Rupaliparda.com
ঋতুস্ৰাৱক লৈ সজাগতা সৃষ্টিৰ চেষ্টা দীপলিনা ডেকাৰঃ 1

ঋতুস্ৰাৱক লৈ সজাগতা সৃষ্টিৰ চেষ্টা দীপলিনা ডেকাৰঃ

“ঋতুস্ৰাৱ”; “মাহেকীয়া” ইত্যাদি শব্দবোৰৰ লগতেই এগৰাকী নাৰীৰ জীৱনলৈ আহে “এইটো কৰিবলৈ নাপায়”, “ইয়াত যাবলৈ নাপায়” অথবা “এয়া চুবলৈ নাপায়”। আমি এই বিষয়ে খুলি কথা নপতাৰ ফলত বিভিন্ন বেমাৰ আজাৰেও দেখা দিয়ে, যিয়ে একোগৰাকী নাৰীক অন্ধকাৰৰ মাজলৈ ঠেলি পঠিয়ায়। পূৰ্বৰে পৰা আমি সকলোৱে দেখি আহিছো সেইকেইটা দিনত নাৰী গৰাকী অইনতকৈ বেলেগে থকা আৰু নিজৰ খোৱা কাঁহী, গ্লাচ আচুঁতীয়াকৈ ৰখা ইত্যাদি কিছু নিয়ম। সময়ৰ পৰিৱৰ্তন অনুযায়ী উক্ত নিয়মবোৰৰ কিছু সলনি হৈছে যদিও বৰ্তমানেও কিছু নিয়মক যেন এৰিব পৰা নাই আমাৰ সমাজ ব্যৱস্থাই। ঋতুস্ৰাৱ অসাধাৰণ অথবা নাভ্ৰূত-নাশ্ৰুত ঘটনা নহয়; ইয়াক লৈ বহুতেই কৰা লাজ, শংকা আদিবোৰ আচলতে অগ্ৰহণযোগ্য। শেহতীয়াকৈ ঋতুস্ৰাৱক লৈ সজাগতা সৃষ্টিৰ বাবে কণ্ঠশিল্পী দীপলিনা ডেকাই কৰিছিল একাংশ পিছপৰা শ্ৰেণীৰ মহিলাৰ মাজত চেনিটাৰী নেপকিন বিতৰণ।
We care organization, Zero7 events আৰু urban youth ৰ যুটীয়া প্ৰচেষ্টাৰে এই সজাগতা কাৰ্যসূচী হাতত লোৱা লৈছিল।

দীপলিনা ডেকাৰ এনে সহযোগিতাৰ বাবে তেওঁক অনুৰাগীয়ে বহুল হাৰত প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে। তেওঁ চচিয়েল মিডিয়া যোগে বিতৰণ সময়ৰ কেইবাখনো ফটো আপলোড কৰি কয় যে, “ঋতুস্ৰাৱ আৰু ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা আমাৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ভিতৰত এটা যাক অধিক কোৱা প্ৰয়োজন। আমাৰ মাজৰ বহুতে এতিয়াও ঋতুস্ৰাৱ আৰু এজনী ছোৱালীৰ ঋতুস্ৰাৱক নিষিদ্ধ বুলি বিবেচনা কৰে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform