Rupaliparda.com
প্ৰশান্ত দাসৰ কথাত আকৌ বিকি কলিতা, বাবন বৰ্ণিলৰ কণ্ঠ; আছে হৰ্ষৰাজৰ সংগীতঃ 1

প্ৰশান্ত দাসৰ কথাত আকৌ বিকি কলিতা, বাবন বৰ্ণিলৰ কণ্ঠ; আছে হৰ্ষৰাজৰ সংগীতঃ

বিকি কলিতা, বাবন বৰ্ণিল আৰু প্ৰশান্ত দাস যুটিৰে মুক্তিপ্ৰাপ্ত এটি নতুন গীতে কিছুদিন পূৰ্বৰে পৰা খলকনিৰ সৃষ্টি কৰিছিল ৰাইজৰ মাজত। গীতটি হয়টো আপোনাৰো মনত আছে, সেই গীতটি আছিল “তোমাকে নাপালে”। গীতটিয়ে ইনষ্টাগ্ৰাম ৰীল ভিডিঅ’তেই হওঁক অথবা আন কোনো চচিয়েল মিডিয়া মাধ্যমতেই হওঁক ই চৰ্চিত হৈছিল বহুল হাৰত। বিকি কলিতাৰ কণ্ঠইও অধিক হাৰত সঁহাৰি লাভ কৰিছিল এই গীতটিৰ পৰাই আৰু এক কথাত ক’বলৈ গ’লে সংগীত ক্ষেত্ৰখনত ইতিমধ্যে সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰ লাভ কৰিছে উক্ত তিনিওগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই। কিছুমান গীতৰ শব্দই আমাক এনেদৰে মোহাচ্ছন্ন কৰে যে আমি গীতটি শুনিবলৈ উৎসাহিত হওঁ; কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও যেতিয়া ৰূপালীপৰ্দাৰ তৰফৰ পৰা বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে।


গীতটি হিতেশ দেউৰী প্ৰডাকচন বেনাৰত মুক্তি লাভ কৰিছে। ইয়াৰ পূৰ্বেও হিতেশ দেউৰী প্ৰডাকচনৰ বেনাৰত বাবন বৰ্ণিলৰ সংগীত আৰু বিদ্যুৎ বিকাশৰ সুৰেৰে নীল আকাশৰ কণ্ঠৰ “নীলিম হাঁহি” গীতটিয়ে সমাদৰ লাভ কৰিছিল। অনাগত দিনত উক্ত প্ৰডাকচন হাউচৰ বেনাৰত বহুটো কাম অহাৰ লগতে নতুন প্ৰতিভাক সুযোগত আগ-ভাগ লৈছে হাউচটোৱে। এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে লেখত ল’বলগীয়া। আনহাতে, এনে সুন্দৰ কথাৰ সৈতে যেতিয়া শ্ৰোতাই এটা হৃদয়স্পৰ্শী কন্ঠক শুনিবলৈ পায় তেতিয়াই আচলতে এটি গীত সফলতাৰ শাৰীত খোজ দিয়ে। শেহতীয়াকৈ ওপৰত উল্লেখ কৰা প্ৰতিভা কেইগৰাকীৰ প্ৰচেষ্টাৰে মুক্তি লাভ কৰিছিল এটি নতুন গীত “চালে চকুলে”। গীতটিত দ্বৈতভাৱে কণ্ঠদান কৰিছে বিকি কলিতা আৰু বাবন বৰ্ণিলে। আনহাতে, ইয়াত কথা প্ৰশান্ত দাসৰ আৰু সুৰ কৰিছে বিকি কলিতাই নিজেই। ইয়াৰ লগতে, গীতটিত সংগীত কৰিছে নৱপ্ৰজন্মৰ আন এগৰাকী প্ৰতিভাবান হৰ্ষৰাজ পাঠকে। সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই এনে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰে, শ্ৰদ্ধা কৰে।

প্ৰশান্ত দাসৰ কথাত আকৌ বিকি কলিতা, বাবন বৰ্ণিলৰ কণ্ঠ; আছে হৰ্ষৰাজৰ সংগীতঃ 2


“চালে চকুলে” শীৰ্ষক এই গীতটিৰ সফলতা কামনাৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.