জীৱনৰ দ্বিতীয় ইনিংছত ইতিমধ্যে অৱতীৰ্ণ হৈছে ডিজাইনাৰ ঋতুপৰ্ণ বৰা। কিছুদিন পূৰ্বে ইভা খনিকৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে ঋতুপৰ্ণ বৰা। তেওঁৰ বিবাহৰ কেইবাখনো ফটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। ঋতুপৰ্ণ বৰা হৈছে এনে এগৰাকী ব্যক্তি, যি গৰাকীয়ে কোনো এখন ছবিত অভিনয় কৰা নাই নাইবা তেওঁ কোনো গীতত কন্ঠদান কৰা নাই, তথাপিও তেওঁ ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে একোখন ছবি তথা একোটা গীতৰ সৈতে। তেওঁৰ কৰ্মটোৰ অবিহনে যেন অসম্পূৰ্ণ হৈ পৰে একোটা গীত অথবা এখন ছবি। “কাঞ্চনজংঘা”, সংগীত এলবাম “মা” তথা আন কেইবাটাও গীত আৰু কিতাপৰ পোষ্টাৰ লগতে গ্ৰাফিক্স ডিজাইনাৰৰ দায়িত্ব বহন কৰিছে ঋতুপৰ্ণ বৰাই। ২০১০ চনৰ পৰা গ্ৰাফিক্স ডিজাইনাৰ হিচাবে কৰ্মৰত এই গৰাকী ঋতুপৰ্ণ বৰাৰ বিবাহৰ বাৰ্তাই উৎসাহিত কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনকো। বিবাহৰ ফটোসমূহত প্ৰায় সকলোৱে পঠিয়াইছে যুগ্ম জীৱনৰ শুভকামনা বাৰ্তা। বিবাহৰ পিছতে তেওঁ চচিয়েল মিডিয়াত সকলোৰে আশীৰ্বাদ কামনা কৰে। তেওঁ কয় যে, “জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছো। আশীর্বাদ কৰিব। ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি অব্যাহত থকা লক-ডাউনৰ ফলত তথা কেতবোৰ নিয়মাৱলীৰ বাবে, আমি কেৱল পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত বিবাহৰ ৰীতি-নীতি সম্পূৰ্ণ কৰিব লগা হৈছিল। আমি কাকো নিমন্ত্ৰণ কৰিব নোৱাৰিলোঁ, কিন্তু আমি সদায়ৰ দৰে আপোনাৰ মৰম আৰু আশীৰ্বাদৰ কামনা কৰিছোঁ।”

নিজ সংস্কৃতিটোৰ বাবে গ্ৰাফিক্সৰ যোগেৰে বহুখিনি কাম ভৱিষ্যতে কৰিবলৈ পৰিকল্পনা কৰি থকা ঋতুপৰ্ণ বৰাই “কঠোৰ শ্ৰম” আৰু “নিষ্ঠা” ক সফলতাৰ মুলমন্ত্ৰ ৰূপে ব্যৱহাৰ কৰি আহিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমবাসীৰ নাম জিলিকাই ৰখা এই গৰাকী সফল প্ৰতিভাৰ অনাগত দিনৰ সফলতাৰ কামনা কৰিছে ৰূপালীপৰ্দাইও।
Add comment