Rupaliparda.com
ত্ৰিয়ন মহন্তৰ সুৰেৰে সঁজোৱা দুটি গীতৰ মুক্তিক লৈ উৎকণ্ঠিত শ্ৰোতাঃ 1

ত্ৰিয়ন মহন্তৰ সুৰেৰে সঁজোৱা দুটি গীতৰ মুক্তিক লৈ উৎকণ্ঠিত শ্ৰোতাঃ

ইটোৰ পিছত সিটো গীতৰ মুক্তিৰ সৈতে জনপ্ৰিয়তাক চুমিছে নৱপ্ৰজন্মৰ এগৰাকী সংগীতশিল্পী ত্ৰিয়ন মহন্তই। সংগীত ক্ষেত্ৰখনত তেওঁক চিনি নোপোৱা হয়টো বহু কমেই শ্ৰোতা অথবা দৰ্শক ওলাব, কণ্ঠদান নকৰিলেও ত্ৰিয়ন মহন্তই সুৰ- সংগীতেৰে সঁজোৱা প্ৰায় প্ৰতিটো গীতেই সঁচাকৈ উল্লেখনীয় আৰু প্ৰশংসাৰ যোগ্য। আচলতে, ত্ৰিয়ন মহন্তৰ কৰ্মইও প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে বিভিন্ন জনৰ; তেওঁৰ ইটোৰ পিছত সিটো গীতৰ জনপ্ৰিয়তাও হৈছে লেখত ল’বলগীয়া। তিনিচুকীয়াত জন্মগ্ৰহণ কৰা ত্ৰিয়ন মহন্তৰ নামটো বৰ্তমান একোটা গীতৰ ক্ষেত্ৰত দেখিবলৈ সুলভ হৈ পৰিছে। সংগীতৰ প্ৰতি থকা একাগ্ৰতাই তেওঁক এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত বাৰুকৈয়ে কৰিছে সহায়। শেহতীয়াকৈ এই নৱপ্ৰজন্মৰ সংগীতশিল্পী গৰাকীৰ তৰফৰ পৰা আহিছে ভাল খবৰ, তেওঁ সঁজোৱা সুৰেৰে অনাগত দিনত মুক্তি লাভ কৰিব দুটি গীত ক্ৰমে “তোমাৰেই লগত” তথা “জোনাকী”। প্ৰথমটো গীতত কণ্ঠদান কৰিছে ভণ্টি দলে আৰু ভাৰ্গৱ দলে। এই গীতটিত কেৱল মাত্ৰ সুৰ কৰাই নহয়, ত্ৰিয়ন মহন্তই গীতটিৰ প্ৰযোজনা আৰু ইয়াত গীতাৰো সংগত কৰিছে তেওঁ নিজেই। গীতটি লিখিছে মৃদুস্মিতা দেৱীয়ে, তবলা আৰু পাৰকিউচন বজাইছে ৰাজা বৰুৱাই। গীতটিত বাঁহী বজাইছে অঞ্জন মেধিয়ে। শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। ভিডিঅ’ সহ মুক্তি পাবলগীয়া এই গীতটিৰ ভিডিঅ’ পৰিচালনা অপুৰাজ গগৈৰ আৰু ইয়াত অভিনয় কৰিছে অভিনেতা উৎপল দাস লগতে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে।

ত্ৰিয়ন মহন্তৰ সুৰেৰে সঁজোৱা দুটি গীতৰ মুক্তিক লৈ উৎকণ্ঠিত শ্ৰোতাঃ 2


গীতটিক লৈ ইতিমধ্যে উক্ত তাৰকাদ্বয়ে চচিয়েল মিডিয়া যোগে বিভিন্ন ধৰণৰ পোষ্ট কৰি অনুৰাগীক জনাই আহিছে। আনহাতে, আহিবলগীয়া আন এটি গীত “জোনাকী” টো ত্ৰিয়ন মহন্তই সুৰ কৰাৰ লগতে সংগীত প্ৰযোজনা আৰু গীতাৰ বজাইছে। ইয়াত কণ্ঠদান কৰিছে নৱাগতা কণ্ঠশিল্পী ঋতুপৰ্ণা দাস আৰু জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে। গীতটিৰ কথা কল্লোল কাশ্যপ মহন্তৰ, শব্দ সংমিশ্ৰণ পিংকু দাস আৰু ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই। জন্মদিনত পিতৃয়ে উপহাৰ দিয়া বাদ্যযন্ত্ৰৰে সংগীত ক্ষেত্ৰখনত মনোনিৱেশ কৰা ত্ৰিয়ন মহন্তই ২০১৩ চনৰ পৰা পেছাগত ভাৱে নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। এটা গীতৰ সৈতে জড়িত হ’বলৈ গীতটিত তেওঁ কি বিচাৰে বুলি প্ৰশ্ন কৰাত ত্ৰিয়ন মহন্তই নিজাকৈ ৰূপালীপৰ্দাৰ আগত জনাইছিল যে, “এটা গীত নিজৰ প্ৰকল্প সমূহৰ ভিতৰত যেতিয়া অন্তৰ্ভূক্ত কৰো তেতিয়া প্ৰথমতে মই নিজক তাত সংযোজিত কৰাৰ চেষ্টা কৰো অৰ্থাৎ গীতটোৰ সৈতে মই নিজক চাবলৈ চেষ্টা কৰোঁ। আচলতে, গীত এটাত মোৰ নিজস্বতাটো প্ৰতিফলিত হোৱাটো বিচাৰোঁ। যেতিয়াই শ্ৰোতাই গীতটি উপভোগ কৰিব তেতিয়া তাত থকা কথা, কন্ঠৰ সৈতে মোৰ সংগীতটো প্ৰতিফলিত হোৱাটো মই বিচাৰো।”

ত্ৰিয়ন মহন্তৰ সুৰেৰে সঁজোৱা দুটি গীতৰ মুক্তিক লৈ উৎকণ্ঠিত শ্ৰোতাঃ 3


ত্ৰিয়ন মহন্তৰ অনাগত দিনৰ প্ৰকল্প সমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা। তেওঁৰ প্ৰকল্প সমূহে আৰু অধিক হাৰত শ্ৰোতাক টানিবলৈ সক্ষম হওঁক, তাৰেই কামনা কৰিছোঁ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform