সংগীত ক্ষেত্ৰখনলৈ আহিছে এটা নতুন যুটি, হয়টো বহু সংগীত প্ৰেমীৰ দ্বাৰা অপেক্ষাৰত এটা যুটি। অহা ২৩ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব বিকি কলিতা আৰু ৰাজশ্ৰী শইকীয়াৰ কণ্ঠৰে এটি সুন্দৰ গীত “তই নাচাবি আনলৈ”। ইতিমধ্যে গীতটিৰ এটি টিজাৰ ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে, উক্ত দুয়োগৰাকী কণ্ঠশিল্পীৰেই সুকীয়া চিনাকী তথা বৈশিষ্ট্য এই জগতখনত আছে। দুয়োগৰাকীৰ অনুৰাগীৰ শাৰীটোকো আমি নুই কৰিব নোৱাৰো, গতিকে সংগীতপ্ৰেমী শ্ৰোতাসকলৰ বাবে এয়া উৎসাহৰ বিষয় য’ত তেওঁলোকে বিকি কলিতা আৰু ৰাজশ্ৰী শইকীয়াৰ যুটীয়া কণ্ঠৰে শুনিবলৈ পাব এটি গীত। গীতটিৰ কথা জগত প্ৰতিম ভৰালীৰ, সুৰ বিকি কলিতাৰ নিজৰেই। লগতে, সংগীতৰ দায়িত্বত আছে বাবন বৰ্ণিল তথা শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ। ৰাজশ্ৰী শইকীয়াৰ কণ্ঠৰ মাদকতাৰ উপৰিও শেহতীয়াকৈ জনপ্ৰিয়তাৰ শিখৰত বগাবলৈ আৰম্ভ কৰা বিকি কলিতাৰ ন-ন গীতৰ খবৰে উৎকণ্ঠিত কৰিছে সকলোকে। কিছুদিন পূৰ্বে আপোনালোকক ৰাজশ্ৰী শইকীয়াৰ বিষয়ে জনাইছিলোঁ লগতে কৈছিলোঁ যে, ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও অৱশ্যে একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত।

আনহাতে, নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিৰে সংগীত ক্ষেত্ৰখনে নতুনত্ব পাবলৈ সক্ষম হৈছে। নতুন কণ্ঠ, নতুন গীতে প্ৰতিদিনে সমাদৰ লাভ কৰি আহিছে। চচিয়েল মিডিয়াৰ যুগত আমি কোনো এটা গীতৰ যেতিয়া ততোধিক চৰ্চা ৰাইজৰ মাজত হোৱা দেখিবলৈ পাওঁ তেতিয়া একাষাৰে সেই গীতটিৰ জনপ্ৰিয়তাক আমি বুজিবলৈ সক্ষম হওঁ। বিকি কলিতাৰ “তোমাকে নাপালে” শীৰ্ষক গীতটি ঠিক তেনেধৰণে আকৰ্ষণ কৰিছিল ৰাইজক, গীতটিত উপস্থাপিত ভিডিঅ’ অথবা ইয়াৰ কথা লগতে কণ্ঠশিল্পী গৰাকীৰ কণ্ঠ আছিল লেখত ল’বলগীয়া। এই দুয়োগৰাকীৰ কণ্ঠৰে মুক্তিপাবলগীয়া “তই নাচাবি আনলৈ” শীৰ্ষক গীতটিৰ বাবে সেইবাবেই অপেক্ষাৰত বহুজন। উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে।


মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ আহিবলগীয়া গীতটিৰ বাবে তেওঁলোকক জনাইছোঁ শুভকামনা।
Add comment