Rupaliparda.com
ফিট মুনমী ফুকনৰ কচৰতে সচেতন মহলত লাভ কৰিছে চৰ্চাঃ 1

ফিট মুনমী ফুকনৰ কচৰতে সচেতন মহলত লাভ কৰিছে চৰ্চাঃ

অভিনেত্ৰী মুনমী ফুকনৰ কচৰৎ দেখি আপ্লুত হৈ পৰে প্ৰায় দৰ্শক। এগৰাকী সুদক্ষ অভিনেত্ৰীৰ লগতে নিজ ব’ডিক সুন্দৰভাৱে পৰিচালিত কৰা এইগৰাকী অভিনেত্ৰীয়ে প্ৰায়ে চচিয়েল মিডিয়া যোগেই নিজ কচৰতৰ বিভিন্ন ভিডিঅ’ আপলোড কৰা দেখিবলৈ পোৱা যায় । ফিটনেছৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা এই অভিনেত্ৰী গৰাকী অসমীয়া ফিট অভিনেত্ৰীৰ ভিতৰতেই শীৰ্ষত। নাগালেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়ত শিৱসাগৰলৈ আহি আগন্তুক শিক্ষা গ্ৰহণ কৰে। “সন্মিলিত নিমাইজান হুঁচৰি দল” ত বিহু নচা এই গৰাকী অভিনেত্ৰীক “জোনবাই” ভিচিডিৰ চাৰিওটা সংস্কৰণত বেকগ্ৰাউণ্ড ডেন্সাৰ ৰূপে সকলো দৰ্শকে দেখিছে। ২০১২ চনত মুনমী ফুকন ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে জড়িত হৈ পৰে; বৃন্দাবন থিয়েটাৰৰ পৰা তেওঁ এই থিয়েটাৰ ক্ষেত্ৰখনত সোমাই পৰে। ৰ’দ”, “তুমি আহিবানে”, “ৰামধেনু” আদি ছবিৰ লগতে “অনুৰাধা” ধাৰাবাহিকত অভিনীত মুনমী ফুকনে অসমীয়া কেইবাটাও গীতত অভিনয় কৰিছে। তেওঁক দেখিবলৈ দুখনকৈ পোৱা ধাৰাবাহিক ক্ৰমে “দুটি মনৰ জোনাক” আৰু “নিবিড় ওৱেডচ নয়না” য়ো লাভ কৰিছিল জনপ্ৰিয়তা।


অনাগত দিনত মুনমী ফুকনক এখন থ্ৰীলাৰ ৱেব ফিল্ম “লিপষ্টিক” ত দেখিবলৈ পোৱা যাব। ফিল্ম খনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে। ইয়াৰ পৰিচালনা আৰু চিত্ৰনাট্য অনিৰ্বাণ দত্তৰ। বহু দিনৰ অন্তত আকৌ এবাৰ এই অভিনেত্ৰী গৰাকীক স্ক্ৰীণত দেখিবলৈ পোৱা বিষয়টোৱে উৎসাহিত কৰিছে তেওঁৰ অনুৰাগীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform