Rupaliparda.com

ছলমান খানৰ বিবাহ প্ৰসংগঃ কিন্তু পূৰ্বতে নাকচ ৭ গৰাকী নাৰীক-

ছলমান খানৰ ছবি সমূহৰ লগতে বাতৰিৰ শিৰোনাম দখল কৰে তেওঁৰ ব্যক্তিগত জীৱনেও। তেওঁৰ প্ৰেয়সী কোন অথবা তেওঁ কাৰ লগত ফুৰিবলৈ গৈছে নাইবা তেওঁ কেতিয়া বিবাহ পাশত আবদ্ধ হ’ব ইত্যাদি কথাবোৰ অভিনেতা গৰাকীৰ লগতে প্ৰত্যেকটো সময়তে জড়িত হৈ থাকে। আপোনালোকে জানে নে যে এই অভিনেতা গৰাকীৰ সৈতে বিয়া হ’বলৈ সাজ আছিল ৭ জনীকৈ অভিনেত্ৰী; কিন্তু কিছু কাৰণবশতঃ ছলমান খানে তেওঁলোকক নাকচ কৰে। সেইকেইজনী হ’ল-

ছলমান খানৰ বিবাহ প্ৰসংগঃ কিন্তু পূৰ্বতে নাকচ ৭ গৰাকী নাৰীক- 1

১. সংগীতা বিজলানীঃ

ওখ ভৰিৰ এই মহিলা গৰাকীয়ে ছলমান খানক যথেষ্ট প্ৰেম কৰিছিল। তেওঁলোকৰ বিবাহৰ চিঠিও চপোৱা হৈছিল কিন্তু ছলমানে এই বিবাহত অমান্তি জনায়।

২. চমী আলিঃ

অনুৰাগী হোৱাৰ লগতে এই অভিনেত্ৰী গৰাকী ছলমান খানৰ প্ৰেয়সী ৰূপত আছিল। চমীয়ে দুয়োৰে প্ৰেমক নাম দিব বিচাৰিছিল যদিও ছলমানে মানা কৰে আৰু অভিনেত্ৰী গৰাকীক নিজ জীৱনত আগবাঢ়িবলৈ কয়।

৩.ঐশ্বৰ্য্য ৰায়ঃ

ঐশ্বৰ্য্য ৰায় লগতে ছলমান খানৰ প্ৰেমে বলীউডতো লাভ কৰিছিল চৰ্চা কিন্তু ছলমানে তেওঁৰ পুৰণা অভিজ্ঞতা সমূহৰ বাবদ ঐশ্বৰ্য্যক বিশ্বাস কৰিব পৰা নাছিল। তেওঁলোকৰ এই সম্পৰ্কটোৱে বাতৰিৰ শিৰোনামো দখল কৰিছিল।

৪.কেটৰিণা কাইফঃ

কেটৰিণাক বলীউড ক্ষেত্ৰখনলৈ লৈয়ে আনিছিল ছলমান খানে। ডাঙৰ ডাঙৰ পৰিচালকৰ সৈতেও কেটৰিণাক পৰিচয় কৰোৱাই দিছিল ছলমান খানেই। কিন্তু অভিনেত্ৰী গৰাকীক ছলমানে এবাৰ ৰণৱীৰৰ সৈতে কথা পতা নিজ চকুৰে দেখি গৈছিল ফলত কেটৰিণাক ছলমানে চিৰদিনৰ বাবে “না” কৈছিল।

৫. জেৰিণ খানঃ

ৱীৰ” ৰ সফলতাৰ পিছত উক্ত অভিনেত্ৰী গৰাকীক ছলমান খানে মুম্বাইত দিছিল 3BHK ফ্লেট। কিন্তু, ছলমান খানে বহুত ভালদৰে জানে কোনো কি বিচাৰে! নহয়নে?

৬.ডেইজী শ্বাহঃ

এই অভিনেত্ৰী গৰাকীয়ে ছলমান খানক নিজৰ সংগ্ৰামৰ দিনৰ পৰাই জানিছিল। “বডিগাৰ্ড” ত ছলমানে তেওঁঁক কৰীণাৰ বান্ধৱীৰ চৰিত্ৰটো দিছিল যদিও অভিনেত্ৰী গৰাকীয়ে তাক নাকচ কৰিছিল। ইয়াৰ পিছত অভিনেত্ৰী গৰাকীয়ে “জয় হ” ত ছলমানৰ সৈতে মূখ্য নায়িকাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা পাইছিল। খবৰ আহিছিল যে, দুয়ো এটা গহীন সম্পৰ্কত আছিল কিন্তু ছলমান “কমিটমেন্ট”ৰ পৰা দূৰত আছিল।

৭. ইউলিয়া বন্তূৰঃ

ছলমান খানৰ সৈতে চিনাকী হোৱাৰ উপৰিও তেওঁ ছলমানৰ পৰিয়ালৰ লগতো চিনাকী হৈছিল। জনপ্ৰিয় অভিনেতা গৰাকী লগত এই ৰোমান মহিলা গৰাকীয়ে সংসাৰ তৰিব বিছাৰিছিল যদিও ছলমানে নাকচ কৰি দিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform