আমি চিলেব্ৰেটী সমূূহৰ কৰ্মজীৱনতকৈ অধিক আকৰ্ষিত হওঁ তেওঁলোকৰ জীৱনপ্ৰণালীক লৈহে। তেওঁলোকৰ খোৱা-বোৱা আদি ভিন্ন বস্তুৱে অনুৰাগীসমূহক আকৰ্ষিত কৰে; আনহাতে, চিলেব্ৰেটীসমূহৰ ঘৰৰ আকাৰৰ, তেওঁলোকে কোনটো ঘৰতনো জীৱন নিৰ্বাহ কৰে সেই আটাইবোৰ বস্তুৱে একপ্ৰকাৰ আমাক তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰে। লগতে, আমি এনে বহু কমহে দেখিছো য’ত এগৰাকী চিলব্ৰেটীয়ে আন এগৰাকী চিলেব্ৰেটীৰ তাত ভাড়াতীয়া হৈ থাকে আৰু ইয়াৰ বাবদ তেওঁ এটা মোটা অংকৰ ধন দিবলগীয়া হয়। আমি এইখিনিতে এটা কথা জনাব বিচাৰিছো, বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ ঘৰৰ ভাড়াতীয়া হৈছে বি-টাউনৰে আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ। হয়, আপুনি ঠিকেই শুনিছে। জেকলিন ফাৰ্ণাণ্ডেজ হৈছে প্ৰিয়ংকা চোপ্ৰাৰ ভাড়াতীয়া আৰু অভিনেত্ৰী গৰাকীয়ে এই বাসগৃহটোৰ বাবে প্ৰিয়ংকা চোপ্ৰাক দিবলগীয়া হয় মাহে ৬.৭৮ লাখ টকা। প্ৰিয়ংকা চোপ্ৰাই হয়ভৰ দিয়াৰ পিছতেই আচলতে জেকলিনে এই ভাড়াঘৰটোলৈ যায়।

বাসগৃহটোৰ ভিতৰত থকা বিভিন্ন সা-সুবিধাৰ বাবেই জেকলিনে ইমান এক মোটা অংকৰ ভাড়া দিবলগীয়া হয়। জানিব পৰা মতে, জেকলিনে এই ভাড়াঘৰটো মুঠ ৩ বছৰৰ বাবেহে লৈছিল আৰু ৩ বছৰত জেকলিনে প্ৰিয়ংকাক দিবলগীয়া ভাড়াৰ কথা যদি আপোনালোকক জনাবলৈ যাওঁ তেতিয়াহ’লে সেয়া হ’ব মুঠ ২ কোটি ৪৪ লাখ ৮ হাজাৰ টকা।
Add comment