Rupaliparda.com
"মেলৱৰ্ণ ভাৰতীয় ছবি মহোৎসৱ" ত "Equality Of Cinema" ৰ সন্মান "বেলকনিত ভগৱান" লৈঃ 1

“মেলৱৰ্ণ ভাৰতীয় ছবি মহোৎসৱ” ত “Equality Of Cinema” ৰ সন্মান “বেলকনিত ভগৱান” লৈঃ

আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ এখন অসমীয়া ছবিৰ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত “মেলৱৰ্ণ ভাৰতীয় ছবি মহোৎসৱ” ত “বেলকনিত ভগৱান” নামে অসমীয়া ছবিখনে ‘Equality Of Cinema” ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ ইংৰাজীত নামটো হৈছে ‘God On The Balcony’। সমাজৰ এখন টুলুঙা প্ৰতিচ্ছবিক উপস্থাপনৰ চেষ্টা কৰা হৈছে ছবিখনত; আচলতে ট্ৰেইলাৰ মুকলিৰ পিছত ছবিখনক লৈ দৰ্শকৰ উৎসাহ বৃদ্ধি পৰিলক্ষিত হৈছে। অসহায় এগৰাকী স্বামী আৰু কন্যাই লগ হৈ নিজ পত্নী তথা মাতৃক তেওঁৰ মৃত্যৰ পিছত কেনেদৰে কঢ়িয়াই লৈ ফুৰে তাকেই দেখুওৱা হৈছে ছবিখনত। আচলতে, এনে বহু অনুৰূপ ঘটনা আমাৰ সমাজ ব্যৱস্থাত প্ৰায়ে ঘটি থকা দেখিবলৈ পাওঁ। ছবিখনৰ জৰিয়তে এটি হৃদয়স্পৰ্শী বিষয়বস্তুক যে উপস্থাপনৰ চেষ্টা কৰা হৈছে সেয়া হয়টো একাষাৰে কৈ দিলেও বঢ়াই কোৱা নহ’ব। এইখিনিতে ছবিখনে ঘৰুৱা দৰ্শকৰ সমুখত বৰ্তমানেও মুক্তি লাভ নকৰিলেও মাইনা প্ৰডাকচনৰ বেনাৰত বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে আন কেইবাখনো চলচিত্ৰ মহোৎসৱত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ২৬ তম কলকাতা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত মনোনয়ন লাভ কৰাৰ লগতে ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ “গ’ল্ডেন ৰ’য়েল বেংগল টাইগাৰ” বঁটা।

"মেলৱৰ্ণ ভাৰতীয় ছবি মহোৎসৱ" ত "Equality Of Cinema" ৰ সন্মান "বেলকনিত ভগৱান" লৈঃ 2


ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি “জেতুকা পাতৰ দৰে” ৰ প্ৰযোজক নুৰুল চুলতানে উক্ত ছবিখনো প্ৰযোজনা কৰিছে। বাণিজ্যিক ছবিৰ ওপৰত নিৰ্ভৰশীল নহৈ পৰিচালক বিশ্বজিৎ বৰাই উন্নয়নশীল দেশখনৰ চুকে-কোণে ঘটি থকা এনেবোৰ ঘটনাক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ এক চেষ্টা কৰাত উৎসাহীও হৈ পৰিছে প্ৰতিজন চলচিত্ৰ প্ৰেমী দৰ্শক। এখন চাইকেলত নিজৰ স্ত্ৰীৰ শৱ বান্ধি কঢ়িয়াই লৈ ফুৰাত এজন স্বামীৰ মানসিক তাড়ণাৰ লগতে দৈহিক যন্ত্ৰণা সমূহো ছবিখনত দেখুওৱা হৈছে। আনহাতে, ছবিখনৰ ক্ষেত্ৰত ভাল লগা এটা দিশ এয়াও যে ইয়াত য়াহা, কমিনে, মিডনাইট চিলড্ৰেন, গেংগছ অৱ ৱাচিপুৰ আদি বলীউড ছবিত অভিনীত অভিনেতা হাৰিশ খান্নাই এক মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে ছবিখনত।ইয়াৰ উপৰিও, কৃষিমন্ত্ৰী অতুল বৰাকো ছবিখনৰ এটি চৰিত্ৰত দেখিবলৈ পোৱা যাব। প্ৰণামী বৰাৰ লগতে পৰিনান্ধি জিমা চুলতানাই ৰূপায়ন কৰিছে ছবিখনৰ দুটি মূখ্য চৰিত্ৰ।

"মেলৱৰ্ণ ভাৰতীয় ছবি মহোৎসৱ" ত "Equality Of Cinema" ৰ সন্মান "বেলকনিত ভগৱান" লৈঃ 3


ইয়াৰ লগতে, ৰাজীৱ ক্ৰ, শোণিত বৰা, সাংবাদিক ইভা মহন্তৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাইও অভিনয় কৰিছে এই ছবিখনত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform