Rupaliparda.com
"মই ভাবো, এনেধৰণৰ বঁটা-বাহনে মোক নিশ্চিত আনন্দিত কৰে"- পাৰ্থজিৎ বৰুৱা 1

“মই ভাবো, এনেধৰণৰ বঁটা-বাহনে মোক নিশ্চিত আনন্দিত কৰে”- পাৰ্থজিৎ বৰুৱা

কিছুদিন পূৰ্বৰে পৰা এখন তথ্যচিত্ৰৰ নাম আমি কেইবাবাৰো শুনিছোঁ। তথ্যচিত্ৰখনৰ নাম হ’ল “Breaking The Silence”। ৮০ দশকৰ শেষৰ ফালে পাঁচজনী নাৰীৰ প্ৰচেষ্টাৰে গঢ় লৈছিল এটা মিউজিক বেণ্ড “সুৰ-সমলয়।” পুৰুষ প্ৰধান ৰাজ্যখনত যেতিয়া এখন মঞ্চত উঠি পাঁচগৰাকী মহিলাৰ এটা গোটে বাদ্যযন্ত্ৰ বজাই আমোদ প্ৰদান কৰাৰ চেষ্টা কৰে তেতিয়া সেই সময়ৰ মানসিকতা অথবা দৃষ্টিভংগীয়ে কেনে ধৰণৰ প্ৰশ্নৰ উত্থাপন কৰিব পাৰে সেয়া হয়টো আপোনালোকক নক’লেও বুজিব পাৰে। উক্ত সময়ছোৱাৰ সেই পাঁচগৰাকী নাৰীৰ বিপ্লৱৰ কাহিনীৰে এখন তথ্যচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে পৰিচালক পাৰ্থজিৎ বৰুৱাই; ৩০ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনে ইতিমধ্যে বিভিন্ন সমাৰোহত মনোনয়ন লাভ কৰা উপৰিও বিভিন্ন শিতানত বঁটা লাভ কৰাৰ লগতে বহুল ভাৱে সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। এই বিষয়ে পৰিচালক গৰাকীৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই প্ৰথমতে ৰূপালীপৰ্দাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ, আমাৰ তথ্যচিত্ৰ “Breaking The Silence” আৰু ইয়াৰ সৈতে সংগতি ৰাখি আমি যি প্ৰমোশ্বনেল গীত ইবচন লাল বৰুৱাৰ কথা আৰু জয় বৰুৱাৰ কণ্ঠৰে “পৰিধি ভাঙি” ক মুকলি কৰিছিলোঁ, সেই প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা মোক অনুপ্ৰেৰণা দিয়াৰ লগতে উৎসাহিত কৰিছে ৰূপালীপৰ্দাই। মই নথৈ আনন্দিত হৈছোঁ প্ৰতিটো মূহুূৰ্ততে মোৰ খবৰ লোৱাৰ বাবে। আজি এই তথ্যচিত্ৰখনৰ সফলতাক উদ্দেশ্যি মোৰ অভিজ্ঞতাৰ বিষয়ে প্ৰশ্ন কৰাত মই এটাই কথা ক’ম যে, আমাৰ এই তথ্যচিত্ৰখনত ১৯৮০ দশত পাঁচগৰাকী মহিলাই কেনেদৰে সংগ্ৰাম কৰি অসমৰ বিভিন্ন গাঁওৱে ভূঁইয়ে তেওঁলোকে সংগীত চৰ্চা কৰিছিল সেই বিষয়টোক লৈ নিৰ্মাণ কৰা হৈছে। এই ৫ গৰাকী মহিলাৰ ভিতৰত এগৰাকী ইছলাম সম্প্ৰদায়ৰো আছিলে, এই ইছলাম সম্প্ৰদায়ৰ বাদ্যযন্ত্ৰীগৰাকীৰ নাম হৈছে নাজমা আহমেদ। বিভিন্ন সময়ত তেওঁ কৰি থকা কামটোক লৈ হত্যাৰ ভাবুকি লাভ কৰিছিল সম্প্ৰদায়ৰ জনাব সকলৰ তৰফৰ পৰা, কিন্তু সেই ১৫-১৬ বছৰীয়া নাজমা আহমেদে যি ধৰণে নাৰীৰ প্ৰতিবাদী কণ্ঠ সংগীতৰ মাজেৰে প্ৰকাশ কৰিছিলে তেনেধৰণৰ কথাকেই তথ্যচিত্ৰখনৰ জৰিয়তে অংকন কৰিব বিচাৰিছোঁ।


যেতিয়া মই এই তথ্যচিত্ৰখন কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰিছিলোঁ, মোৰ ভাল লাগিছিল যে প্ৰতিজন দৰ্শক তথা সমালোচকে তথ্যচিত্ৰখন গ্ৰহণ কৰিছিল। আটাইতকৈ ভাল লগা কথাটো আছিল কেৰালাৰ এখন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ “SIGNS” লৈ তথ্যচিত্ৰখন প্ৰেৰণ কৰিছিলোঁ, এই মহোৎসৱত আমাৰ এই তথ্যচিত্ৰখনে প্ৰতিযোগিতামূলক শাখাত নিৰ্বাচিত হৈছিল। অৱশ্যে, এই শাখাত নিৰ্বাচন হোৱাটোৱে এটা ডাঙৰ কথা আছিলে। তদুপৰি, ফ্ৰান্সৰ প্ৰায় ঠাইতে “Breaking The Silence” প্ৰদৰ্শিত হোৱাৰ সুবিধা লাভ কৰিছিল। ইয়াৰ লগতে, “দাদা চাহেব ফাল্কে চলচিত্ৰ মহোৎসৱ” ত আমাৰ তথ্যচিত্ৰখনে “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি শেহতীয়াকৈ ঘোষণা হোৱা “আন্তঃৰাষ্ট্ৰীয় চুটি ছবি/চলচিত্ৰ মহোৎসৱ” টো “Breaking The Silence” ৰ বাবে মই “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা লাভ কৰিছোঁ। ইয়াত যিধৰণে কেমেৰাৰ কাম কৰিছে চন্দ কুমাৰে, চাউণ্ডৰ কাম কৰিছে দেৱজিৎ গায়নে আৰু সম্পাদনাৰ কাম কৰিছে হীৰকজ্যোতি পাঠকে, তেওঁলোকক আচলতে মই ইয়াৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। মই যি বঁটা লাভ কৰিছোঁ অথবা যি বঁটা আমাৰ তথ্যচিত্ৰখনে লাভ কৰিছে সেই বঁটাৰ সমানেই সহভাগী তেওঁলোক। মোৰ বিষয়টো এটাই যে কণমানি ৫ গৰাকী মহিলাই এই ৰক্ষণশীল, পুৰুষতান্ত্ৰিক সমাজখনত সংগীতৰ মাধ্যমেৰে কেনেদৰে যুঁজি দিছিল সেইটোৱে আছিল মূল বিষয়বস্তু। এই তথ্যচিত্ৰখনৰ জৰিয়তে নাৰীৰ বক্তব্যসমূহ ভৌগোলিক চাৰিসীমাৰ মাজলৈ লৈ যাবলৈ মই সক্ষম হৈছোঁ। মই ভাবো, এনেধৰণৰ বঁটা-বাহনে মোক নিশ্চিত আনন্দিত কৰে।

"মই ভাবো, এনেধৰণৰ বঁটা-বাহনে মোক নিশ্চিত আনন্দিত কৰে"- পাৰ্থজিৎ বৰুৱা 2


মই সুখী। আশা কৰিছোঁ, এই তথ্যচিত্ৰখনৰ জৰিয়তে আমাৰ সমাজখন সচেতন হ’ব।” তথ্যচিত্ৰখনৰ বহুল সফলতা লাভ কৰাৰ লগতে ৰূপালীপৰ্দাৰ জৰিয়তে পাৰ্থজিৎ বৰুৱাক জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform