Rupaliparda.com
Aideu

|| ৰাফ cut : আৰু চৰ্চালৈ অহা স্থিৰ খন ||- উৎপল মেনা

অৰূপ মান্নাৰ প্ৰথম পৰিচালনাই আমাক সন্তুষ্ট কৰিব পৰা নাছিল । অসন্তুষ্টিৰ মুল কাৰণ পৰিচালক গৰাকীৰ চিনেদক্ষতা আমি অনুভৱ কৰিছিলো ! — সেই সময়ত মোৰ কৰ্মস্থান আছিল ‘ আজি ‘ । পুৱা ১০ – ১১ বজাৰ পৰা ৰাতি কাম শেষ নোহোৱালৈকে কাৰ্যালয়তে থাকো । কাৰ্যায়লৈ মাজে সময়ে অৰূপ মান্না আহে , কথা পতো । বিষয় : চিনেমা । কেৱল চিনেমা । কিন্তু অৰূপ মান্নাৰ যি চিনেমা ধাৰণা ( কথা পতাৰ মাজেৰে মই অনুভৱ কৰা ) সেয়া প্ৰথম পৰিচালনা ‘ জীৱন তৃষ্ণা ‘ত দেখা নাছিলো । স্বাভিবিকতে পৰিচালক গৰাকীৰ পৰৱৰ্তী চিনেকৰ্মৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল । যাৰ বাবে পৰিচালক গৰাকীৰ ‘ আইদেউ ‘ চাইছিলো বহু পলমকৈ । ২০১৬ চনত । ২০০৭ চনৰ চিনেমা খন চাইছিলো ২০১৬ ত । আৰু চাইছিলো অন্য এক কাৰণত । কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰৰ নাটক ‘ আইদেউ ‘ চাইছিলো হেঙুল থিয়েটাৰৰ মঞ্চত । সেই নাটক খনৰ সৈতে চিনেমা খনৰ কিমান মিল , কিমান অমিল — জনাৰ হেপাহ হৈছিল । কিন্তু চিনেমা খন চাবলৈ বহি মিল – অমিলৰ ৰেখা এদাল টানিবলৈ সাজু হোৱা সময়তে প্ৰবেশ কৰিছিলো মেদহীন , ‘ গতিমন্ত্ৰ ‘ ৰে বন্ধা ৰূপালী গল্প এটাৰ আত্মাত । ( বিষয় — ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! – হয় , আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চিনেমা । প্ৰথম খন অসমীয়া চিনেমা ‘ জয়মতী ‘ৰ নায়িকা আইদেউ সন্দিকৈৰ যন্ত্ৰনা – ত্যাগ , যন্ত্ৰনাৰ মাজত সুখৰ সন্ধান ইত্যাদি পৰিচালকে পৰিপটিকৈ ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে । ) আমাৰ ধাৰণাত চিনেমা খনৰ লেখকে , পৰিচালকে কাহিনীৰ গতি বা অন্য কাৰণত কল্পনাৰ আশ্ৰয় লোৱা নাই । অভিনেত্ৰী গৰাকীৰ ‘ জীৱন কথা ‘ গল্পলৈ ৰূপান্তৰ কৰি সাহিত্য – কেমেৰাৰ ভাষাৰে ‘ বাস্তব ছবি ‘ আঁকিছে । কোনো মূহুৰ্ততে তথ্যচিত্ৰ পৰ্যায়লৈ যাব দিয়া নাই । অতুক্তি কৰা নহব , যদিহে এনেদৰে কোৱা হয় — আইদেউৰ সৈতে কেমেৰা এটা ঘূৰিছে । আৰু আমি Live চাই আছো ।

আৰু চৰিত্ৰ নিৰ্মাণ ? — আইদেউ আৰু জ্যোতি প্ৰসাদ চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে ক্ৰমে চন্দনা শৰ্মা , প্ৰশান্ত কুমাৰ দাসক লৈ । এই চৰিত্ৰ দুটাৰ স্থিৰ চিত্ৰ এখন সামাজিক মাধ্যমত ‘ জয়মতী ‘ ৰ চিত্ৰগ্ৰহণৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা – আইদেউ সন্দিকৈ বুলি চৰ্চালৈ আহিছে । এই যে ‘ ভুল চৰ্চ ‘ হৈছে , এটা দিশ স্পষ্ট হৈছে — চৰিত্ৰৰ দুটাৰ বাবে অভিনেতা – অভিনেত্ৰী নিৰ্বাচনত ভুল হোৱা নাই । এই দুটায়ে নহয় , প্ৰতিটো চৰিত্ৰৰ বাবে অভিনেতা – অভিনেত্ৰী নিৰ্বাচনত পৰিচালকে যে পৰিশ্ৰম কৰিছে চিনেমা খন চোৱাৰ সময়ত অনুভৱ কৰিছো । পৰিশ্ৰম কৰিছে চৰিত্ৰ নিৰ্মাণতো । সাজ – পাৰ , আচৰণ , সংলাপ প্ৰক্ষেপণ আদি প্ৰতিটো দিশতে , প্ৰতিগৰাকী অভিনেতা – অভিনেত্ৰীক পৰিচালকে ‘ বাস্তৱত বান্ধী ‘ ৰাখিছে । ‘ বাস্তৱ অভিনয় ‘ৰ লগতে চিনেমা খনৰ সৌন্দৰ্য কেমেৰাৰ ভাষা আৰু সংগীত । কেমেৰাৰ ভাষা ( চিত্ৰগ্ৰহণ ) পৰিচালক অৰূপ মান্নাই নিজে ব্যৱহাৰ কৰিছে । সংগীত মানস হাজৰিকাৰ । নবামিকা বৰঠাকুৰে প্ৰযোজনা কৰা এই চিনেমা খনত অভিনয় কৰিছে আইদেউ সন্দিকৈ, চন্দনা শৰ্মা , নবামিকা বৰঠাকুৰ , সপোনটি বৰদলৈ আদিয়ে ।

সংযোজন : ‘ আইদেউ ‘ৰ চিনেযাত্ৰা আৰম্ভ হয় মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা , ২০০৭ চনৰ ৮ ফেব্ৰুৱাৰী ত । আৰু প্ৰদৰ্শিত হয় পুনা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দিল্লী হেবিটেট চলচ্চিত্ৰ উৎসৱ , মিউনিখ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ , ব্ৰাজিলত অনুষ্ঠিত ছাউ-পাউলো চলচ্চিত্ৰ উৎসৱত ( “The New Film Makers” প্ৰতিযোগিতা শাখাত ) আদিত । চিনেমা খনে লাভ কৰে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৫৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । ৮১ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহে ২০০৭ ত ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform