Rupaliparda.com
নিবিড় আকাশ বৰুৱাৰ নতুন পৰিকল্পনা "Swansong" লৈ আহিছে নতুন খবৰঃ 1

নিবিড় আকাশ বৰুৱাৰ নতুন পৰিকল্পনা “Swansong” লৈ আহিছে নতুন খবৰঃ

চুটি ছবিসমূহৰ প্ৰসংগ এতিয়ালৈ সক্ৰিয় হয় আছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। ক’ৰোণা ভাইৰাছৰ সময়ছোৱাত চুটি ছবিসমূহৰ এক সুন্দৰ পৰিক্ৰমা আৰম্ভ হোৱা আমি সকলোৱে দেখিবলৈ পাইছিলো। সেই সময়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটোত বৰ্তমানলৈ আমি বহুকেইখন উল্লেখনীয় চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছো। আমাৰ অসমখন অইন প্ৰতিটো দিশত চহকী হোৱাৰ সমান্তৰালকৈ ইয়াত নিৰ্মিত একাংশ চুটি ছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানৰ কথা আমি শুনিছো অথবা সংবাদপত্ৰ যোগে পঢ়িছো। আমি “লক-ডাউন” ৰ মাজভাগত এখন চুটি ছবি “নিমিলা অংক” ক উপভোগ কৰিছিলো; চুটি ছবিখনে জনপ্ৰিয়তাও লাভ কৰিবলৈ সক্ষম হৈছিল। সম্প্ৰতি নৱপ্ৰজন্মৰ মাজত চলি থকা কিছু কথাক দেখুৱাবলৈ প্ৰয়াস কৰা হৈছিল উক্ত চুটি ছবিখনত; সেইবাবেই হয়টো চুটি ছবিখনক লৈ আকৰ্ষিত হৈছিল দৰ্শক সকলো। এইগৰাকী পৰিচালকৰ পৰিচালনাৰে আন এখন চুটি ছবিৰ মুক্তিৰ খবৰ আহিছে ৰাইজৰ মাজলৈ। ইতিমধ্যে চুটি ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰখনো মুকলি কৰি দিয়া হৈছে। “Swansong” শীৰ্ষক আন এখন চুটি ছবিৰ পৰিচালনাৰ সৈতে পৰিচালক নিবিড় আকাশ বৰুৱা এইবাৰ কাষ চাপিব আপোনালোকৰ।

নিবিড় আকাশ বৰুৱাৰ নতুন পৰিকল্পনা "Swansong" লৈ আহিছে নতুন খবৰঃ 2


শেহতীয়াকৈ, এই চুটি ছবিখনক উদ্দেশ্যি আহিছে নতুন খবৰ। “Rameswaram International Film Festival” ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে এই চুটি ছবিখন। দুজন ভাতৃৰ মাতৃৰ প্ৰতি থকা দায়িত্ব তথা ইজনৰ আনজনৰ সৈতে হোৱা কিছু মতানৈক্যৰ কাহিনীৰ উপস্থাপনৰ দ্বাৰা চুটি ছবিখন নিৰ্মাণ কৰিছে পৰিচালক নিবিড় আকাশ বৰুৱাই। চুটি ছবিখনত মুঠ দুটা মুখ্য চৰিত্ৰ আছে যি দুটা ৰূপায়ন কৰিব ক্ৰমে কিশোৰ ভৰদ্বাজ বৰুৱা আৰু নিবিড়ে। ছবিখন পৰিচালনাৰ লগতে ইয়াৰ কাহিনীও হৈছে নিবিড়ৰ নিজৰেই; চিত্ৰনাট্য নিবিড় আকাশ বৰুৱাৰ আৰু কৌশিক ভৰদ্বাজ বৰুৱাৰ। সহযোগী পৰিচালক লক্ষীনন্দন বৰুৱা আৰু সহকাৰী পৰিচালকৰ দায়িত্বত আছে মুকুন্দ মাধৱ বৰা। উক্ত চুটি ছবিখনৰ চিত্ৰগ্ৰহণ, সম্পাদনা আৰু ৰং মৃন্ময় শইকীয়াৰ; লোকেশ্বন চাউণ্ড লক্ষীনন্দন বৰুৱাৰ তথা চাউণ্ড ডিজাইন জ্যোতি চেতিয়াৰ। আনহাতে, পোষ্টাৰ ডিজাইন কৰিছে কুণাল বৰাই।

নিবিড় আকাশ বৰুৱাৰ নতুন পৰিকল্পনা "Swansong" লৈ আহিছে নতুন খবৰঃ 3


অতিশীঘ্ৰে এই চুটি ছবিখনক দৰ্শকৰ মাজলৈ লৈ অনাৰ পৰিকল্পনা কৰা হৈছে। কিছু উৎকন্ঠাৰ মাজেৰে টানিবলৈ চেষ্টা কৰা এই চুটি ছবিখনক লৈ বৰ্তমান অপেক্ষাৰতও হৈ পৰিছে দৰ্শক। আগন্তুক সময়ত মুক্তি পাবলগীয়া “Swansong” ক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform