Rupaliparda.com
আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান অভিনেত্ৰী আইমী বৰুৱালৈঃ 1

আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান অভিনেত্ৰী আইমী বৰুৱালৈঃ

আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী আইমী বৰুৱাই। টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত “Semkhor” ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে আইমী বৰুৱাই। ইয়াৰ পূৰ্বেও অভিনেত্ৰী ৰূপে নহয়; নৱাগতা পৰিচালক ৰূপে বঁটা লাভ কৰিছে অভিনেত্ৰী আইমী বৰুৱাই। আঞ্চলিক (ডিমাছা) ভাষাৰ ছবি নিৰ্মাণৰ দ্বাৰা তেওঁ Tagore International Film Festival ত লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। ডিমাছা ভাষাত নিৰ্মিত উক্ত ছবিখনে সমাৰোহখনত আন তিনিটা শিতানতো লাভ কৰিছিল উল্লেখনীয় বঁটা। উল্লেখ্য যে, এই ছবিখনত আইমী বৰুৱাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে। Best Narrative, Best Women Film আৰু Best Debut Film Maker ৰ বঁটা লাভ কৰে ছবিখনে। আইমী বৰুৱাৰ এই সুখবৰক লৈ ইতিমধ্যে উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগী। ছবিখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ আৰু তেওঁলোকৰ ঐতিহ্যক উপস্থাপন কৰি নিৰ্মাণ কৰা হৈছে ৷ চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল এই ছবিখন ৷

আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান অভিনেত্ৰী আইমী বৰুৱালৈঃ 2


ক’ৰোণা ভাইৰাছৰ ফলত অসমীয়া ছবি উদ্যোগটো সম্পূৰ্ণ ৰূপে স্থবিৰ হৈ থকাৰ সময়তে অভিনেত্ৰী গৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈছে অভিনেত্ৰী গৰাকীৰ অনুগামী সকল ৷ চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় অভিনেত্ৰী আইমীয়ে সমাজৰ ভিন্ন কথাক লৈ নিজ মত স্পষ্ট কৰা দেখিবলৈ পোৱা যায়; তেওঁ প্ৰতিদিনেই ৰাতিপুৱা একোটা চচিয়েল মিডিয়া পোষ্টেৰে ৰাইজৰ কাষ চাপে। অৱশ্যে ভিন্ন সময়ত ৰাইজৰ ৰোষতো পৰে অভিনেত্ৰী গৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform