মোৰ দেশ- মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বত-মূললৈ..”
“তুমিটো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়”
………এনেধৰণৰ কেইবাটাও কবিতাৰ গৰাকী হীৰেন ভট্টাচাৰ্য্যৰ আজি জন্মবাৰ্ষিকী। “কবি” বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটা নাম। “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰু দা” নামেৰে খ্যাত হীৰেন ভট্টাচাৰ্য্য দেৱৰ প্ৰতিটো কবিতা জনসাধাৰণৰ মাজত জনপ্ৰিয়। “আজি মোৰ এন্ধাৰতে টোপনি ভাগিল” শীৰ্ষক একোটা কবিতাৰ দ্বাৰা পঢ়ুৱৈৰ মন-মগজুত ঠাই বিস্তাৰ কৰা হীৰেন ভট্টাচাৰ্য্যৰ জন্ম হৈছিল যোৰহাটত। বিংশ শতিকাৰ শেষৰ দশককেইটাত অনিৰ্বাচনীয় কবিতাৰে পাঠকৰ মনগহ্বৰত সোমাই পৰা হীৰু দাৰ প্ৰথমখন কবিতাৰ সংকলন মুক্তি লাভ কৰে ১৯৭২ চনত; এই পুথিখনৰ নাম আছিল “মোৰ দেশ মোৰ প্ৰেমৰ কবিতা”। জনপ্ৰিয় সাহিত্য সমালোচক হীৰেন গোঁহাইয়ে এবাৰ হীৰু দাৰ জীৱন সম্পৰ্কে বক্তব্য দাঙি ধৰোতে কৈছিল যে, “ওপৰে ওপৰে চালে হীৰেন ভট্টাচাৰ্য্যৰ জীৱন খেয়ালী আৰু বিশৃংখল। কিন্তু তেওঁৰ শিল্পী জীৱন বান্ধি ৰাখিছিল সহজে চকুত নপৰা ৰুচিবোধ আৰু সংযমেৰে। কাৰো লগত বিবাদ-বিতৰ্কত লিপ্ত হোৱাটো তেওঁৰ বাবে আছিল সময়ৰ অপচয়। অথচ অসমীয়া ভাষা সংস্কৃতিৰ ঐতিহ্যৰ বাবে তেওঁ সচেতনভাৱে দায়বদ্ধ আছিল।” ১৯৭৬ চনত হীৰেন ভট্টাচাৰ্য্যই লাভ কৰিছিল অসম সাহিত্য সভাৰ “ৰঘুনাথ চৌধুৰী বঁটা”; ইয়াৰ পিছতে তেওঁক প্ৰদান কৰা হয় বিভিন্নটা বঁটা ক্ৰমে “সাহিত্য অকাডেমী বঁটা” “বিষ্ণু ৰাভা বঁটা”, “বালাজী সাহিত্য বঁটা”, “চোভিয়েট দেশ নেহেৰু বঁটা” কে ধৰি আন বহুতো।
২০১২ চনত কবি গৰাকীৰ দেহাৱসান ঘটাত স্তব্ধ হৈ পৰিছিল অসমীয়া শিল্পী জগত। হীৰু দাই আগবঢ়োৱা অৱদানসমূহে অসমৰ সংস্কৃতিৰ ভঁৰাল পৰিপূৰ্ণ কৰি ৰখাত যথেষ্ট সহায় কৰিছে।হীৰেন ভট্টাচাৰ্য্যৰ কবিতা সমূহক লৈ ইতিমধ্যে কেইবাটাও গীতৰ সৃষ্টি হৈছে। তেওঁ কবিতাসমূহক গীত আকাৰে প্ৰস্তুত কৰি সংগীত ক্ষেত্ৰখনত বহু প্ৰতিভাই প্ৰশংসা লাভ কৰাও দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ তেওঁৰ জন্মদিন উপলক্ষে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই মুকলি কৰি দিছিল এটি নতুন গীত। হীৰেন ভট্টাচাৰ্য্যৰ আন এটি উল্লেখনীয় কবিতা “মোৰ চকুলোৰে চিকুণ বাঁহী” য়ে শেহতীয়াকৈ মুক্তি লাভ কৰিছে সৌৰভ মহন্তৰ কণ্ঠৰে। হীৰেন ভট্টাচাৰ্য্যৰ জন্মদিন উপলক্ষে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই গীতটিক। ইয়াত কণ্ঠদান কৰাৰ উপৰিও সুৰ আৰু সংগীত সৌৰভ মহন্তৰ নিজেই। লগতে, গীতাৰ তপন দাস আৰু বাঁহী বজাইছে নৱজিৎ শইকীয়াই। তবলা বজাইছে পবন বৰদলৈ আৰু দিব্যজ্যোতি চাংমাইৰ। শব্দ সংমিশ্ৰণ চলমন মছাহাৰীৰ। মুক্তি লাভৰ পিছতেই গীতটিত শ্ৰোতাৰ বহুল সমাদৰ পৰিলক্ষিত হৈছে। আমি প্ৰায় কৈ আহিছোঁ, প্ৰায় প্ৰতিটো দিশত নৱপ্ৰজন্মৰ সক্ৰিয়তা মন কৰিবলগীয়া। মনোৰঞ্জন ক্ষেত্ৰখনকেই উদ্দেশ্যি ইয়াৰ উদাহৰণ সমূহ অৱশ্যে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি।
হীৰেন ভট্টাচাৰ্য্যক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে সৌৰভ মহন্ত আৰু গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক জনাইছোঁ অশেষ শুভকামনা।
Add comment