ফেশ্বন জগত খনৰ এটা উল্লেখনীয় নাম হৈছে মিলিন্দ সুমন। মডেলিং তথা অভিনয়ৰ দ্বাৰাও এই গৰাকী শিল্পীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। ৯০ দশকৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হৈছিল মিলিন্দ সুমন। কিন্তু, সাংস্কৃতিক জগত খনৰ বাবে নহয়; চচিয়েল মিডিয়াত তেওঁ ট্ৰোল হৈছিল নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আছলতে, এজন চেলিব্ৰটীৰ পাৰ্ছনেল আৰু প্ৰফেচনেল লাইফৰ ওপৰত ভিত্তি কৰিয়েই বাতৰি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় আৰু এয়াই হৈছিল মিলিন্দৰ সৈতে। কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৩ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ২৮ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক। চচিয়েল মিডিয়াত তেওঁলোকৰ প্ৰেমৰ সময়ছোৱাৰ পৰা ট্ৰোল হৈছিল তেওঁলোকৰ বিবাহ পৰ্যন্ত।


কিন্তু হাৰি যোৱা নাছিল এওঁলোক; সকলো সমালোচনাৰ কাঁইট ভাঙি বৰ্তমান সুখী জীৱন জ্ঞাপন কৰিছে এওঁলোকে। যাৰ সম্পূৰ্ণ নিদৰ্শন পোৱা যায় এওঁলোকৰ ফটোবোৰত। মিলিন্দ সুমনে এক সাক্ষাৎকাৰ যোগে কয় যে, “বিবাহৰ কোনোধৰণৰ ইচ্ছা আমাৰ দুয়োৰে প্ৰথমাৱস্থাত নাছিল কিন্তু ৭ বছৰ প্ৰেম বান্ধোনত আমি দুয়ো বান্ধি যোৱা ফলত পিছলৈ একেলগে থকাৰ কথা মনলৈ আহিবলৈ লৈছিল। সেইবাবেই আমি ৭ বছৰৰ পিছত বিবাহৰ বান্ধোনত বান্ধ খাই পৰিছিলো।”
SOURCE:
Add comment