Rupaliparda.com
"মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ"- কৰবী শৰ্মা 1

“মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ”- কৰবী শৰ্মা

এগৰাকী অভিনেত্ৰীৰ যেতিয়া প্ৰফাইলটোত আমি ঘূৰ্মুতিয়াই ফুৰোঁ, তেতিয়া আমি প্ৰায়ে তেওঁলোকে কেনেদৰে নিজক ফিট ৰাখিছে চাবলৈ বিচাৰোঁ। ৰাতিপুৱাৰ ব্যায়াম তথা ৰাতি শুবলৈ যোৱা সময়ত তেওঁ কেনেদৰে নিজকে প্ৰস্তুত কৰিছে আমি তাক চাবলৈ চেষ্টা কৰোঁ যাতে আমি কিবা এটা শিকিবলৈ পাওঁ। বিগত কিছুদিনৰ পৰা যোগাসনৰ দ্বাৰা বিভিন্ন জনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী কৰবী শৰ্মা। তেওঁ নিজক কেনেদৰে ফিট ৰাখিবলৈ চেষ্টা কৰিছে অথবা তেওঁৰ যোগাসনৰ বিষয়ে কিছু কথা জানিবলৈ বিচৰাত তেওঁ কয় যে, “আমি দৈহিক, মানসিক তথা আধ্যাত্মিক ভাৱে যেতিয়া সুস্থ হৈ থাকোঁ তেতিয়া আচলতে নিজক সুস্থ আৰু সবল বুলি ক’ব পাৰোঁ। বহুলোকে যদিও দৈহিক সুস্থতাকে সামগ্ৰিক সুস্থতা অথবা ফিট বুলি কয় তথাপিও সেয়াই ফিট বুলি এগৰাকী ব্যক্তিক একাষাৰে ক’ব নোৱাৰি। আমাৰ দৈনন্দিন জীৱনটো ইমান অধিক ব্যস্ততাপূৰ্ণ হৈ পৰিছে, আমি গোটেই দিনটো প্ৰযুক্তিবিদ্যাৰ লগত ইমানেই বেছি সাঙুৰ খাই থাকোঁ যে আমি প্ৰায়ে ভাবো ক’ৰবাত শান্তিপূৰ্ণ ঠাইত গ’লেহে যেন প্ৰশান্তি লাভ কৰিম। কিন্তু, জানেনে এই শান্তিটো আমি বিচাৰিলে নিজৰ মাজতেই বিচাৰি পাম। গতিকে, এক কথাত যদি ক’বলৈ যাওঁ মই যোগাসনৰ সৈতে জড়িত হোৱা এয়াই হৈছে এক বিশেষ কাৰণ। মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ। এগৰাকী অভিনেত্ৰী হিচাবে আমাৰ কৰ্মব্যস্ততাক লৈ আপোনালোক আটাইয়ে অৱগত, এটা প্ৰকল্পৰ সৈতে জড়িত হ’লে আমি আন একো বস্তুৰ কথা ভাবিবই নোৱাৰোঁ।”

"মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ"- কৰবী শৰ্মা 2


তেওঁ আগলৈ কয় যে, “ক’ভিডৰ দুৰ্যোগৰ সময়ত বহুলোকে যথেষ্ট খিনি কষ্ট সহিবলগীয়া হৈছে, বহুতে আপোনজনক হেৰুৱাইছে। নেতিবাচক এক চিন্তাধাৰা সকলোৰে মন-মগজুত সোমাই পৰিছে, কিন্তু এই নেতিবাচক মানসিকতাৰ পৰা আমি কেনেদৰে ইতিবাচক চিন্তাধাৰালৈ গতি কৰিব পাৰোঁ সেয়া এক গুৰুত্বপূৰ্ণ কথা। যেতিয়া লক-ডাউনৰ বাবে গোটেইবোৰ স্তব্ধ হৈ পৰিছিল, মই মানসিক ভাৱে ভাঙি নাই পৰা যদিও কৰিবলৈ হাতত কোনো ধৰণৰ কামেই নাছিলে। গতিকে, এই সময়খিনিত নিজক ব্যস্ত ৰাখি কিবা এটা ভাল কৰিবলৈ লগতে নিজৰ লগতে আন দুজনৰ হিত কৰিবলৈ মই এমাহ মান ভবাৰ যোগাসনৰ কথা মনলৈ আহিল। বহুকেইখন প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাৰ পিছত নিজৰ মাজতেই সিদ্ধান্ত লৈছিলোঁ যে যদিহে মই যোগাসন কৰোঁ তেতিয়াহ’লে সম্পূৰ্ণ এটা বছৰ এই বিষয়টোত নিজকে নিমজ্জিত কৰিম। কাৰণ এইটো এটা বিশাল বিষয়। সেইকাৰণে বৰ্তমান সময়ত মই কেৱল যোগাসনতেই গুৰুত্ব দিম বুলি ভাবিছোঁ। সঁচা কথা ক’বলৈ গ’লে, মই এতিয়া অত্যন্ত সুখী কিয়নো মই ভালেখিনি বস্তু আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। যোগাসনৰ পৃথিৱী খনত নিজকে সুমুৱাই লৈ বুজিব পাৰিছোঁ যে মানসিক শান্তি, আধ্যাত্মিক সুস্থতাটো আচলতে কি! কোনোধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈ কৰা যোগাসনৰে আমি সামগ্ৰিক দিশৰ ফালৰ পৰা ফিট হ’ব পাৰোঁ।”

"মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ"- কৰবী শৰ্মা 3


“মই বৰ্তমান আনকো শিকাবলৈ ধৰিছোঁ। লগৰ খিনিকো তেওঁলোকৰ অসুবিধাৰ সময়ত মই বুজনি দিব পাৰিছোঁ, গতিকে মই সুখী ইয়াত যোগদান কৰি।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.