Rupaliparda.com
সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত ৰূপম ভূঞা আৰু ভাস্কৰ অপ্সৱেলৰ ন-গীতঃ 1

সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত ৰূপম ভূঞা আৰু ভাস্কৰ অপ্সৱেলৰ ন-গীতঃ

আমাৰ সংগীত ক্ষেত্ৰখন খুবেই সক্ৰিয়, তাহানিৰ দিনৰ পৰা ই অবিৰত ভাৱে চলি গৈ আছে। প্ৰায় সময়তে ইয়াৰ ধাৰাৰ সলনি হৈছে, গীতটিৰ আঁৰৰ চিন্তা অথবা বিষয়বস্তুৰ সলনি হৈছে যদিও এই সংগীত ক্ষেত্ৰখন প্ৰতিদিনেই উৰ্দ্ধগামী হোৱা পৰিলক্ষিত হৈছে। নতুন প্ৰজন্মই সাঙুৰ খোৱাৰ লগতে তেওঁলোকে এই ক্ষেত্ৰখনক তুলি নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে। শেহতীয়াকৈ, ইটোৰ পিছত সিটো গীত মুকলি খবৰ লাভ কৰিছোঁ, গীতসমূহ মুকলিৰ খবৰ লাভৰ পিছতেই উৎসাহিত হওঁ আমি আটাইবোৰ সংগীত প্ৰেমী শ্ৰোতা। তাতেই আকৌ যদি এই মুক্তিপাবলগীয়া গীত সমূহৰ সৈতে একোজন প্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠ জড়িত হৈ থাকে তেতিয়াহ’লেটো ইয়াতকৈ ভাললগা বিষয় আৰু একোৱে আচলতে নাথাকে। যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ ৰূপম ভূঞাৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰা গীতসমূহৰ বাৰ্তা পালেই জনসাধাৰণ উৎসাহিত হোৱা এক বিশেষ কাৰণ হৈছে তেওঁৰ গীতৰ কথাবোৰ আনতকৈ কিছু সুকীয়া।

সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত ৰূপম ভূঞা আৰু ভাস্কৰ অপ্সৱেলৰ ন-গীতঃ 2


আনহাতে, আন এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ নামটোও হয়টো আপোনালোকৰ পৰিচিত। তেওঁৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰতিটো গীতেই জনপ্ৰিয়তা লাভ কৰিছে। মৰিগাওঁৰ কাণফলাত ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা ভাস্কৰ অপ্সৱেল নৱপ্ৰজন্মৰ এনে এজন প্ৰতিভাৰ গৰাকী; যাৰ প্ৰতিটো গীতত এতিয়া আকৰ্ষিত সংগীত প্ৰেমী শ্ৰোতা। আচলতে, তেওঁ নিজ কন্ঠৰে এতিয়া টানিছে অনুৰাগীক। সৰুৰ পৰা এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পেছাগত ভাৱে সংগীতৰ পিনে ঢাল খাইছিল ভাস্কৰে। গীতত কন্ঠদান কৰাৰ উপৰিও আচলতে গীত সমূহত নিজে সংগীত প্ৰদান কৰিছে উক্ত নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীয়ে। অনাগত দিনত এই দুয়োগৰাকীৰ কণ্ঠৰে মুক্তি পাবলৈ সাজু হৈছে দুটি গীত ক্ৰমে “কুহেলিকা( ৰূপম ভূঞা) আৰু “তুমসে” ( ভাস্কৰ অপ্সৱেল)। কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। উক্ত দুয়োটা গীতক কথা, সংগীত আৰু সুৰেৰে পৰিপূৰ্ণ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সাজু কা হৈছে। দুয়োটা গীতত সংগীত কৰিছে আন এগৰাকী পৰিচিত আৰু সমাদৃত সংগীতশিল্পী ত্ৰিয়ন মহন্তই লগতে গীত দুটিত সুৰ কৰিছে মৃণাল দাস। পেচাগতভাৱে এগৰাকী চিকিৎসক যদিও তেওঁ সমানে মনোনিৱেশ কৰিছে এই সংগীত ক্ষেত্ৰখনতো।

সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত ৰূপম ভূঞা আৰু ভাস্কৰ অপ্সৱেলৰ ন-গীতঃ 3


আনহাতে, গীত দুটিৰ প্ৰযোজনা সীমান্ত কলিতাৰ। সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত উক্ত গীত দুটি মুক্তি লাভ কৰিব Dhwani Records নামে ইউটিউব চেনেলটোত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform