অৰ্থ নোহোৱা কিছু গীত প্ৰস্তুত কৰি বলীউড ক্ষেত্ৰখনত “ধিনছাক পূজা” নামে এগৰাকী ইউটিবাৰ যেনেদৰে জনপ্ৰিয় হৈ পৰিছিল; ঠিক তেনেদৰে অসমীয়া এই ক্ষেত্ৰখনতো ইউটিবাৰ এগৰাকীয়ে নৱ প্ৰজন্মকে ধৰি প্ৰতিটো প্ৰজন্মৰ মাজতেই জনপ্ৰিয় হৈ পৰিছে। তেওঁৰ নাম হৈছে ৰাজকুমাৰ ঠাকুৰীয়া; মিৰ্জাত জন্মগ্ৰহণ কৰা ৰাজকুমাৰে সাংস্কৃতিক ক্ষেত্ৰখনত নিম্মজিত হোৱাৰ মানসেৰেই চাকৰিৰ পৰা অৱসৰ লোৱাৰ উপৰিও অবিবাহিত জীৱন-যাপন কৰে। অসমীয়া-হিন্দী তথা ইংৰাজী ভাষাৰ সানমিহলিৰে প্ৰস্তুত কৰা ৰাজকুমাৰৰ গীত সমূহক বিভিন্ন জনে চচিয়েল মিডিয়াত ট্ৰোল কৰাৰ উপৰিও বিভিন্নটা টক-শ্বত তেওঁক আমন্ত্ৰণ কৰি মূৰৰ কামোৰণি নাইবা কেইবাটাও নামেৰে নামাকৰণ কৰাও তেওঁক দেখিবলৈ পোৱা গৈছিল। কিন্তু, সমাজত বাস কৰা বহুতে তেওঁক ট্ৰোল কৰা স্বত্বেও ৰাজকুমাৰ ঠাকুৰীয়াই বিভিন্ন সামাজিক কামত লিপ্ত হৈ ৰাইজক উপকাৰ কৰি আহিছে। শেহতীয়াকৈ তেওঁ নিজ ঘৰৰ বাৰীতে ফল-মূল তথা শাক-পাচলিৰ খেতি কৰা বিভিন্ন ফটো শ্বেয়াৰ কৰিছে চচিয়েল মিডিয়াত। সাৰ নিদিয়া পাচলি খাবলৈ পাই তেওঁ নিজেও উৎসাহী বুলি মন্তব্য কৰে।


আচলতে, ৰাজকুমাৰ ঠাকুৰীয়া নামটো চচিয়েল মিডিয়াত যেতিয়াই লোৱা হয় তেতিয়া কাৰোবাক জোকাবলৈ অথবা তেওঁকেই উপলুঙা কৰিবলৈহে লোৱা হয়। কিন্তু, ৰাজকুমাৰৰ এনে কাৰ্যই এতিয়া প্ৰত্যেককে প্ৰশংসা কৰিবলৈ বাধ্য কৰি তুলিছে। এগৰাকী পেঞ্চনাৰ হোৱা পিছতো তেওঁৰ এনে মানসিকতাই এতিয়া প্ৰত্যেকজন নাগৰিকক আকৰ্ষিত কৰিছে।
Add comment