সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত একোজন প্ৰতিভাই এটা পৰ্যায়লৈ নিজক তুলি নি এই ক্ষেত্ৰখনক কিবা এটা নতুন কৰাৰ ইচ্ছা মনত পুঁহি ৰাখে। দৃঢ়প্ৰতিজ্ঞা আৰু একাগ্ৰতাই বৰ্তমানৰ একাংশ নৱপ্ৰজন্মৰ মাজত দেখিবলৈ পোৱা যায়, তেওঁলোকে পেচাৰ সমানেই নিজৰ এই নিচাটোক লৈ ব্যস্ত হৈ থাকে। আমি প্ৰায়ে দেখিছোঁ যে, একোগৰাকী নৱপ্ৰজন্মই নিজ পিতৃ-মাতৃক দেখি শুনি অথবা তেওঁলোকৰ অনুপ্ৰেৰণাৰে এই মনোৰঞ্জন জগত খনৰ সৈতে সাঙুৰ খায়। অৰ্থাৎ, পিতৃ-মাতৃৰ লগতে এটা ঘৰুৱা সাংস্কৃতিক পৰিৱেশ অবিহনে একোজন নৱপ্ৰজন্মই কেতিয়াও সংস্কৃতিটোক হৃদয়ংগম কৰিব নোৱাৰিলেহেঁতেন। এই যুগ উন্নয়নৰ যুগ, বৰ্তমান সময়ছোৱাত কেৱল মাত্ৰ শিক্ষাগত অৰ্হতাৰে নহয়। একোজন নৱপ্ৰজন্মক সামাজিক,সাংস্কৃতিক তথা ৰাজনৈতিক আদি এই প্ৰতিটো বিষয়ত নিজৰ স্পষ্ট মতামত দাঙি ধৰা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে “মঞ্চশিখা” ৰ দ্বাৰা আয়োজিত এখন নাট্য কৰ্মশালাৰ বিষয়ে আপোনালোকক জনাইছিলোঁ, এই কৰ্মশালা খনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অভিজিত নাথৰ বিষয়ে ক’বলৈ যাওঁতে আপোনালোকে তেওঁক এগৰাকী অভিনেতা বুলিও জানিবলৈ পাৰিছিল। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁৰ অভিনয় জীৱনক লৈ পাতিছিলোঁ কিছু কথা। আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “জড়িত বুলিলে আচলতে একেবাৰে সৰুৰে পৰাই মনোৰঞ্জন বা সাংস্কৃতিক দিশটোক দেখি ডাঙৰ হৈছোঁ বুলি কব লাগিব।কাৰণ মোৰ ঘৰখনেই আচলতে সংস্কৃতিৰ লগত জড়িত এখন ঘৰ। মোৰ দেউতা শ্ৰী জিতেন কুমাৰ নাথ, নিজেও এজন ৰাসসংস্কৃতি তথা লোক সংস্কৃতিৰ লগত জড়িত ব্যক্তি। গতিকে, জন্মৰে পৰাই তেনে এটা পৰিৱেশ দেখি ডাঙৰ হৈছো। প্ৰসংগক্ৰমে ক’বলৈ ভাল পাম যে, মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলো আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত লাগি আছোঁ, শিকি আছোঁ।”

এগৰাকী অভিনেতা হিচাবে তেওঁক কেনে চৰিত্ৰই আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “ধন্যবাদ, এই প্ৰশ্নটিৰ বাবে। নিজকে অভিনেতা বুলি ক’ব পৰাৰ ধৃষ্টতা মই নকৰো এতিয়াও। তথাপিও অভিনয় শিল্পৰ এজন অনুৰাগী হিচাবে এতিয়ালৈকে শিকাৰ আধাৰত আৰু অভিজ্ঞতাৰ আধাৰত ক’ব খোজো যে মই সকলো ধৰণৰ চৰিত্ৰকেই প্ৰাধান্য দিওঁ বা মোৰ ভাল লাগে। মোৰ বাবে যিকোনো চৰিত্ৰই আকৰ্ষণৰ বিষয়। প্ৰতিটো চৰিত্ৰৰে নিজা কিছুমান বৈশিষ্ট থাকে, তাক সঁচা অৰ্থত অনুধাৱন কৰি, নিৰীক্ষণ কৰি ,অধ্যয়ন কৰি আগবাঢ়িলেই সি এজন অভিনেতাকেই নহয় দৰ্শককো আকৰ্ষণ কৰাত সফল হ’ব।” এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “প্ৰকৃত শিল্পীৰ চিনাকী তেওঁৰ সাধনাত লুকাই থাকে। যিজনে নিজৰ শিল্পটোক লৈ অবিৰত সাধনা কৰিব পাৰে, নিজৰ শিল্পক প্ৰকৃত সন্মান জনাব পাৰে আৰু সেই শিল্পক সমাজ আৰু সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে , তেন্তে মই ভাবো তেওঁৱেই শিল্পী। অৱশ্যে, মোৰ ব্যক্তিগত মত এইয়া।” আগন্তুক পৰিকল্পনা বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “যিহেতু নাটক ভালপোৱা মানুহ, গতিকে নাটকক লৈয়ে এটা প্ৰচেষ্টা হাতত লোৱাৰ কথা ভাবি আছোঁ। “সেউজীয়া নাটক”/”green theatre” নামেৰে পৰীক্ষামূলক প্ৰকল্প এটিৰ কথা আলোচনা চলি আছে আমাৰ বন্ধুমহলৰ মাজত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জন্মলাভ কৰা ‘মঞ্চশিখা’ই ইয়াৰ আগভাগ ল’ব। লগতে , বিভিন্ন মাধ্যমত অভিনয় কৰাৰ আৰু ভালকৈ অভিনয় শিকাৰ সুযোগ বিচাৰি প্ৰয়াস চলি আছে আৰু চলিয়েই থাকিব । বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে অৱশ্যে পৰিকল্পনা কৰিবলৈ অসুবিধা যদিও, পৰিস্থিতিত খাপ খাই লৈ পৰিকল্পনাসমূহ বিশেষকৈ ‘সেউজীয়া নাটক’ সফল কৰাৰ পৰিকল্পনা চলি আছে।”


আগলৈ তেওঁ কয় যে, শেষত, rupaliparda.com ৰ ৰীমা দত্তক ধন্যবাদ জনাইছোঁ, আমাৰ দৰে নাটকৰ লগত, অভিনয়ৰ লগত লাগি থাকিবলৈ যত্ন কৰা এজন সাধাৰণ লোকক এইখিনি সুবিধা দি উৎসাহিত কৰাৰ বাবে। বৰ্তমান সময়ত উৎসাহ, প্ৰেৰণা আদি অতি প্ৰয়োজনীয় হৈ পৰিছে সকলো ধৰণৰ লোকৰ বাবে আশা কৰোঁ, ভাল দিনবোৰ সোনকালে ঘূৰি আহক।আকৌ দেশৰ বা বিদেশৰ সকলো মঞ্চতে নাটক হওক, সংগীত হওক, সংস্কৃতিৰ সাধনা হওক।”
Add comment