মৃদুল চুতীয়াক মই নাজানিছিলো। মৃদুল চুতীয়াৰ ‘নাটক’হে জানিছিলো। সেই সময়ত মই ‘আজি’ৰ সম্পাদনা বিভাগৰ কৰ্মী। কাকত খনৰ মুখ্য আৰ্টিষ্ট আছিল ৰমেন্দ্ৰ নাৰায়ন জোৱাদ্দাৰ। ৰমেনদাৰ তাগিদাতে মৃদুল চূতীয়াৰ নাটক চাইছিলো মহানগৰীৰ চানমাৰীত। নাটক — ‘অস্তপথ’ ( নাট্যকাৰ – পৰিচালক : মৃদুল চুতীয়া )। নাটক খনে ( বিশেষকৈ কাহিনী কোৱাৰ কৌশল , কাহিনীৰ গতি , বাবুল নাগৰ সংগীত আৰু মৃদুল চুতীয়া – প্ৰাঞ্জনা দত্তৰ অভিনয় ) আমাৰ মগজু চুই গৈছিল , মনত ৰৈ গৈছিল। ৰমেনদাৰ তাগিদা আৰু মোৰ মনৰ তাগিদাত ‘অস্তপথ’ কৈন্দ্ৰীক লেখা এটা লিখিছিলো। ইমানতে ইতি আছিল ‘মৃদুল আধ্যয়’। কেৱল মনতে সিদ্ধান্ত লৈছিলো — মৃদুল চুতীয়াৰ নাটক চাম। কিয় চাম? — মৃদুল চুতীয়াই নিজৰ বাবে ৰচনা কৰা ‘চৰিত্ৰ’টোৰ বাবে। এখন নাটকতে স্পষ্ট হৈছিলো — ‘চৰিত্ৰ’টো অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ থকাকৈ ৰচনা কৰে। গৌতম হালদাৰৰ দৰে। নাট্য শৈলী ভিন্ন ; কিন্তু ষ্টাইল প্ৰায় একে। ( গৌতম হালদাৰৰ ‘মেঘনাদবধ কাব্য’ , ‘মাটিৰ গাড়ি — মৃচ্ছকটিক’ , ‘মৈমনসিংহ গীতিকা’ সদায় মনত থাকিব। গৌতম হালদাৰৰ অনবদ্য অভিনয় , অনন্য পৰিচালনাশৈলীয়ে মন চুই আছে , থাকিব।)
— সেই সময়ত মই rupaliparda.com ৰ সম্পাদক। কেবল অসমীয়া চিনেমা আৰু সংগীতহে আছিল আামাৰ বিষয়। কোনো কাকত – আলোচনীৰ সৈতে জড়িত নাছিলো।গতিকে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা লাহে লাহে আঁতৰি গৈছিলো। সাংবাদিক খনিন্দ্ৰ কুমাৰ ডেকা সেই সময়ত ‘ অসমীয়া খবৰ’ত। খনিন্দ্ৰৰ তাগিদাত ‘অসমীয়া খবৰ’ত ‘ৰাফকাট’ নামৰ শিতান লিখিছিলো। -হয় , লিখিছিলো। ‘বিষয়’ খনিন্দ্ৰই যোগান ধৰিছিল। মই ‘বিষয়’টো যেনেদৰে ভাবিছিলো , তেনেদৰে লিখিছিলো। এদিন ক’লে — মৃদুল চুতীয়াৰ নাটক খন বৰদৈচিলা থিয়েটাৰে হয়তো মঞ্চস্থ নকৰে। ( সেই নাট্যবৰ্ষত মৃদুলৰ চুতীয়াৰ ‘ ভগ্নাৱশেষ’ মঞ্চস্থ হব বুলি কাকত – আলোচনীত খবৰ ওলাইছিল।) — কিয় নকৰে ?
খা -খবৰ লৈ জানিব পাৰিছিলো , প্ৰযোজকৰ ওপৰত বিৰাট হেচা — বিশেষ নাটক এখন ‘বেনাৰ নাটক’ কৰিব লাগে। দৰাচলতে ‘বেনাৰ নাটক’ হয় দৰ্শকৰ নিৰ্বাচনত। দৰ্শকৰ নিৰ্বাচনত যে “ভগ্নাৱশেষ’ বেনাৰ হব প্ৰায় খাটাং। সেয়েহে এই অথন্তৰ! — এই অথন্তৰৰ ‘ৰাফকাট’ লিখিছিলো ‘ফাঁচিৰ কাঠগড়াত এগৰাকী নাট্যকৰ্মী’। ভাবিলে ভাল লাগে — দূৰ্গা পূজাৰ অঘোষিত নাট উৎসৱত দৰ্শকৰ নিৰ্বাচনত ‘ভগ্নাবশেষ’ হৈছিল নাট্যদলটোৰ ‘বেনাৰ নাটক’। আৰু নাট্যদলটোৰ ‘বেনাৰ নাটক’ খনৰ দৰ্শক হোৱাৰ পিছত প্ৰথমবাৰ মৃদুল চুতীয়াৰ মুখামুখী হৈছিলো। নাটক চোৱাৰ পিছদিনা আমাৰ ঘৰত ( বেলশৰ ) আলহী হৈছিল। স্বাভাৱিকতে নাট্যচৰ্চা হৈছিল। অনুভৱ কৰিছিলো ‘নাটক’ৰ বাবে নাটক লিখা , ‘অভিনয়’ৰ বাবে অভিনয় কৰা নাট্যকৰ্মী মৃদুল চুতীয়া। নাট্যকৰ্মী গৰাকীৰ কথাত স্পষ্ট হৈছিল — নাটকৰ বৃত্ত মঞ্চতে শেষ নহয়। সমাজৰ বাবে নাটক ,সমাজ নিৰ্মাণৰ বাবে নাটক। নাটকৰ বিষয় — চৰিত্ৰ সমাজৰ পৰা আহে। আৰু মঞ্চৰ পৰা সমাজলৈ যায়। সেই খনেই সফল নাটক , যি খনত দৰ্শকে নিজক দেখে বা নিজৰ সমাজ খন অনুভৱ কৰে। (স্পষ্ট কৰি দিছো — এয়া মৃদুল চুতীয়াই কোৱা কথা নহয় , মৃদুল চুতীয়াৰ কথা মাজত অনুভৱ কৰা মোৰ কথা।)
— সেই যে বেলশৰত , আমাৰ ঘৰত মৃদুল চুতীয়াৰ সৈতে আমাৰ ‘নাট্যচৰ্চা’ আৰম্ভ হৈছিল , সেয়া আজিও চলি আছে। মাজে – মাজে। কেতিয়াবা মোৰ ঘৰত ( গুৱাহাটী ) , কেতিয়াবা নাট্যকৰ্মী গৰাকীৰ ঘৰত ( তেজপুৰ)। তেজপুৰৰ বান থিয়েটাৰৰ মঞ্চত থিয় হৈ। ( তেজপুৰত , মৃদুল চুতীয়াৰ ঘৰত ইটো – সিটো কথা । কথাৰ মাজতে মৃদুল চুতীয়াৰ প্ৰস্তাৱ — বাণ থিয়েটাৰ চাব নেকি? বাণ থিয়েটাৰৰ মঞ্চত থিয় হৈ বাণ থিয়েটাৰ চাইছিলো। সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা আৰু অনেকৰ বাণ থিয়েটাৰ। ১৯০৬ চনত স্থাপন হৈছিল , ‘কৰ্ণবধ’ ভাওনাৰে। এই মঞ্চ বহুতৰে আপোন , মৃদুল চুতীয়াৰো আপোন।
মৃদুল চুতীয়া তেজপুৰৰ ‘জংগম’ নাট্যগোষ্ঠীৰ নাট্যকৰ্মী। ‘জংগম’ৰ বাবে কেইবাখনো নাটক লিখিছিল — ‘ভগৱান আহি আছে’ , ‘ডেউকা লগা সন্তান’ , ‘চোৰ’ , ‘নিৰ্বাচন’ ইত্যাদি। নাটক কেইখন পৰিচালনা কৰিছিল , নাটক কেইখনত অভিনয়ো কৰিছিল। আৰু এদিন জড়িত হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে। কেৱল অভিনয় কৰাৰ চুক্তিৰে। চুক্তিৰ বাহিৰত — এদিন পৰিচালক হ’ল , নাট্যকাৰ হ’ল। ( নাট্যকৰ্মী গৰাকীয়ে নিজকে ‘তাগিদাৰ নাট্যকাৰ’ বুলি কয়। ) জড়িত থকা নাট্যদলটোৰ (সেই নাট্যবৰ্ষত জড়িত আছিল মেঘালি থিয়েটাৰৰ সৈতে। ) নাটকৰ আকাল আঁতৰ কৰিবলৈ নাট্যকৰ্মী গৰাকীয়ে ৰচনা কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে প্ৰথম খন নাটক। নাম — ‘বাস্তৱ’। অসফল প্ৰযোজনা।অসফল নাটক। অসফলতাৰ পিছতো আকৌ তাগিদা। লিখিলে , পৰিচালনা কৰিলে ,অভিনয় কৰিলে — ‘প্ৰিয় শত্ৰু’। মাধৱদেৱ থিয়েটাৰত। — এইবাৰ সফলতাৰ বাট বিছাৰি পালে।আৰু আৰম্ভ হ’ল ‘নাট্যকাৰ – পৰিচালক মৃদুল চুতীয়া’ৰ সফল যাত্ৰা। ৰচনা কৰিল — অস্তপথ , আত্মলিপি , প্ৰজন্ম , মোৰ শ্ৰদ্ধাৰ প্ৰভু হনুমান , ভগ্নাৱশেষ , অজানিতে ভাঙি গ’ল মোৰ বুকুৰে ঘৰ , মই আন্ধাৰতো দেখোঁ , ন – পুৰুষ , ন – ৰূপ , মৃত্যুৰ পাছত ,অন্তহীন , মকৰাৰ পঁজা , ইতি নহয় প্ৰেম , লংকাবিহীন ৰাৱন ,সংগীবিহীন ,মংগলবৰীয়া প্ৰেম ,দৰাৰ গাড়ী ,সংস্কাৰ , সূৰ্যগ্ৰহণ । দৰ্শকে আদৰি লৈছিল সেইকেইখন নাটক , যি কেইখনত গুৰত্ব আছিল মৃদুল চুতীয়াই অভিনয় কৰা চৰিত্ৰটোৰ। অৰ্থাৎ কব পাৰি নাট্যশৈলীৰ সৈতে দৰ্শকে বিচাৰে ‘অভিনেতা মৃদুল চুতীয়া’কো। কব পাৰি ‘অভিনেতা মৃদুল চুতীয়া’ নথকা মৃদুল চুতীয়াৰ নাটক নিমখ নিদিয়া আঞ্জাৰ দৰে !
Add comment