Rupaliparda.com
"কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য"- জনম কাশ্যপ 1

“কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য”- জনম কাশ্যপ

“স্বাধীনতা” শীৰ্ষক এটি গীতে কিছুদিন পূৰ্বে আমাক প্ৰত্যেককে উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল, নহয়নে? গীতটিত কণ্ঠদান কৰিছিল নৱপ্ৰজন্মৰেই এগৰাকী প্ৰতিভা জনম কাশ্যপে, ভাইৰাছ অথবা মহামাৰীৰ ভিন্ন খবৰেও যে এই প্ৰতিভাসকলৰ সৃষ্টিক ৰুদ্ধ কৰিব পৰা নাই; সেয়াই আচলতে বৰ্তমানৰ একমাত্ৰ ভাললগা কথা। গীত সমূহে অকণমানকৈ হ’লেও অনুৰাগীক ধনাত্মক কৰি তুলিব বুলি বিশ্বাসী তেওঁলোক। সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই এনে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰে, শ্ৰদ্ধা কৰে। আজিৰ দেওবৰীয়া বিশেষত এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাকে লৈ আনিছোঁ আপোনালোকৰ মাজলৈ, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ কিছু কথা। চাওঁচোন আহকঃ

"কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য"- জনম কাশ্যপ 2

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

জনম কাশ্যপঃ যিহেতু গীত গাই ভাল পাওঁ, সৰুতেই ওচৰৰ এখন বিদ্যালয়ত সংগীত শিকিবলৈ পাইছিলোঁ, আনুষ্ঠানিক ভাৱে নহয় কিন্তু যিমানখিনি পাৰোঁ জ্যোতি সংগীত, ৰাভা সংগীত আদি শিকিছিলোঁ আৰু তেনেকৈয়ে গীত গাবলৈ আৰম্ভ কৰিছিলোঁ। ঠিক তেনেদৰে ইয়াৰ প্ৰতি আকৰ্ষিত হৈ এই জগতখনৰ লগত জড়িত হৈ পৰিছিলোঁ।

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

জনম কাশ্যপঃ এগৰাকী ‘শিল্পী’ তেতিয়াহে হ’ব পাৰিব, যেতিয়া তেওঁৰ কৰ্মত শিল্পকৰ্মৰ প্ৰকাশ পাব। ‘শিল্পী’ হ’বলৈ এজন ব্যক্তিৰ সৃজনীশীল সৃষ্টিও থাকিব লাগিব। মই সেই শাৰীত কেতিয়াও নিজকে ৰাখি পোৱা নাই কাৰণ মই গীত গাই ভাল পাওঁ কাৰণেই গাবলৈ চেষ্টাহে কৰি আছোঁ মাথোঁ। কিন্তু ‘শিল্পী’ শব্দটোৰ মূল্যবোধ বাৰুকৈয়ে বুজোঁ। উদাহৰণস্বৰূপে, ড° ভূপেন হাজৰিকাদেৱৰ ৰচনা আৰু আৰু তেখেতৰ সংগীত জগতৰ প্ৰতি আগবঢ়াই যোৱা বৰঙণিৰ বাবে যেনেদৰে সমাজত প্ৰত্যেকৰে ওপৰত প্ৰভাৱ পৰিছিল, সেই প্ৰভাৱ বিস্তাৰৰ সক্ষমতা থকা বাবেই তেখেত এগৰাকী ‘শিল্পী’। মোৰ মনত, এজন ‘শিল্পী’ হ’বলৈ এক সুস্থ মন, মগজুৰ অধিকাৰী হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। এয়া অৱশ্যে মোৰ সম্পূৰ্ণ ব্যক্তিগত মতামত।

"কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য"- জনম কাশ্যপ 3

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?

জনম কাশ্যপঃ যিহেতু এই ক্ষেত্ৰখনত মই একেবাৰেই নতুন, বহুতো বিজ্ঞ লোকৰ পৰা শিকিবলগীয়া মোৰ বহুখিনিয়েই আছে। জীৱনটোত শিকি শেষ নহয় সেয়ে নতুন কিবা এটা শিকিবলৈ আগ্ৰহ থকাটো প্ৰয়োজনীয়। কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য। নতুনৰ লগতে পুৰণিক ধৰি ৰাখি নিজৰ সংস্কৃতিক আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

জনম কাশ্যপঃ পৰিকল্পনা বুলি ক’লে বহুখিনিয়েই আছে। নিজৰ কেইটিমান গীত কৰিবলৈ মন মেলি থৈছোঁ আৰু বৰ্তমান মোৰ কেইজনমান বন্ধুৰ সৈতে লগলাগি পদ্মশ্ৰী যাদৱ পায়েঙদেৱৰ বিষয়ক এটি প্ৰকল্প আৰম্ভ কৰিছোঁ। আশা কৰোঁ, আহিবলগীয়া বছৰটোত সম্পূৰ্ণ হৈ উঠিব।তাৰ বাবে সকলোৰে মৰম, আশীৰ্বাদ আৰু দিহা-পৰামৰ্শ কামনা কৰিলোঁ।

"কিন্তু, নিজৰ মূল সুঁতিটোক ধৰি ৰখাটো নৱপ্ৰজন্মৰ কৰ্তব্য"- জনম কাশ্যপ 4

ৰূপালীপৰ্দাঃ ধন্যবাদ জনম কাশ্যপ, অনাগত দিনৰ বাবে শুভকামনা জ্ঞাপন কৰিলোঁ।

জনম কাশ্যপঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform