Rupaliparda.com
হ'ল নেকি "এংগগেজমেণ্ট" বিকি কৌশল-কেটৰিণা কাইফৰ? 1

হ’ল নেকি “এংগগেজমেণ্ট” বিকি কৌশল-কেটৰিণা কাইফৰ?

বিকি কৌশল আৰু কেটৰিণা কাইফে নিজৰ সম্পৰ্কটোক লৈ সদায় মিডিয়াৰ পৰা লুকা-ভাকু খেলি থকা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ সম্পৰ্কটোক লৈ কোনোধৰণৰ আনুষ্ঠানিক স্পষ্টীকৰণ বৰ্তমানেও নাই অহা যদিও খবৰ আহিছে যে উক্ত প্ৰেমিকদ্বয়ে লুকাইয়ে নিজৰ “এংগেজমেন্ট” কৰি পেলাইছে। এই খবৰৰ পিছত তাৰকা দুগৰাকী অনুৰাগী উৎসাহিত হোৱাৰ লগতে আচৰিতো হৈ পৰিছে। শেহতীয়াকৈ এওঁলোকক “শ্বেৰছাহ” ৰ ক্ৰীণিঙত দেখিবলৈ পোৱা গৈছিল। কেটৰিণা কাইফ আৰু বিকি কৌশলৰ “এংগেজমেণ্ট” ৰ খবৰ লাভ কৰা গৈছে যদিও এতিয়ালৈ দুয়োটা দিশৰ পৰা ঘোষণা অহা নাই। কিন্তু এইখিনিতে, চচিয়েল মিডিয়াত আন এটা বিষয়েহে লাভ কৰিছে চৰ্চা, কেটৰিণা কাইফ আৰু বিকি কৌশলে সম্পৰ্কক নাম দিছে বুলি জানিবলৈ পাই অভিনেতা ছলমান খানলৈ সমবেদনা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। অভিনেতা গৰাকীক দুখ নকৰিবলৈ কৈছে বিভিন্ন জনে।

হ'ল নেকি "এংগগেজমেণ্ট" বিকি কৌশল-কেটৰিণা কাইফৰ? 2


উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে কেটৰিণা কাইফ আৰু বিকি কৌশলৰ ফেন ক্লাৱে ধাৰণা কৰিছিল যে তাৰকাদ্বয়ে একেলগে নতুন বছৰ উদযাপন কৰিছে। দুয়োয়ে একেলগে কোনো ফটো আপলোড কৰা নাছিল যদিও একেধৰণৰ ঠাইৰ পৰা ফটো আপলোড কৰাৰ বাবেই ফেন ক্লাৱে এনে ধাৰণা কৰিছিল। কিন্তু পিছলৈ, এই সম্পূৰ্ণ কথাক সত্য প্ৰমাণিত কৰি কেটৰিণাই এখন ফটো আপলোড কৰে য’ত ভুলক্ৰমে আহি যায় বিকি কৌশল; অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা কিছু মূহুৰ্ত পিছতেই ফটোখন ডিলিট কৰি দিয়ে যদিও সেই সময়লৈ তেওঁৰ ফটো খন ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। কেটৰিণা কাইফ আৰু বিকি কৌশলৰ সম্পৰ্কৰ চৰ্চা বিগত ২ টা বছৰৰ পৰা অবিৰত ভাৱে চলি আহিছে। এই সম্পৰ্কত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কোনো ধৰণৰ মোহৰ লগোৱা নাই যদিও তেওঁলোকৰ সম্পৰ্কক লৈ উৎসাহী অনুৰাগী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.