংগীতশিল্পী অথবা কন্ঠশিল্পী এগৰাকীৰ সাক্ষাৎকাৰ লৈছো আমি প্ৰায়ে তেওঁলোকে কোৱা শুনো যে তেওঁলোক সৰুৰ পৰাই অকণমানকৈ হ’লেও এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিল। অৰ্থাৎ সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই তেওঁলোক ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰিছিল; শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। সম্প্ৰতি সময়ছোৱাত প্ৰতিটো বিষয়তে আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। বহুল সংখ্যাত গীত সমূহৰ সৈতে জড়িত নহ’লেও তেওঁলোকৰ এই সংগীত ক্ষেত্ৰখনক লৈ থকা ইচ্ছা দৰ্শক-শ্ৰোতাৰ সমুখত তেওঁলোকক অধিক গ্ৰহণযোগ্য কৰি তোলে। শেহতীয়াকৈ আমি কথা পাতিছিলোঁ তুলিকা মহন্ত নামৰ এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ সৈতে। দ্বিতীয়-তৃতীয় শ্ৰেণীৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত এই গৰাকী কণ্ঠশিল্পীয়ে ২০১৭ চনৰ পৰা পেছাগত ভাৱে এই ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

"মোৰ সৃষ্টি সমূহে যাতে জনসাধাৰণক উপকৃত কৰিব পাৰে মই তেনে কাম কৰিব বিচাৰোঁ"- তুলিকা মহন্ত 2


তেওঁ কয় যে, “২০১৭ চনত নগাঁও মহাবিদ্যালয়ত পঢ়ি থকা সময়ত কলেজখনৰ তৰফৰ পৰা শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, সংগীত জগতখনৰ সৈতে একাত্ম হৈ পৰিছিলোঁ সেই তেতিয়াৰ পৰাই।” কণ্ঠশিল্পী গৰাকীৰ পৰা এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “আচলতে, “শিল্পী” ৰ এটা নিৰ্দ্দিষ্ট সংজ্ঞা দিব পৰা নাযায়। মোৰ মতে, এগৰাকী “শিল্পী” সেইজন যিয়ে সামাজিক-সাংস্কৃতিক দুয়োখন জগতৰ সৈতে সমানে জড়িত হয় নিজ নিস্বাৰ্থ কৰ্ম সম্পাদন কৰে। এগৰাকী “শিল্পী” যে কেৱল মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত হ’ব লাগিব তেনে নহয়। সমাজৰ হকে কাম কৰি নিজৰ সৃষ্টিৰে ৰাইজক উদ্বুদ্ধ কৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে মোৰ বোধেৰে একোগৰাকী শিল্পী।” এগৰাকী নৱপ্ৰজন্ম হিচাবে তেওঁৰ দায়বদ্ধতাৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ। এই প্ৰশ্নৰ উত্তৰত তুলিকা মহন্তই কয় যে, “এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী হিচাবে মই নিজৰ সম্যক প্ৰতিভা আৰু জ্ঞানেৰে যিমানখিনি পাৰোঁ ৰাইজক ভাল কাম দি যাবলৈ চেষ্টা কৰিম। মোৰ সৃষ্টি সমূহে যাতে জনসাধাৰণক উপকৃত কৰিব পাৰে মই তেনে কাম কৰিব বিচাৰোঁ।” তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত কয় যে, “আগলৈ বহুত কাম আছে; যিবোৰ এই ক’ভিড সৃষ্ট পৰিৱেশটোৰ বাবে স্তব্ধ হৈ ৰৈছে। গতিকে, যেতিয়াই এই পৰিস্থিতিৰ সাম কাটিব তেতিয়াই মোৰ কামবোৰ ৰাইজে দেখিবলৈ পাব। বহুত মন আছে নিজৰ একক এলবাম এটা মুকলি কৰিবলৈ, অতিশীঘ্ৰে ইয়াৰ কাম আৰম্ভ হ’ব।”

"মোৰ সৃষ্টি সমূহে যাতে জনসাধাৰণক উপকৃত কৰিব পাৰে মই তেনে কাম কৰিব বিচাৰোঁ"- তুলিকা মহন্ত 3
"মোৰ সৃষ্টি সমূহে যাতে জনসাধাৰণক উপকৃত কৰিব পাৰে মই তেনে কাম কৰিব বিচাৰোঁ"- তুলিকা মহন্ত 4


নৱপ্ৰজন্মৰ পৰিকল্পনা আৰু প্ৰচেষ্টাই সংগীতপ্ৰেমী শ্ৰোতাক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়। তুলিকা মহন্তৰ দৰে আন আন প্ৰতিভা সকলেও এই সংগীত ক্ষেত্ৰখনক আগবঢ়াই লৈ যোৱাত সহায় কৰিব বুলি আমি নিশ্চিত। এওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform