Rupaliparda.com
"Purple Unicorn Entertainment" ৰ বেনাৰত "তৰা এটি" ৰ জনপ্ৰিয়তাঃ 1

“Purple Unicorn Entertainment” ৰ বেনাৰত “তৰা এটি” ৰ জনপ্ৰিয়তাঃ

ক’ত সংগ্ৰাম, ক’ত সপোনক নেওচি নাৰীয়ে আজিৰ পৰ্যায় পাইছেহি! সমাজৰ ককৰ্থনা, আপোনাজনৰ লাঞ্ছনাক বুকুত বান্ধি আগবাঢ়িছে নিজৰ অনাগত দিনবোৰলৈ। পৰিস্থিতি বোৰৰ সৈতে মোকাবিলা কৰিবলৈ কেতিয়াবা ইচ্ছা নগ’লেও তেওঁলোকক সেই একেই দৃঢ়তাৰে থিয় হৈ ৰোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা তেওঁলোকে কান্দি ভাগৰে, কেতিয়াবা তেওঁলোকে হাঁহিৰেই সামৰি থৈ দিয়ে কথাবোৰ। এগৰাকী নাৰীৰ দায়বদ্ধতা তথা একাগ্ৰতাৰ বিষয়টো সকলোৰে বোধগম্য, সেইবাবে হয়টো বৰ্তমান সময়ৰ প্ৰতিটো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে নাৰীয়ে। শেহতীয়াকৈ,স্বাধীনতা দিৱসৰ দিনটোতেই মুক্তি লাভ কৰিছিল “তৰা এটি” শীৰ্ষক নতুন গীত। নতুন প্ৰযোজনা গোষ্ঠী “Purple Unicorn Entertainment” ৰ প্ৰথমটো নিবেদন তথা ঋতৃষা শৰ্মাৰ কণ্ঠৰে মুক্তি লাভ কৰা এই গীতটিয়ে মুহিছে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক। নতুন প্ৰযোজনা গোষ্ঠী হিচাবে “Purple Unicorn Entertainment” ৰ প্ৰথমটো প্ৰচেষ্টা লেখত ল’বলগীয়া। গীতটিৰ কথাৰ সৈতে সংগতি ৰাখি প্ৰস্তুতিত ভিডিঅ’টোৱেও সঁহাৰি লাভ কৰিছে ৰাইজৰ। গীতটিৰ ভিডিঅ’টোৰ বিষয়বস্তু হৈছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যৰ। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত জনপ্ৰিয়তা লাভ কৰা প্ৰিয়ংকা বৈশ্যৰ অনুৰাগীৰ শাৰীটো খুবেই দীঘলীয়া। ইয়াৰ লগতে, ভিডিঅ’টিতো মুখ্য চৰিত্ৰ ৰূপায়ন কৰিছে এই অভিনেত্ৰী গৰাকীয়ে।


গীতটিত কণ্ঠদান কৰিছে আমাৰ সকলোৰে মৰমৰ আৰু বহুলভাৱে সমাদৃত কণ্ঠশিল্পী ঋতৃষা মহন্তই। “জুনুকা” আৰু সদ্যমুক্তিপ্ৰাপ্ত “বুঢ়া তামোলৰ পাগ” শীৰ্ষক একোটা “মাষ্টাৰ পিছ” ৰ সৈতে অসমীয়া জনগণক উপহাৰ দিয়া ঋতৃষা শৰ্মাৰ এই গীতটিয়েও প্ৰত্যেকৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, গীতটিত সুৰ-সংগীত কৰাৰ লগতে গীতাৰ সংগত কৰিছে নৱপ্ৰজন্মৰ প্ৰতিভা ত্ৰিয়ন মহন্তই। কেইবাটাও সুন্দৰ গীতৰ উপহাৰ দিয়া ত্ৰিয়ন মহন্তই বৰ্তমান সংগীত ক্ষেত্ৰখত চিনি নোপোৱা লোকৰ সংখ্যা হয়টো নিচেই তাকৰ। গীতটিৰ কথা মৃদুস্মিতা দেৱীৰ। ভিডিঅ’টোত প্ৰিয়ংকা বৈশ্যৰ সমান্তৰালকৈ অভিনয় কৰিছে ক্ৰমে নৱাগতা হৃষিকেশ দত্ত, জনপ্ৰিয় অভিনেত্ৰী অপৰ্ণা দত্ত চৌধুৰী, ঋতৃষা শৰ্মা আৰু শিশুশিল্পী অমিৰাহ ৱাহলাঙে। ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা তিৰাপ সীমান্ত মেধিৰ। ইতিমধ্যে সংগীত ক্ষেত্ৰখনত তেওঁৰ দ্বাৰা পৰিচালিত গীতসমূহৰ প্ৰত্যেকেই ইউটিউবত বহুল হাৰত চৰ্চিত হৈছে। আমি প্ৰতিটো দিনেই একোটা সুন্দৰ গীত শুনো অথবা শুনিবলৈ সক্ষম হওঁ আৰু সেয়া হৈছে এই ক্ষেত্ৰখনৰ পৰ্যায়ক্ৰমে উন্নতি।প্ৰতিদিনেই দেখা নতুনত্ববোৰে আমাক উৎসাহিত কৰি ৰাখে; আমি দৈনন্দিন জীৱনতো এই নতুনত্ববোৰ অনুভৱ কৰিবলৈ উৎসাহী হৈ থাকো। মনোৰঞ্জন ক্ষেত্ৰখনো ঠিক তেনেকুৱাই; আমি শেহতীয়াকৈ ইয়াত প্ৰতিদিনেই নতুনত্ববোৰ দেখিছো, অনুভৱ কৰিছো। নতুনত্ববোৰ অনাত অহৰহ প্ৰয়াস কৰিছে নৱপ্ৰজন্মইহে; তেওঁলোকৰ চেষ্টাই যাতে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰেই প্ৰয়াসত ব্যস্ত থাকে এওঁলোক। এই নতুনত্বই যদিও কিছুক্ষেত্ৰত পৰিৱৰ্তনৰ সৃষ্টি কৰিছে তৎস্বত্বেও এই পৰিৱৰ্তনে দৰ্শক-শ্ৰোতাৰ বাবে আমোদৰ বাটো মুকলি কৰিছে।

"Purple Unicorn Entertainment" ৰ বেনাৰত "তৰা এটি" ৰ জনপ্ৰিয়তাঃ 2


সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform