Rupaliparda.com
Runu Devi

|| এক অধ্যয় : ৰুণু দেৱী ||- উৎপল মেনা

অসমীয়া চিনেমা — ‘ সন্ধ্যাৰাগ ‘ , ‘ কোলাহল ‘ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক ‘ ক্লিওপেট্রা ‘ ৰ অভিনয়ৰে মোৰ মনত আকাৰ লৈছিল ‘ অভিনেত্ৰী ৰুণু দেৱী ‘ য়ে । চন – বাৰ – তাৰিখ মনত নাই ,ইমানেই মনত আছে দৈনিক কাকত ‘ আজি ‘ ত উপ – সম্পাদকৰ দায়িত্ব পালন কৰি থকা সময়ত ( ২০০২ – ২০০৫ ৰ মাজৰ সময় চোৱাত ) অভিনেত্ৰী গৰাকীক প্ৰথম বাৰ লগ পাইছিলো । মোৰ প্ৰথমটো প্ৰশ্ন আছিল — ‘ সন্ধ্যাৰাগ ‘ কেন্দ্ৰীক । ” মোক যেতিয়া চৰিত্ৰটো বুজোৱা হৈছিল , মই ইমান খিনি বুজিছিলো ছাৰে বাস্তৱৰ চৰিত্ৰ এটা বিচাৰিছে । আৰ্থিক অনাতনৰ মাজত থকা ছোৱালী এজনীৰ চেহেৰাৰ আৰু দেহৰ ভাষা কেনে হব পাৰে সেই কথাত মন দিয়াৰ কথা কৈছিল । মই ছাৰে বুজোৱাৰ দৰে অভিনয় কৰিবলৈ চেষ্টা কৰিছিলো । আৰু কেতিয়াবা নিজেও কিবা কিছু কৰিবলৈ চেষ্টা কৰিছিলো । ভাল পালে ছাৰে কৈছিল — হব ! এনেদৰেও হব পাৰে । এনে ধৰণৰ কথাই মোক উৎসাহ দিছিল । আৰু ছাৰে দিয়া এনে উৎসাহৰ বাবে ছাৰৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গৈছিল । আৰু ছাৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে , যেতিয়াই বিচাৰিছিল সকলো কাম কাটি কৰি থৈ ছাৰৰ চিনেমাত ব্যস্ত হৈছিলো । ” আৰু ‘ কোলাহল ‘ৰ প্ৰসংগত কৈছিল — “মোৰ বাবে চৰিত্ৰটো সহজ নাছিল । ছবি খনত দেখুওৱা সেই সমাজ খনক ভিতৰৰ পৰা মই নাজানিছিলো । বহু পৰিশ্ৰমৰ প্ৰয়োজন হৈছিল । পৰিশ্ৰম কৰিছিলো । মোৰ বাবে ছাৰে ৰচনা কৰা প্ৰতিটো চৰিত্ৰয়ে মোৰ বাবে প্ৰত্যাহ্বান আছিল । মই মোক কৈছিলো — ছাৰে এনেকৈ বিচাৰিছে , এনেকৈ কৰিমেই ! মই ভাবো , মই যদি সফল হৈছো , এই জেদৰ বাবেই হৈছো । ছাৰৰ সেই মাতষাৰ মোৰ মনত সদায় বাজি থাকিব — ‘ এইটো আমি এনেদৰে কৰিম দে … ! ‘ ছাৰে কেতিয়াও আদেশ দিয়া নাছিল । বুজাই , মৰমেৰে অভিনয় কৰোৱাইছিল । ” আৰু ‘ ক্লিওপেট্রা ‘ ? — ” ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয় শৈলী সম্পূৰ্ণ বেলেগ । সেই শৈলীক সন্মান জনায় অভিনয় কৰিছিলো । মোৰ প্ৰিয় মাধ্যম মঞ্চ । সেই সময়ত আমি গোৱালপাৰাত থাকো । প্ৰথমবাৰ ‘’সংগ্ৰাম লগ্নে আজি ” নামৰ একাংকিকা নাটক এখনত অভিনয় কৰো । পুৰস্কাৰ পাও । তাৰ পিছত স্তব্ধবিহংগ , সেন্দূৰৰ ৰং মাধুৰ্য , আথেল , আহাৰ , মা , আৱৰণ , শিপা আদি নাটকত অভিনয় কৰো । মঞ্চ নাটকৰ সংখ্যা ৫০ মান হব পাৰে ! অনাতাঁৰ নাটকৰ সংখ্যা ৬০ খনৰো বেছি হব । ” — নাটকৰ সংখ্যাটো কৈছিল হেঙুল থিয়েটাৰৰ আখৰা শিৱিৰত । নাট্যদলটোৰ সেই নাট্যবৰ্ষত উৎপল দত্তৰ নাটক ‘ গডমাডাৰ ‘ আছিল । নাটক খনৰ প্ৰচাৰ স্বাৰ্থত ‘ মিট বিস্ময় ‘ নামৰ শিতান এটা ( ‘ বিস্ময় ‘ আলোচনীৰ ) যুগুত কৰাৰ বাবে মৰিয়নিলৈ গৈছিলো । — সেই নিশা আৰু এবাৰ অনুভৱ কৰিছিলো ৰুণু দেৱীৰ অভিনয় ক্ষমতা । — ২০১৭ চনৰ ৬ জুলাইত শেষ বাৰৰ বাবে কথা পাতিছিলো কথাশিল্পী অৰুণ শৰ্মাৰ সৈতে । সেই দিনা সন্ধিয়া সংগীত শিল্পী তৰালি শৰ্মাৰ সৈতে গৈছিলো ।সেই দিনা কম সময়তে বহু কথা পাতিছিলো । ৰতন লহকৰ , জাহ্নু বৰুৱা , মৃদুল চুতীয়া , ৰুণু দেৱী ইত্যাদি । ৰুণু দেৱী প্ৰসংগত কৈছিল — ” ‘ আহাৰ ‘ৰ প্ৰতিটো চৰিত্ৰয়ে আছিল কল্পনাৰ । পাঁচটা বিভিন্ন চৰিত্ৰত ৰুণু দেৱীয়ে অভিনয় কৰিছিল । যি পাৰংগতা ,অন্তৰ্দৃষ্টি আৰু স্বাভাৱিকতাৰে নিপুণভাৱে চৰিত্ৰকেইটা ৰূপায়ণ কৰিছিল । সেই অভিনয় চোৱা সকলে জানে ৰুণুৰ অভিনয় দক্ষতা । “

— ৰুণু দেৱীৰ অভিনয় দেখিছো ‘ অপৰূপা ‘ , ‘ মেঘমুক্তি ‘ , ‘ নিয়তি ‘ , ‘ মেঘ ‘ , ‘ অণিৰ্বাণ ‘ , ‘ বহাগৰ দুপৰীয়া ‘ , ‘ কইনা মোৰ ধুনীয়া ‘ , ‘ কদম তলে কৃষ্ণ নাচে ‘, ‘কাঞ্চনজংঘা ‘ , ‘ অদম্য ‘, ‘ অথেলো ‘ আদিত । কম , অতি কম ফুটেজৰ চৰিত্ৰতো অভিনয় কৰিছে ।’ অনিৰ্বাণ ‘ আৰু ‘ অথেলো ‘ তো ‘ সন্ধ্যাৰাগ ‘ , ‘ কোলাহল ‘ৰ দৰে ৰুণু দেৱীৰ অভিনয়ৰ সুপৰিকল্পিত ব্যৱহাৰ হৈছে । চৰিত্ৰ চাৰিটাৰ মাজত দূৰত্ব স্পষ্ট । পৰিচালকৰ চিনেচিন্তাৰ দূৰত্ব — স্বাভাবিক । আৰু অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ দূৰত্ব — চমক । এই চমক কিন্তু আন কেইখন চিনেমাত অস্পষ্ট । এই কথা মনত ৰাখি কব পাৰি — ৰুণু দেৱী পৰিচালকৰ আভিনেত্ৰী । এই কথা স্পষ্ট — ‘ পৰিচালকৰ অভিনয় শিল্পী’ৰ অৰ্হতা — অভিনয় ক্ষমতা । অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ অপব্যৱহাৰ হৈছিল ‘ বহাগৰ দুপৰীয়া ‘ত ।

সংযোজন : ২১ ছেপ্তেম্বৰ , ১৯৫৭ত ৰুণু দেৱীৰ জন্ম , গুৱাহাটীত । পিতৃ : ভোলানাথ শৰ্মা , মাতৃ : কিৰণ বালা দেৱী আৰু স্বামী : অঞ্জন ঠাকুৰ । শিক্ষা : নামৰূপৰ অসম ৰাজ্যিক বিদ্যুত পৰিষদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ , সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform